খবিৰ আহমেদ
অধ্যয়নৰ প্ৰতি অনীহাঃ জাতিৰ বাবে অশনি সংকেত/ খবিৰ আহমেদ সম্প্ৰতি লেখক আৰু প্ৰকাশিত গ্ৰন্থৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু গ্ৰন্থৰ সংখ্যা বৃদ্ধিৰ অনুপাতে চিৰিয়াচ পাঠকৰ সংখ্যা বৃদ্ধি পোৱা নাই। বৰং অধ্যয়নৰ প্ৰতি অনীহা দিনে দিনে বৃদ্ধি পাইছে। অধ্যয়নৰ প্ৰতি এই অনীহাই সমাজৰ সৰ্বস্তৰৰ মানুহকেই চুই গৈছে। ক্ৰমবৰ্ধমান এই অনীহা জাতিটোৰ বাবে এক অশনি সংকেত।
অধ্যয়নৰ প্ৰতি মানুহৰ এই ক্ৰমবৰ্ধমান অনীহাৰ কাৰণ কেবাটাও আছে। সেইবোৰৰ মাজত হৈছে অত্যাধিক ব্যক্তিকেন্দ্ৰিকতা আৰু বৈদ্যুতিন উপাদান সমূহৰ সৰ্বগ্ৰাসী আক্ৰমন। অৱশ্যে ইয়াৰ লগত একাংশ উচ্চ শিক্ষিত মানুহৰ ভোগবাদী মানসিকতাকো সামৰি লব লাগিব। বৰ্তমান সময়ত মানুহবোৰ মাত্ৰাধিক পৰিমানণে ব্যক্তি কেন্দ্ৰীক হৈ পৰিছে। তেওঁলোকে কেৱল ‘মই’, আৰু ‘মোৰ’ (Me, my, mine and myself)ৰ বাহিৰে একোকেই ভাবিব নোৱাৰে। আধুনিক জীৱন যাত্ৰা অতিশয় জটিল হৈ পৰা কাৰণে অধিকাংশ সময় মানুহে সুচল জীৱন যাপনৰ উপাদান সমূহ আহৰণ কৰোতেই ব্যস্ত থাকে। এই শ্ৰেণীৰ মানুহৰ মতে তেওঁলোকৰ হাতত গ্ৰন্থ অধ্যয়নৰ বাবে সময় একেবাৰেই নাই। দ্বিতীয়তে, ইলেক্ট্ৰনিক বিপ্লবে সৃষ্টি কৰা ই-গ্ৰন্থ হৈ পৰিছে প্ৰচলিত গ্ৰন্থৰ প্ৰতি এক বিৰাট প্ৰত্যাহ্বান। ই-গ্ৰন্থৰ জনপ্ৰিয়তা আৰু সহজলভ্যতাই প্ৰচলিত গ্ৰন্থৰ ধাৰণাক প্ৰায় থানবান কৰি পেলাইছে। কিন্তু কম্পিউটাৰ ছেভি একাংশ যুবক যুবতীয়ে ই গ্ৰন্থক আকোৱালি লৈছে যদিও এক বৃহৎ সংখ্যক পাঠক ইয়াৰ লগত এতিয়ালৈকে একাত্ম হ’ব পৰা নাই। ইয়াৰোপৰি, মানৱ সভ্যতাৰ গুণ গৰিমা আৰু প্ৰজ্ঞা বহনকাৰী পৃথিবীৰ ধ্ৰূপদী সাহিত্যবোৰ ই-গ্ৰন্থ আকাৰে পাবলৈ এতিয়াও বিৰল।
সম্প্ৰতি অতিকৈ সুলভ হৈ পৰা বৈদ্যুতিন উপাদান সমূহে পৃথিবীত অভূতপূৰ্ব পৰিবৰ্তন আনিছে। কোৱা বাহুল্য যে ইয়ে মানুহৰ দৈনন্দিন জীৱন যাত্ৰা বহুল পৰিমাণে সুচল কৰিও দিছে। কিন্তু সকলো বস্তুৰেই ভাল-বেয়া দুটা দিশ থকাৰ দৰে এই বৈদ্যুতিন উপাদান সমূহৰো দুটা দিশ আছে। ইতিমধ্যে, ইয়াৰ বেয়া দিশটোৱে স্কুলীয়া ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি আবাল-বৃদ্ধ-বণিতালৈকে সকলো শ্ৰেণীৰ মানুহকেই অক্টোপাছৰ নিচিনা ঘেৰি ধৰিছে। টেলিভিজন, ইন্টাৰনেট, ভিডিঅ’ গেম আৰু বিশেষকৈ এন্ড্ৰয়েড মোবাইল ফোনে দেশৰ অধিকাংশ মানুহকেই দিন-ৰাতিৰ অধিকাংশ সময়তেই এটা ভুৱা ব্যস্ততাৰ মাজত আবদ্ধ কৰি ৰাখিছে। এই প্ৰবণতাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ কৰিছে দেশৰ ভবিস্যত যুবক যুবতী সকল। গুগ্ল যেন সিহঁতৰ বাবে সকলো সমস্যা সমাধানৰ সহজতম পথ। কোনো প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালে গুগ্ল চাৰ্চ কৰিলেই লেঠা শেষ। সেয়েহে, সকলোৱে শ্ৰেণী কোঠাৰ গুৰুক পাহৰি গৈ গুগ্ল গুৰুৰ শৰণাপন্ন হৈ পৰিছে। বহুতৰ বাবে আকৌ হকে বিহকে দিনটোৰ বেছিভাগ সময়তেই নেট চাৰ্চ কৰি থকাটো এটা নিচাত পৰিণত হৈছে। এনেদৰে বৈদ্যুতিন মাধ্যমৰ মাত্ৰাধিক ব্যৱহাৰে যে কেৱল মানুহৰ সময়ৰ অপচয় হৈছে তেনে কথা নহয়, এইবোৰৰ অতিচাৰে তেওঁলোকৰ পঠন অভ্যাস হ্ৰাস কৰি আনি আছে। মানুহৰ পঠন অভ্যাস কেবল হ্ৰাস পোৱাই নহয়, হ্ৰাসৰ মাত্ৰাও বাঢ়ি গৈছে দিনে দিনে। পঠন অভ্যাস নোহোৱা হৈ যোৱাৰ লগে লগে লাহে লাহে মানুহৰ চিন্তা শক্তি আৰু ‘ধি’ শক্তিও কমি আহে। এনে ধৰণৰ প্ৰবণতাই বিয়োগাত্মক প্ৰভাব পেলাইছে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো। সাহিত্য, সংস্কৃতি, বিজ্ঞান আৰু দৰ্শনৰ জগতখনে যেন আগন্তুক প্ৰজন্মক আকৰ্ষিত কৰিব পৰা নাই। সেয়েহে নতুন প্ৰজন্মৰ মাজত সাহিত্যৰ চিন্তা আৰু চৰ্চা দ্ৰূত গতিত কমি আহিছে। ইতিমধ্যে এইবোৰ বিষয় লৈ বিশ্বৰ বিদ্বৎ সমাজ চিন্তিত হৈ পৰিছে। তেনেহ’লে পৃথিবীখন কি লাহে লাহে চিন্তা শক্তি হেৰাই পেলোৱা মানুহেৰে ভৰি পৰিব নেকি? চিন্তা শক্তি হেৰাই গ’লে মানুহতো মানুহ হৈ নাথাকিব। কিয়নো সামাজিক জীৱ হোৱাৰ লগে লগে মানুহ এবিধ চিন্তাশীল প্ৰাণীও হয় (Man is a social animal as well as a thinking animal). বিখ্যাত দাৰ্শনিক ডেকাৰ্টে কৈছিলঃ ‘I think, therefore, I am’. মই চিন্তা কৰো কাৰণেই মোৰ অস্তিত্ব আছে।’ এসমত কোন শ্ৰেণীৰ মানুহে আটাইতকৈ অধিক গ্ৰন্থ ক্ৰয় কৰি পঢ়ে? এসময়ত পানবজাৰৰ গ্ৰন্থ বিপণিবোৰত গ্ৰন্থ ক্ৰয়ৰ ওপৰত এটা ছাৰ্ভে চলোৱা হৈছিল। তাত দেখা গৈছিল যে সেই গ্ৰন্থ বিপণি বোৰৰ পৰা আটাইতকৈ বেচি গ্ৰন্থ ক্ৰয় কৰে মিলিটাৰী অফিছাৰ সকলে। দ্বিতীয় স্থানত আছিল ব্যবসায়ী সকল, তৃতীয় স্থানত আছিল ৰাজনৈতিক নেতা সকল আৰু একেবাৰে শেষত চতুৰ্থ স্থানত আছিল শিক্ষক সকল। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ একাংশ শিক্ষক সকলে যেতিয়া কয় যে কিতাপ পঢ়া আৰু লিখা মেলা কৰাৰ কাৰণে তেওঁলোকৰ হাতত সময় একেবাৰেই নাই, তেতিয়া আমাৰ নিজৰেই লাজ লাগে। এনেকুৱাও দেখা গৈছে যে দুই-আঢ়ৈ লাখ টকা মাহিলী দৰমহা পোৱা মহাবিদ্যালয়ৰ একাংশ শিক্ষক সকলেও কিতাপ কিনি পঢ়াতো দূৰৰেই কথা, আনকি পকেটৰ পইচা খৰচ কৰি দুই এখন বাতৰি কাকত বা আলোচনী কিনি পঢ়াৰ ইচ্ছাও প্ৰকাশ নকৰে। অথচ এই শ্ৰেণীৰ মানুহে দুইবেলা ৰৌ মাছৰ মূৰ আৰু মুৰ্গীৰ ঠেং চোবাই চোবাই ঢেৰ পইচা পাতি খৰচ কৰে। এওঁলোকৰ বহুতৰে জ্ঞান গৰিমাৰ ভৰাল পাঠ্য পুথিতেই সীমাবদ্ধ থাকে। খুউব বেচি তেওঁলোকে দুই এখন পেন-পেনীয়া প্ৰেমৰ উপন্যাস, ডিটেকটিভ্ উপন্যাস নহলেবা লঘু হাস্যৰসৰ দুই এখন কিতাপ পঢ়িয়েই জ্ঞান-পিপাসাৰ সামৰণি মাৰে। সম্প্ৰতি সেই ডিটেক্টিভ উপন্যাস আৰু লঘু কমেডিবোৰৰ স্থান লৈছে এন্ড্ৰয়েড মোবাইল ফোনে। প্ৰচলিত গ্ৰন্থ অধ্যয়নৰ বিপৰীতে বৈদ্যুতিন উপাদান সমূহৰ প্ৰতি মানুহ কিয় ইমান অধিক আকৃষ্ট হৈ পৰে সেই কথাটো বুজাৰ কাৰণে চেষ্টা কৰোঁ আহক। গ্ৰন্থ অধ্যয়ন কাৰ্যটো হৈছে এটা অভ্যাস। পৰিশ্ৰমৰ জড়িয়তে ক্ৰমে ক্ৰমে মানুহে এই অভ্যাস গঢ়ি তুলিব লাগে। দ্বিতীয়তে, অধ্যয়ন কাৰ্যটো হৈছে এটা শাৰিৰীক-মানসিক অনুশীলন (physio-psychological exercise). গ্ৰন্থ অধ্যয়নৰ কাৰণে মানুহৰ শৰীৰ আৰু মগজুৰ সক্ৰিয় অংশ গ্ৰহণৰ প্ৰয়োজন হয়। আচলতে পঢ়া কামটো মানুহ এজনৰ বাবে এটা ক্ৰমবর্ধমান সামৰ্থ আৰু ই নিৰ্ভৰ কৰে মানুহজনৰ শিক্ষা আৰু অনুশীলনৰ ওপৰত। মানুহে অধ্যয়ন আৰুঅনুশীলনৰ জড়িয়তে এই অৰ্হতা আহৰণ কৰিব লাগে। তাৰ বিপৰীতে প্ৰায়বোৰ ইলেক্ট্ৰনিক মাধ্যম যেনে—টেলিভিজন, ইন্টাৰনেট, ভিডিঅ’ গেম, ভিডিও ৰেকৰ্ডিং আৰু ৰেডিঅ’ৰ দৰ্শক অথবা শ্ৰোতাৰ ক্ষেত্ৰত তেনেকুৱা কোনো চৰ্ত নাথাকে আৰু দৰ্শক শ্ৰোতাৰ অংশ গ্ৰহণো তাত সক্ৰিয় হোৱাৰ প্ৰয়োজন নাই। আনকি যিবোৰ ইলেক্ট্ৰনিক মাধ্যমত পাৰস্পৰিক অংশগ্ৰহণৰ প্ৰয়োজন হয়, যেনে—ভিডিঅ’ গেম, ইন্টাৰনেট আদি, তাতো খুউব বেছি মনযোগ নোহোৱাকৈ তাৎক্ষনিক আনন্দ লাভ কৰিব পাৰি। গ্ৰন্থ অধ্যয়নৰ প্ৰতি বাঢ়ি অহা মানুহৰ এই অনীহাই পৃথিবীৰ উন্নত দেশ সমূহক ভীষণ ভাবে চিন্তিত কৰি তুলিছে। এই বিপদৰ পৰা হাত সাৰিব পৰা নাই পৃথিবীৰ আটাইতকৈ উন্নত ইউৰোপ আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দেশবোৰো। এটা সমীক্ষাৰ পৰা দেখা গৈছে যে অধ্যয়নৰ প্ৰতি গঢ়ি উঠা অনীহাৰ কাৰণেই আমেৰিকাবাসীৰ এই বৌদ্ধিক সামৰ্থ আৰু সামাজিক সামৰ্থ বহু পৰিমাণে হ্ৰাস পাই আহিছে। মানুহৰ পঠন অভ্যাস নিৰ্ভৰ কৰে কিছুমান সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিক কাৰকৰ ওপৰত। সময়
পাৰ হোৱাৰ লগে লগে এই কাৰকবোৰ সলনি হৈছে আৰু সেয়ে সলনি হৈছে মানুহৰ পঠন অভ্যাস। অনুসন্ধানকাৰী সংস্থাটোৱে এনে সিদ্ধান্তত উপনীত হৈছে যে, বেছি সংখ্যক আমেৰিকা বাসীয়ে এই সামৰ্থ হেৰুওৱা মানে জ্ঞানী, সক্ৰিয় আৰু স্বাধীন মনা মানুহৰ পৰা দেশখন দুখীয়া হোৱা। এখন মুক্ত, নতুনত্বৰ সন্ধানী, প্ৰগতিশীল আৰু সৃষ্টিশীল সমাজে এই গুণবোৰ হেৰুওৱাটো নিবিচাৰে।
এই কথাষাৰৰ সত্যতা যদি আমি ভাৰত তথা অসমৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰি চাওঁ তেনেহলে দেখা পাম যে আমাৰ ইয়াত পঠন অভ্যাস কেৱল নিম্নগামী হোৱাই নহয়, ই বহুল পৰিমাণে বিপথেও পৰিচালিত হৈছে। ইন্টাৰনেট আৰু ইলেক্ট্ৰনিক মাধ্যমবোৰৰ অপব্যৱহাৰে আমাৰ সভ্যতা-সংস্কৃতিক আনি এটা ডাঙৰ প্ৰশ্নৰ সন্মূখত থিয় কৰাইছে। অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু যুব প্ৰজন্মই কষ্টকৰ, আমনিদায়ক আৰু সময় সাপেক্ষ গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ বিপৰীতে কম্পিউটাৰৰ সন্মুখত বহি ঘন্টাৰ পিছত ঘন্টা ভিডিঅ’ গেম খেলি আৰু ইন্টাৰনেট চাই সময় পাৰ কৰে। অথচ তথ্য আৰু প্ৰযুক্তি বিদ্যাতোযে
[ লেখকৰ ফোন নম্বৰ 9954033111 ]