Home অসম ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে সম্পূৰ্ণ কৰা হ’ব দ্বিতীয় পালি ভেকচিন: ৰাজ্যত জাৰি নহয়...

১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে সম্পূৰ্ণ কৰা হ’ব দ্বিতীয় পালি ভেকচিন: ৰাজ্যত জাৰি নহয় ক’ভিডক লৈ নতুন এছ অ’ পি, স্পষ্টভাৱে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

141
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ জানুৱাৰী;
আজিৰ কেবিনেটত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈয়ো গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়৷ ৰাজ্যত ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পোৱা ক’ভিড ৰোগীৰ সংখ্যাক লৈয়ো কেবিনেটত আলোচনা হয় যদিও নতুনকৈ কোনো প্ৰতিবন্ধকতা অনাৰ পৰা বিৰত থাকে ৰাজ্য চৰকাৰ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক’ভিড সন্দৰ্ভত কেবিনেটত বিস্তৃত আলোচনা কৰা হৈছে৷ হস্পিটালত এতিয়ালৈকে বিছনাৰ অভাৱ ঘটা নাই৷ বিছনাৰ অভাৱ ঘটিলেই নতুনকৈ প্ৰতিবন্ধকতা অনা হ’ব৷ পূৰ্বৰ এছঅ’পি অনুসৰিয়েই ৰাজ্য চলি থাকিব৷ ক’ভিড আক্ৰান্ত চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে সুস্থ হোৱাৰ সাত দিনৰ পিছত অৰ্থাৎ আঠ দিনৰ দিনা কামত যোগ দিব লাগিব৷ ইপিনে, ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে ক’ভিডৰ দ্বিতীয় ড’জ দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here