Home অসম আকাশলংঘী মূল্যবৃদ্ধিত কক্‌বকাইছে ৰাজ্যবাসী: পুনৰ মিঠাতেলত ১০-৩০ টকা মূল্যবৃদ্ধি, বিস্কুটত ৫-১০ টকা,...

আকাশলংঘী মূল্যবৃদ্ধিত কক্‌বকাইছে ৰাজ্যবাসী: পুনৰ মিঠাতেলত ১০-৩০ টকা মূল্যবৃদ্ধি, বিস্কুটত ৫-১০ টকা, ঈদৰ বজাৰত মূৰে-কপালে হাত সাধাৰণ জনতাৰ

139
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ মে’ ঃ ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি ঘটাত সৰ্বসাধাৰণ জনতাৰ অৱস্থা একপ্ৰকাৰে শোচনীয় হৈ পৰিছে৷ কালি বাণিজ্যিক ব্যৱহাৰযোগ্য ৰন্ধন গেছত ১০২.৫০ টকা বৃদ্ধি ঘটোৱাৰ পিছত অন্যান্য সামগ্ৰীতো দাম বৃদ্ধি ঘটিছে৷ ফলত ৰাজ্যবাসীয়ে মূৰে-কপালে হাত দিবলগীয়াত পৰিছে৷ পেট্ৰ’ল প্ৰতিলিটাৰত ১০৫-১০৬ টকা মূল্যত ক্ৰয় কৰা ৰাজ্যবাসীয়ে এতিয়া সাধাৰণ বিস্কুটৰ পেকেটৰ বাবেও গাঁথিৰ ধন ভাঙিব লাগিব৷ আনহাতে, ইন্ধনৰ মূল্যবৃদ্ধি ঘটাত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ ব্যয় বৃদ্ধি ঘটাৰ ফলত বজাৰতো ব্যাপক মূল্যবৃদ্ধি ঘটা পৰিলক্ষিত হৈছে৷ আজি ঈদৰ বাবে বজাৰ কৰিবলৈ গৈ বহুতেই দাম দেখি হতভম্ব হ’বলগীয়াত পৰিছে৷ লক্ষণীয় যে পুনৰ মিঠাতেলত ১০ টকাৰ পৰা ৩০ টকালৈ মূল্যবৃদ্ধি ঘটিছে৷ ব্ৰেণ্ড অনুযায়ী মিঠাতেলত মূল্যবৃদ্ধি ঘটিছে৷ ফলত এতিয়া গৃহিণীসকলে পাকঘৰ কেনেকৈ চলাব সেয়া চিন্তা কৰিবলগীয়াত পৰিছে৷ অকল মিঠাতেলেই নহয়, পাকঘৰৰ আন এক সামগ্ৰী হৈছে বিস্কুট৷ প্ৰতি পেকেট বিস্কুটত ৫ -১০ টকালৈ মূল্যবৃদ্ধি ঘটিছে৷ একেদৰে বিকাজী ভুজিয়াৰো দাম বৃদ্ধি ঘটা পৰিলক্ষিত হৈছে প্ৰতি পেকেট বিকাজী ভুজিয়াত প্ত টকাকৈ মূল্যবৃদ্ধি ঘটিছে৷ আনহাতে বজাৰত উপলব্ধ বিভিন্ন ব্ৰেণ্ডৰ দহটকীয়া কেক এতিয়াৰে পৰা প্ত টকা অতিৰিক্ত ধন দি ক্ৰয় কৰিব লাগিব ৰাজ্যবাসীয়ে৷ এতিয়াৰে পৰা দহটকীয়া কেক্‌ পোন্ধৰ টকাত কিনিব লাগিব৷ একেদৰে গৃহিণীৰ বাবে অতি প্ৰয়োজনীয় ডিটাৰজেনতো মূল্যবৃদ্ধি ঘটিছে৷ প্ৰতি পেকেট ডিটাৰজেনত পাঁচ টকাকৈ মূল্যবৃদ্ধি ঘটিছে৷ এনে অৱস্থাত সৰ্বসাধাৰণ ৰাইজে চকুৰে সৰিয়হৰ ফুল দেখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here