Home মতামত জীৱন বীক্ষণ- : ভৰিৰ তলৰ মাটি

জীৱন বীক্ষণ- : ভৰিৰ তলৰ মাটি

333
0

কেৰামত আলী শ্বেখ                                

কালাম ভাই মানুহজন কেতিয়া কেনে মেজাজত থাকে ধৰিবই নোৱাৰি। তেওঁ তুষ্ট নে ৰুষ্ট সেয়াও বুজি পোৱা মস্কিল। আচলতে জীৱনৰ নানা তিতা কেঁহাই মানুহজনক ব্যতি-ব্যস্ত কৰি ৰাখে। 

মাজে সময়ে তেওঁ মোৰ বহালৈ আহে। সাধাৰণতে কম কথা কোৱা মানুহজন কেতিয়াবা অকলশৰে আহে আৰু কিছু সময় প্ৰায় নীৰৱে অতিবাহিত কৰি গুচি যায়।  নিৰীহ নিপানী- নিঃজঞ্জাল মানুহজনৰ প্ৰতি মই বিশেষ আগ্ৰহ অনুভৱ কৰোঁ তেনে নহয়। পিছে কেইদিনমান তেওঁ নহাকৈ থাকিলে মনটোত কেনে জানো কিবা এটা অস্থিৰতাৰ উমান পাওঁ। তেওঁ আহিলে যথা ৰীতি দুই এক সঁহাৰি সূচক মাতৰ বাহিৰে মই নীৰৱ শ্ৰোতা। তেওঁ যে মোক ভাল পায় সেয়া ভাবিও মোৰ কিয় জানো ভালেই লাগে। তেওঁ মোক মাতে মানু বুলি। প্ৰথমৰ ফালে মৃদু প্ৰতিবাদ কৰিছিলোঁ- ‘কালাম ভাই, মোৰ নাম আমিনহে-  মানু নহয়।‘ 

তেওঁৰ উত্তৰ আছিল- ‘মানবেন্দ্ৰ নামৰ আমাৰ এজন বন্ধু আছিল। আমি বন্ধুবোৰে তাক ঘৰুৱা নামেৰে মাতিছিলোঁ মানু বুলি। চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে আমি একে লগে পঢ়িছিলোঁ। তাৰ পিছত বন বিভাগত কাম কৰা তাৰ দেউতাকৰ বদলি হোৱাত সিহঁত গুচি গৈছিল। আমি নৱম শ্ৰেণীত পঢ়ি থাকোঁতে তাৰ মৃত্যুৰ খবৰ আহিছিল। দুদিনৰ জ্বৰতে হেনো চোকা বুদ্ধিদীপ্ত তজবজীয়া ল’ৰাটো গুচি গ’লগৈ। আমি বন্ধুবোৰে বৰ দুখ পাইছিলোঁ। তোমাক দেখি নাজানো কিয় মানুৰ কথা মনলৈ আহে…’ 

অলপ অস্বস্তি বোধে ক্ৰিয়া কৰিলেও মানুহজনৰ বন্ধু বাৎসল্য় সমৃতিৰ প্ৰতি ময়ো শ্ৰদ্ধাশীল হৈছিলোঁ।  

সাধাৰণতে নীৰৱ কালাম ভাই মানুহজন হঠাতে কেতিয়াবা কোনোবা দিনা  অৱশ্যে প্ৰলগভ হৈ উঠে। তেওঁৰ বক্তব্যৰ প্ৰতি মই সমৰ্থন দিছোঁ নে নাই- সেয়াও তেওঁৰ জ্ঞাতব্য বিষয় নহয়। মই জানোঁ- তেওঁৰ মনলৈ অহা ভাৱনাবোৰ আঁৰ বেৰৰ বাধা নোহোৱাকৈ ব্যক্ত কৰিবলৈ পালে তেওঁ সকাহ অনুভৱ কৰে। সিদিনাও তেওঁ কথাৰ লাচতে আৰম্ভ কৰিলে- 

বুজি পালা মানু, ঊনৈশ শ ছয়সত্তৰ চনত মেট্ৰিক পাছ কৰিবলগীয়াটোৱে মাজতে পঢ়া শুনা বাদ দি- ফেইল কৰি লটি ঘটি খাই ঊনৈশ শ ঊনাশী চনত পাছ কৰিলোঁ। দ্বিতীয় বিভাগটো পালোঁ। বি এছচি শিক্ষক দেখি নোপোৱা ভেঞ্চাৰ স্কুল। বিপাঙত পৰি আৰ্টচৰ ছাৰে অংক শিকাইছিল। সেয়া যে কেনে তেওঁৰ বিব্ৰতৰ অৱস্থা! আমি গাধাবোৰে চাৰৰ প্ৰতি সহানুভূতিশীল হৈ অনানুষ্ঠানিক সিদ্ধান্তলৈ আহিলোঁ- লাগিলে আমি যেনিবা অংক বাৰু নিশিকিলোৱেই, ক্লাচ ল’বলৈ আহি ঘামি জামি ক্লান্ত হোৱা চাৰক সকাহত থাকিলৈ দিয়া হওঁক। তাৰ মাজতো আমাৰ ত্ৰিশ জনীয়া বেট্চৰ দুটাই অংকত গ্ৰেচত পাছ নম্বৰ কেইটা নোপোৱাকৈ থকা নাছিল। অংকত পাছ কৰা মানেইতো জপনাৰ সিপাৰ হোৱা।  চাৰৰো ভেঞ্চাৰ চাকৰি বাহাল থাকিছিল।

গৌৰৱেৰে ক’ব পাৰোঁ যে- অংকত বৰ বেয়া ধৰণে ফেইল মাৰিলেও প্ৰথম, দ্বিতীয়, তৃতীয় বিভাগৰ পাৰ্থক্য বুজিব পৰা হিচাপখিনি জানিছিলোঁ। কিন্তু তাৰ গুৰুত্ব বুজি পোৱা নাছিলোঁ। অভিভাৱক-শিক্ষক কোনোৱে আমাৰ প্ৰতি বৰ মন কাণ কৰিছিল বুলি আমাৰ মনে নধৰে। আমাৰ প্ৰায়বোৰেই বিন্দাচ আছিলোঁ। বছৰি ফেইল কৰা সংখ্যা বাঢ়ি আহিছিল। আমিও বেচ উৎসাহেৰে হিচাপ মিলাইছিলোঁ- আৰু তিনিটা হ’লে প়ঞ্চাশটা হ’ম। 

আমাৰ ছয়সত্তৰৰ বেট্চৰ এইবোৰৰ পিছে তেতিয়া বাল্য বিবাহৰ মেৰ পেচ নথকা কালত বিয়া হৈ যোৱা কৃষ্ঞা-কল্পনা-আনোৱাৰা-আকাশীহঁতৰ পাঁচজনীমানৰ বাহিৰে প্ৰত্যেকে পিছলৈ এঢাপ এঢাপকৈ উন্নতি লাভ কৰিবলৈ সমৰ্থ হৈছিল। দুবাৰ তিনিবাৰ এনেকি চাৰিবাৰকৈ একেটা শ্ৰেণীৰে অপাৰ অভিজ্ঞতা লাভ কৰি তেওঁলোক বেচ পৰিপক্ক হৈ উঠিছিল। আজি দুহেজাৰ একৈছ  চনৰ প্ৰথম ভাগৰ সময়লৈকে আমাৰ প্ৰায় সকলোৱে প্ৰমাণ পত্ৰৰ বয়স ষাঠি বছৰ অতিক্ৰম কৰিলে। তাৰে দুই একে অৱশ্যে এতিয়াও চাকৰিত আছে। দুমাহমান পিছত তেওঁলোকৰো বয়স উকলিব। 

এনে লাগে যেন সৌ সিদিনাৰ কথা- আমি মেট্ৰিক ফেইল কৰিও ধিতিঙালি কৰি ফুৰিছিলোঁ। আমাৰ বাবে তেনেকৈ কোনেও চিৰিয়াছ হোৱা নাছিল। সেই আমিবোৰ সকলোৱে ক্ৰমে দায়িত্বশীল হ’লোঁ। নিজৰ ল’ৰা-ছোৱালীৰ প্ৰতি অত্যাধিক সচকিত হৈ পৰিলোঁ। কোনো কোনোৱে সামাজিক কাম কাজতো জড়িত হৈ পৰিলোঁ। কিছুমানে অৱশ্যে সেই তেতিয়াই সামাজিক কামত জড়িত নহৈ ৰ’ব পৰাৰ উপায় নাছিল। সুদীৰ্ঘ ছ বছৰীয়া অসম আন্দোলনৰ সময়খিনিত আমি আছিলোঁ উৎসাহী ডেকা-গাভৰু। বিশেষকৈ মজলীয়া আৰু গেধা মাৰ্কা ছাত্ৰবোৰেই সাধাৰণতে প্ৰত্যক্ষ সামাজিক কাম কাজত জড়িত থাকে। আমিও জড়িত হ’লোঁ ছাত্ৰ আন্দোলনৰ সৈতে। পোনতে একেটা মঞ্চতে- পিছলৈ আদৰ্শৰ টনা আঁজোৰাত বিভিন্ন মঞ্চত বিভক্ত হৈ। নিজৰ নিজৰ মতৰ সপক্ষে উষ্ঞ তৰ্ক-বিতৰ্ক, বাক বিতণ্ডাও কৰিলোঁ। এতিয়া পিছে অৱসৰী বয়সত প্ৰায় সকলো শান্ত। যেন অল কোৱাইট ইন দ্য় ৱেষ্টাৰ্ণ ফ্ৰণ্ট। দুজনমানে ইতিমধ্য়ে গুচিও গৈছে চিৰ অজানাৰ বাট বাই। 

হয় বাৰু, মই দ্বিতীয় বিভাগত মেট্ৰিক পাছ কৰি এক সমস্য়াৰেই সন্মুখীন হ’লোঁ। দ্বিতীয় বিভাগত পাছ কৰিলেও তেতিয়া সাধাৰণ ছাত্ৰ বৃত্তি দিয়া হৈছিল। কিছুমান সম্প্ৰদায় বা জনগোষ্ঠীৰ ধনী-দৰিদ্ৰ নিৰ্বিশেষে সকলো ছাত্ৰ-ছাত্ৰীয়ে  বিশেষ  ছাত্ৰ বৃত্তি পাইছিল। নেজানোঁ ব্যৱস্থাবোৰ কিহৰ ভিত্তিত বিভাজিত কৰা হৈছিল- সাধাৰণ শ্ৰেণীৰ লোক হত দৰিদ্ৰ হ’লেও অনেক সা সুবিধাৰ পৰা বঞ্চিত হয়নো কিয় তাৰ কোনো সদুত্তৰ পাবলৈ নাছিল। মোৰ এজন  ব্ৰাহ্মণ বন্ধু- আৰ্থিক অৱস্থা তেনেই শোচনীয়। সাহিত্য়-সংস্কৃতিত বিশেষ ৰাপ থকা সত্বেও আৰ্থিক অসুবিধাৰ বাবে হতাশাত ভুগিবলগীয়াত পৰিছিল। বিশেষ শ্ৰেণীৰ নোহোৱা বাবে চৰকাৰী কোনো আঁচনিৰো সুবিধা পোৱা নাছিল।  ঘটনা ক্ৰমত দেখিছোঁ তাকে লৈ তেওঁ উৰহৰ খং ভগা ঢাৰিত জৰাৰ দৰে- বিশেষ কিছুমানলোকৰ সৈতে তৰ্ক-বিতৰ্কতো জড়িত হৈ ক্ষোভ উজাৰিব বিচাৰিছিল। 

    বন্ধুয়ে খং উজাৰিলেও মোৰ সেই উপায় নাছিল। মোৰ অসহায়তা মই হাড়ে হিমজুয়ে উপলব্ধি কৰিবলগীয়া হৈছিল। স্কলাৰশ্বিপ ফৰ্ম পূৰণ কৰিবলৈ মাটিৰ হাকিমৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন। তাৰ বাবে অভিভাৱকৰ নামত মিয়াদী মাটি থকা দৰকাৰ। 

 মই হতাশ হৈ হাত দাঙি দিছিলোঁ। আমি আছিলোঁ অনেকবাৰ খহনীয়াত সৰ্বস্বান্ত হোৱা-হত দৰিদ্ৰ পৰিয়ালৰ সন্তান। সততে হীনমন্য়তাই আমাক খুলি খুলি খাইছিল। অভিভাৱকৰ নামত মিয়াদী পট্টা মাটি থাকিব পাৰে সেয়া ভবাও টান। সেয়ে এই বিষয়ে আৰু ঘৰত আলোচনা আগ নবঢ়ালোঁ। অনাহকত মনোকষ্ট। বৃত্তিৰ পৰা বঞ্চিত হ’লোঁ। এটা চোলাৰ অভাৱত পৰীক্ষাত বহিব নোৱৰা ল’ৰাটোৱে সময়ত সেই টকা কেইটা পোৱাহেঁতেন কি হ’লহেঁতেন- সেয়া আৰু ভাবিবলৈ সত নেযায়। কিন্তু এই শোক যে এসময়ত দ্বিগুণ বিষাদত পৰিণত হ’ব ভাবিব পৰা নাছিলোঁ। 

এদিনাখন লগৰে ল’ৰা এটাই লগ ল’লে- সি পি আৰ চি উলিয়াব। মাটিৰ হাকিমৰ চহী ল’ব লাগে। সি কিটিপ মতে মাটিৰ মণ্ডলৰ সৈতে কথা পাতি তেওঁক সন্মত কৰি পেলালে। মণ্ডলে যেতিয়া মাটিৰ নথি পত্ৰখিনি উলিয়াবলৈ ল’লে মোৰ বুকু ভেদি হুমনিয়াহ ওলাই আহিল। আমাৰ দেউতাৰো যদি নাম মাটিৰ নথিত থাকিলেহেঁতেন! কিন্তু সেই অলীক কল্পনা কৰিনো কি লাভ?  মই মাথোঁ একান্ত মনেৰে মণ্ডলে ওলোটাই থকা পাতবোৰত লিখি থোৱা নামবোৰ চাই যাবলৈ ধৰিলোঁ। কেনে সৌভাগ্য়বান এইসকল মানুহৰ সতি-সন্ততি! বিচাৰিলেই তেওঁলোকে যেন পাই যাব পাৰে সৰগৰ চাবি কাঠি… আৰু বিশ্বাস কৰক, সঁচাকৈয়ে এটা অকল্পনীয় দৃশ্য় মোৰ চকুত ভাস্বৰ হৈ উঠিল। সেই মুহূৰ্তত মণ্ডলজনক এজন মহাপুৰুষ আৰু মোৰ লগৰ ল’ৰাজনক এজন দেৱদূত যেন ধাৰণা হ’ল। মই আনন্দত বিহ্বল হৈ পৰিম যেন লাগিল। দেউতা আৰু ককাহঁতক মই অফুৰন্ত ধন্য়বাদ দিলোঁ। মুহূৰ্তৰ এক ভগ্নাংশ সময়ৰ মাজতে মোৰ ভিতৰত অলেখ ভাৱনাই দোলা দি গ’ল। মইয়ো যে মানুহৰ শাৰীৰে এজন মানুহ তাকে ভাবি চকুপানী ওলাই আহিব খুজিলে। নিজকে সম্বৰণ কৰিলোঁ। কাকো জানিবলৈ নিদিলোঁ মোৰ মনৰ অপাৰ আৱেগৰ উত্তাল আনন্দৰ অনুভৱৰ বিষয়ে। মই গম পাইছিলোঁ- আন কাৰো বাবে মোৰ আৱেগৰ সৈতে একাকাৰ হোৱাৰ মানসিকতা হয়তো নাই। নাই থাকক বাৰু- এই অমূল্য় অনুভৱখিনি আপাততঃ মোৰ নিজৰ হৈয়ে। 

 হয়, মণ্ডলে ওলোট পালট কৰি থকা নথিত দেউতাৰ নাম দেখিবলৈ পালোঁ। হতচকিত দৃষ্টিৰে একে লগে বৰদেউতা, খুৰা আৰু ককাহঁতৰ কেবাজনৰো নাম দেখি আশ্বস্ত হ’লোঁ- মই ভুল দেখা নাই। 

   পিছত পি আৰ চিখন মইয়ো উলিয়াব পাৰিলোঁ। দুখ থাকি গ’ল- সময় উকলি যোৱা বাবে স্কলাৰশ্বিপ আৰু কৰিব পৰা নহ’ল। 

 তেতিয়াও ভাবিছিলোঁ আৰু এতিয়াও ভাবি ওৰ নেপাওঁ- আমাৰ ৰাজ্য়ৰ অলেখ মানুহ হত দৰিদ্ৰ-ভূমিহীন- তেওঁলোকৰ বাবে চৰকাৰী ৰঙা ফিটাৰ মেৰপাকবোৰ সহজ কৰা নহয় কিয়? অৰ্থনৈতিক ভাৱে আধা মৰা মানুহবোৰকে সামান্য় সা-সুবিধাবোৰৰ পৰাও বঞ্চিত কৰা হয় কিয়?

দৰিদ্ৰ মানুহবোৰ যে কিমান আত্মবিশ্বাসহীনতাত ভোগে- জীৱনৰ হীনতা-দীনতাই তেওঁলোকক যে কেনে জীৰ্ণতালৈ লৈ যায় সেয়া মোৰ জীৱনেৰে মই হাড়ে হিমজুয়ে উপলব্ধি কৰিছোঁ। উপলব্ধি কৰিছোঁ- দৰিদ্ৰ জীৱন এটাৰ উত্তৰণৰ বাবে আন আনুষংগিকতাৰ লগতে তাৰ মানসিকতা সবল কৰি তোলাৰ প্ৰক্ৰিয়াটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কাম।

মোৰ জন্মৰ প্ৰায় একে সময়তে ব্ৰহ্মপুত্ৰৰ খহনীয়াই দেউতাহঁতৰ মাটি ভেটি সৰ্বস্বান্ত কৰিছিল। দেউতাহঁতৰ ভাই-ককাই সকল সিঁচৰতি হৈ পৰিছিল। দৰিদ্ৰ সকলৰ আপোন জনেই পৰ হৈ পৰে। আমি সৰুৰে পৰাই আত্মীয় সকলৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ আছিলোঁ। যদিও মাথোঁ ত্ৰিছ চল্লিছ কিলোমিটাৰ দূৰত্বৰ ভিতৰতে আমাৰ বসবাস আছিল। দেউতাই হয়তো আমাক এসময়ৰ তেওঁলোকৰ আৰ্থিক স্বচ্ছলতাৰ কথা- সুখময় সু দিনৰ কথা কৈছিল। কিন্তু সেয়া বিশ্বাস কৰিবলৈকো টান লাগিছিল। লঘোনৰ পেটত সেয়া যেন তেওঁৰ ৰূপক কথাহে লাগিছিল। 

দেউতাৰ মিয়াদী মাটিৰ নথিত নাম আছিল- ইয়ালৈকে আমাৰ সান্ত্বনা। সেই মাটি আৰু নৈয়ে ওভতাই দিয়া নাছিল। আমি দেউতাৰ সন্তান সকল জীৱনৰ জটিলতাত দীৰ্ঘ দিনে ক’বলৈ গ’লে ভূমিহীন। এচিকূট মিয়াদী পট্টা মাটি কিনিবলৈ আমাৰ সুযোগ আৰু সামৰ্থ হোৱা নাই। ককা আৰু দেউতা আছিল ভূ সম্পত্তিৰ অধিকাৰী- সতি সন্ততি সকল কাৰ্যতঃ ভূমিহীন।  

ভূমিহীন-মাটি বিহীন মানুহ এজনেহে বুজি পায় ভৰিৰ তলত মাটি নোহোৱা কাক বোলে! 

লেখকৰ ফোন নম্বৰ :  ৭০০২৫৪১৬০৩

LEAVE A REPLY

Please enter your comment!
Please enter your name here