Home Main Stories অসমবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে কাম কৰিব যাব : অসম চৰকাৰৰ...

অসমবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে কাম কৰিব যাব : অসম চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্যমন্ত্ৰী

66
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মে’ ঃ অসম চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এখন বিশাল জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এবছৰ পূৰ্বে দ্বিতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যত চৰকাৰ গঠন কৰিছিল৷ যোৱা এটা বছৰে চৰকাৰখনে ৰিবলৈ ৰাজ্য চৰকাৰে ৰাইজৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুৱাই যোৱা আদৰ্শৰে আগুৱাই অসমখন এখন বৈভৱশালী ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিগত ৩৬৫ দিনেই অসম চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলে নিষ্ঠাৰে কাম কৰিছে৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰসুন্দৰে ধৰিব খুজিছে বিশ্বজনতা ৰূপগীতৰ কলি আওৰাই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰথম বৰ্ষপূৰ্তিত অসমবাসীক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে এখন অনা-কংগ্ৰেছী চৰকাৰ দ্বিতীয়বাৰৰ বাবে একেলেথাৰিয়ে শাসনলৈ আহিছে৷ ইয়াৰ বাবে তেওঁ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো শলাগ লয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দূৰদৰ্শী আৰু বলিষ্ঠ পদক্ষেপৰ বাবে আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি উভতি আহিছে৷ বড়ো শান্তি চুক্তি আৰু কাৰ্বি শান্তি চুক্তিৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপে ৰাজ্যৰ শান্তি আৰু আইন-শৃংখলাৰ পৰিৱেশ সুদৃঢ় কৰিছে৷ নব্বৈ দশকৰ পৰা বৰ্তি থকা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা সুৰক্ষিত কৰিলে, গৰুখুঁটি আৰু লামডিং আদিত প্ৰবল আত্মবিশ্বাসৰ পৰিচয় দিলে, সেইদৰে অনাগত দিনবোৰতো অসমবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে নিষ্ঠাৰে কাম কৰি যাব৷ ৰাজ্যলৈ উন্নয়নৰ গংগা বোৱাই অনাৰ দৃঢ় সংকল্পৰ কথা ব্যক্ত কৰি ৰাজ্য চৰকাৰে নিৰৱচ্ছিন্ন প্ৰয়াসৰ জৰিয়তে অসমখন ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ এখন হিচাপে নিৰ্মাণ কৰাৰ লগতে এখন বৈভৱশালী ৰাজ্য হিচাপে গঢ়ি তুলিব বুলি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়৷ আহিবলগীয়া প্ৰতিটো পল ৰাইজৰ বাবে উৎসৰ্গিত হ’ব বুলি আশ্বাস প্ৰদান কৰি ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰি যোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে সম্বোধন কৰা এই বিশাল জনসভাত কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ দ৫১১ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক তথা অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰা, বিটিআৰপ্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক আদি উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here