মাইনু মৰাণ, ডুমডুমা: ২৭ ডিচেম্বৰ : অসমৰ মৰাণ সকলৰ এগৰাকী সুদক্ষ অভিনেতা, পৰিচালক, অনাতাঁৰ শিল্পী প্রয়াত অচ্যুৎ চুতীয়াৰ সোঁৱৰণত সদৌ মৰাণ ছাত্ৰ সন্থাই তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰাজ্যিক একাংকিকা নাট প্ৰতিযোগিতা পূৰ্ণ গতিত চলিছে। তিনিচুকীয়াৰ গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজিৰ নাট প্ৰতিযোগিতা দ্বিতীয় অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক তথা বিশিষ্ট সাহিত্যিক, কবি ডঃ নন্দ সিং বৰকলাই উদ্বোধন কৰি সাম্প্ৰতিক সময়ত নাটকৰ প্ৰাসংগিকতা সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। আজি নটা নাট্য দলে নাট প্ৰদৰ্শন কৰে। নাট উদ্বোধনী অনুষ্ঠানত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, উপ সভাপতি দিলীপ মৰাণ, সাধাৰণ সম্পাদক মুনিন দুৱৰা, প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণ, উৱন সত্ৰৰ ডেকা অধিকাৰ বীৰেন মহন্ত, নাট উদযাপন সমিতিৰ শ্যাম সুন্দৰ খাউণ্ড, দাইমণ্ড পাটোৱাৰী আদি উপস্থিত আছিল।