Home অসম ৰাজ্যত নীতি বৰ্হিভূতভাৱে চলি আছে দুই সহস্ৰাধিক ইটাভাটা, শিলভঙা ক্ৰেচাৰ, চিমেণ্ট উদ্যোগ...

ৰাজ্যত নীতি বৰ্হিভূতভাৱে চলি আছে দুই সহস্ৰাধিক ইটাভাটা, শিলভঙা ক্ৰেচাৰ, চিমেণ্ট উদ্যোগ :কাণষাৰ নাই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ, কেৱল ব্যক্তিগত মুনাফা লাভৰ অংকত ব্যস্ত বিষয়া-কৰ্মচাৰী

186
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ আগষ্ট ঃ
অসমৰ চাৰিওফালে কৃষিভূমি, জনবসতিপূৰ্ণ অঞ্চল, প্ৰাকৃতিক আৰু ভৌগোলিকভাৱে সংৰক্ষিত এলেকাত নীতিবহিৰ্ভূতভাৱে ইটাভাতা, শিলভঙা ক্ৰেচাৰ মেচিন, কংক্ৰিট ব্লক, কোক কেলচিনেচন, চিমেণ্ট কাৰখানা আদি বিভিন্নধৰণৰ ভয়াৱহ প্ৰদূষণ সৃষ্টিকাৰী উদে্যাগ স্থাপন কৰি জনজীৱনলৈ তীব্ৰ ভাবুকি কিI.য়াই আনিছে৷ জনস্বাস্থ্য আৰু পাৰিপাশ্বিৰ্কতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা ব্যাপক প্ৰদূষণকাৰী উদে্যাগ-প্ৰতিষ্ঠানসমূহে সবৰ্সাধাৰণ ৰাইজৰ সামাজিক বাতাৱৰণ আৰু মৌলিক চৰ্তসমূহ সম্পূৰ্ণৰূপে উলংঘা কৰি অন্যায়ভাৱে কাম-কাজ চলাই থকাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি৷ আজি সংগঠনটোৰ গুৱাহাটীৰ গান্ধীবস্তিস্থিত কেন্দ্ৰীয় কাৰ্যালয় দক্ষপ্ৰসাদ ডেকা ভৱনত সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা আৰু সাধাৰণ সম্পাদক বিদু্যৎ শইকীয়াই সম্বোধন কৰা এক সংবাদ মেলত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত বন বিভাগ, উদে্যাগ-বাণিজ্য বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে গ্ৰামাঞ্চলত অন্যায়, অযৌক্তিক আৰু অবৈধভাৱে ব্যাপক প্ৰদূষণ সৃষ্টি কৰা উদে্যাগ প্ৰতিষ্ঠান স্থাপন কৰি চলাই থাকিবলৈ অনুমতি প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ সংবাদ মেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই কয় যে ৰাজ্যৰ অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়নৰ বাবে আধুনিক তথ্য-প্ৰযুক্তিৰ প্ৰয়োগ আৰু উদে্যাগীকৰণ নীতিৰ আমি বিৰোধী নহয়৷ কিন্তু তথাকথিত উন্নয়ন আৰু উদে্যাগীকৰণৰ নামত জলবায়ুৰ প্ৰদূষণ, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আৰু সামাজিক পৰিৱেশৰ বিস্তৰ ক্ষতি কৰিব পৰা কাৰ্যকলাপ কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ সেয়েহে গ্ৰামাঞ্চলৰ কৃষিভূমি, জনবসতিপূৰ্ণ অঞ্চল আৰু প্ৰাকৃতিকভাৱে সংৰক্ষিত এলেকাত গI. লৈ উঠা ইটাভাতা, শিলভঙা ক্ৰেচাৰ, কংক্ৰিট ব্লক, কোক উদে্যাগ, চিমেণ্ট কাৰখানা আদি বিভিন্নধৰণৰ প্ৰদূষণকাৰী উদে্যাগ প্ৰতিষ্ঠানৰ নীতিবহিৰ্ভূত কাৰ্যকলাপৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শীঘ্ৰে এক সামাজিক আন্দোলন গিI. তোলাৰ হুংকাৰ প্ৰদান কৰে৷ সংগঠনটোৱে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত চলি থকা ইটাভাতা, শিলভঙা ক্ৰেচাৰ মেচিন আৰু কংক্ৰিট ব্লক উদে্যাগসমূহে কিদৰে সকলো বিভাগীয় নীতি-নিয়ম অমান্য কৰি একোটা অঞ্চলৰ সাধাৰণ লোকৰ জনস্বাস্থ্য, ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ প্ৰতি তীব্ৰ ভাবুকি কিI.য়াই আনিছে, এই বিষয়ে সংবাদ মেলত সবিস্তাৰে উল্লেখ কৰে৷ বিভাগীয়ভাৱে লাভ কৰা তথ্য মতে, ৰাজ্যৰ ২৯খন জিলাত মুঠ ৰ,০৬৭টা ইটাভাতা, ৭৯৩টা শিলভঙা ক্ৰেচাৰ আৰু ৯৩টা কংক্ৰিট ব্লক উদে্যাগ আছে৷ ইয়াৰ ভিতৰত সবেৰ্াচ্ছ নগাঁও জিলাতে ১২৬টা, ধুবুৰী জিলাত ১২৩টা, শোণিতপুৰ জিলাত ১০৭টা, ডিব্ৰুগড় জিলাত ৮৬টা ইটাভাতা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতি লাভ কৰি চলাই আছে৷ আনহাতে, শিলভঙা ক্ৰেচাৰ উদে্যাগ সবেৰ্াচ্ছ শিৱসাগৰ জিলাত ১১৪টা, নগাঁও জিলাত ৯৫টা, তিনিচুকীয়া জিলাত ৫৯টা আৰু কামৰূপ গ্ৰাম্য জিলাত ৫৮টা উদে্যাগ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতিসাপেক্ষে চলি আছে৷ উল্লেখযোগ্য যে বিষয় এয়ে যে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী নামৰ এখন গাঁৱতে মুঠ ২১টা ইটাভাতা গিI. উঠিছে৷ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজহ চক্ৰ এলেকাতে প্ৰায় ৫০টাতকৈ অধিক ইটাভাতা উদে্যাগ চলি আছে৷ ইয়াৰে টিলাপাৰা গাঁৱত ১৫টা আৰু হাতীপোতা গাঁৱত ১১টাকৈ ইটাভাতা আছে৷ একেদৰে শোণিতপুৰ জিলাৰ ননকে পাটগাঁও এলেকাত ২৩টা ইটাভাতা, বিশ্বনাথ জিলাৰ বৰগাং এলেকাত প্ৰায় ২৫টা ইটাভাতা আৰু দৰং জিলাৰ পশ্চিম প্ৰান্তত প্ৰায় ৪৫টাতকৈয়ো অধিক ইটাভাতা দীৰ্ঘদিন ধৰি চলি আছে৷ দৰঙৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গণেশ কুঁৱৰী অঞ্চলটো ইতিমধ্যে এক অঘোষিত ইটাভাটা বেŒI×ত পৰিণত হৈছে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই সংবাদ মেলত উল্লেখ কৰে৷ গুৰুত্বপূৰ্ণ বিষয় এয়ে যে যিকোনো এটা উদে্যাগ স্থাপনৰ বাবে চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগ, উদে্যাগ আৰু বাণিজ্য বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰ উপৰি কেতবোৰ সংশ্লিষ্ট কতৃৰ্পক্ষৰ আপত্তিবিহীন প্ৰমাণ-পত্ৰ লোৱাটো অপৰিহাৰ্য৷ এনে বিভাগসমূহে জনস্বাস্থ্য-পাৰিপাশ্বিৰ্কতা, জলবায়ুৰ প্ৰদূষণ আদি বিভিন্ন দিশ চালি-জাৰি চাই উদে্যাগ স্থাপন আৰু পৰিচালনাৰ অনুমতি প্ৰদান কৰাৰ লগতে বিভিন্ন নীতি-নিৰ্দেশনাও জাৰি কৰে৷ বৰ্তমান ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত জনস্বাস্থ্য আৰু পৰিৱেশ সম্পক¹য় এনে সকলো নীতি-নিয়মৰ জলাঞ্জলি দি কেৱল ৰাজহ সংগ্ৰহৰ নামত ব্যাপক প্ৰদূষণ সৃষ্টিকাৰী উদে্যাগ স্থাপন কৰি চলাই থাকিবলৈ জধে-মধে অনুমতি প্ৰদান কৰা হৈছে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা পাৰিপাশ্বিৰ্কতা আৰু জলবায়ুৰ প্ৰদূষণ ৰোধৰ দায়িত্ব ন্যস্ত কৰা হৈছে ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ওপৰত৷ পৰিৱেশ সম্পক¹য় সকলো নীতি-নিৰ্দেশনা, উদে্যাগ প্ৰতিষ্ঠানসমূহে সঠিকভাৱে প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিছেনে নাই, এই সম্পৰ্কে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে চোকা দৃষ্টি ৰাখিব লাগে৷ তেনেস্থলত ভয়াৱহ প্ৰদূষণ সৃষ্টিকাৰী উদে্যাগ কতৃৰ্পক্ষক উৎসাহিত কৰি পূবৰ্ৰ পৰিৱেশ আৰু জনস্বাস্থ্য সম্পক¹য় নীতি-নিয়মৰ ক্ষেত্ৰত যথেষ্ট শিথিলতাৰ নীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৰ্তমানৰ অধ্যক্ষ আৰু সদস্য সচিবগৰাকীয়ে মইমতালিৰে পূবৰ্ৰ সকলো নীতি-নিয়ম উলংঘা কৰিবলৈও কুণ্ঠাবোধ কৰা নাই৷ উদে্যাগ প্ৰতিষ্ঠানৰ পৰা একেলগে মোটা অংকৰ মাচুল সংগ্ৰহৰ নীতি লৈ পূবেৰ্ প্ৰতিবছৰে কাৰ্য সম্পাদনৰ বাবে অনুমতি [চি টি অ’] লোৱাৰ সলনি দীৰ্ঘম্যাদী কাৰ্য পৰিচালনাৰ বাবে অনুমতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ফলত পাৰিপাশ্বিৰ্কতা আৰু সাধাৰণ ৰাইজৰ মৌলিক চৰ্তসমূহ উলংঘা কৰিলেও নীতিগত অথবা আইনী ব্যৱস্থাৰে প্ৰদূষণকাৰী উদে্যাগক নিয়ন্ত্ৰণ কৰাটো সাধাৰণ ৰাইজৰ পক্ষে সম্ভৱ নহয়৷ সেয়ে সংবাদ মেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই অতি শীঘ্ৰে প্ৰদূষণ সৃষ্টি কৰিব পৰা সকলো উদে্যাগ প্ৰতিষ্ঠানক পানী [প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ] আইন, ১৯৭৪ আৰু বায়ু [প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ] আইন, ১৯৮১১ বিধি আৰু নীতি-নিৰ্দেশনা অনুসৰি প্ৰদূষণ ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ৩ান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here