Home Uncategorized নগাঁৱত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্য্যসূচী : অসমীয়া ভাষাৰ সুৰক্ষা আৰু বিকাশৰ...

নগাঁৱত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্য্যসূচী : অসমীয়া ভাষাৰ সুৰক্ষা আৰু বিকাশৰ বাৱে সংগ্ৰাম অব্যাহত থাকিব

367
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও ৬ জানুৱাৰী : অসম চৰকাৰে অসম লোকসেৱা আয়োগৰ বাচনি পৰীক্ষাত অসমীয়া বিষয় বাধ্যতামূলক প্ৰশ্নকাকতৰ ব্যৱস্থা বাতিল কৰি শেহতীয়াভাৱে লোৱা সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ দাবীত আজি বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ বৰুৱা, জিলা সভাপতি দীপন কটকী সম্পাদক, পংকজ ভূঁঞা, বিত্ত সচিব কীৰ্তিকমল শইকীয়া, শিক্ষা সচিব প্ৰাচুৰ্য্য প্ৰান নাথৰ নেতৃত্বত বীৰ লাচিত সেনাৰ সদস্য  আৰু সমৰ্থক সকলে নগাৱৰ নেহৰুৱালীৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ  সমদল উলিয়াই।  প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীসকলে “আমাৰ ভাষা , আমাৰ মাত ,: ৰাখিবলৈ কৰিম জীৱন পাত” অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰক,জয় আই অসম, আদি বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদৰ অন্তত বীৰ লাচিত সেনাই বাৰদফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ  জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত প্ৰতিটো সমষ্টিতে চি বি এছ ই বৰ্ডৰ অধীনত চৰকাৰী বিদ্যালয় স্থাপনৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰা, অসমত থকা সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া তথা স্থানীয় ভাষা প্ৰৱৰ্তন কৰাক শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়া বিষয় প্ৰৱৰ্তন কৰা, ধৰি বীৰ লাচিত সেনাই ১২ টা দাবী উত্থাপন কৰে। অসমীয়া ভাষাৰ সুৰক্ষা আৰু বিকাশৰ বাৱে বীৰ লাচিত সেনাই সংগ্ৰাম অব্যাহত ৰাখিব বুলি জাবিবলৈ দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here