Home স্থানীয় বৰছলাৰ ধীৰাই মাজুলিৰ ১০বছৰীয়া কিশোৰৰ প্ৰতিভাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

বৰছলাৰ ধীৰাই মাজুলিৰ ১০বছৰীয়া কিশোৰৰ প্ৰতিভাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

224
0


গণ বাৰ্তা বিশেষ, ঢেকীয়াজুলি, ২৬ অক্টোবৰ: এগৰাকী ১০বছৰীয়া কিশোৰ ছাত্ৰৰ এক বিশেষ প্ৰতিভাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে শোণিতপুৰৰ বৰছলাৰ ধিৰাইমাজুলি অঞ্চলত৷ অতি কম বয়সতেই ছাত্ৰ জনে এটা শিল্প কৰ্মক আয়ত্ব কৰি হাতৰ পৰশত নিৰ্মাণ কৰিছে ক্ষুদ্ৰ ক্ষুদ্ৰ আকৃতিৰ দৃষ্টি নন্দন বিভিন্ন ধৰণৰ মুৰ্তি ৷ বৰছলাৰ ধিৰাইমাজুলি গাওঁৰ দেবকান্ত ওজাৰ পুত্ৰ অমন ওজা নামৰ ১০বছৰীয়া ছাত্ৰই নিজৰ হাতৰ পৰশত নিৰ্মান কৰিছে ক্ষুদ্ৰ ক্ষুদ্ৰ দৃষ্টিনন্দন মাটিৰ মুৰ্তিকে ধৰি চৰাই আদি ৷ অমন ওজাই ক্ষুদ্ৰ আকৃতিৰ দেব- দেবীৰ মুৰ্তিৰ লগতে চৰাই চিৰিকটি আদি নিজ হাতেৰে নিৰ্মাণ কৰি দিছে চমক৷ এই গৰাকী কণমাণি ছাত্ৰই বিগত লকডাউনৰ পৰাই এনেধৰণে মুৰ্তি নিৰ্মাণৰ কাম মবাইলৰ জৰিয়তে দেখি নিজে নিৰ্মাণ কৰিবলৈ শিকিলে৷ কণমানি ছাত্ৰ জনে বিদ্যালয়ৰ পৰা অহাৰ পিছতেই আজৰি সময়ত এনেদৰে ক্ষুদ্ৰ আকৃতিৰ মূৰ্তি নিৰ্মাণ কৰে৷ উল্লেখ্যযোগ্য যে কণমানি ছাত্ৰ গৰাকীয়ে উক্ত শিল্প কৰ্মক শিকিব পৰা ছাত্ৰ গৰাকীৰ পিতৃও যথেষ্ট সুখী৷ইপিনে কণমানি ছাত্ৰ গৰাকী এই শিল্প কৰ্মৰ প্ৰতি থকা প্ৰবল ইচ্ছাৰ বাবে পিতৃক কিছু চিন্তিত কৰিছে৷কেনেকৈ কণমানি ছাত্ৰ গৰাকীক আগুৱাই লৈ যাব পাৰি তাকলৈ চিন্তিত কৰিছে পিতৃকো৷ কিয়নো এই বসয়তেই কণমানি গৰাকীয়ে এই শিল্প কৰ্মৰ প্ৰতি ব্যাপক আগ্ৰহী৷ কণমানি গৰাকীয়ে ঘৰতে আজৰি সময়ত এনেদৰে নিৰ্মাণ কৰে দৃষ্টি নন্দন মুৰ্তিকে ধৰি চৰাই আদি৷ কণমানি ছাত্ৰ গৰাকীৰ এই প্ৰতিভাই এতিয়া চৰ্চা হৈছে অঞ্চলটোত৷ কণমানি ছাত্ৰ গৰাকী ভৱিষ্যতে আগুৱাই যাওক তাক আমিও কৰিছো কামনা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here