ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ ঃ সলনি হৈছে টেট পৰীক্ষাৰ সময়সূচী। ঘোষণা কৰা হৈছে ৰাজ্যৰ টেট পৰীক্ষাৰ নতুন সময়সূচী। পূৰ্বে ২৪ অক্টোবৰত টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু পুনৰ নতুন সময়সূচী ঘোষণা কৰিছে শিক্ষা বিভাগে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি টুইটযোগে টেট পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া নতুন সময়সূচী ঘোষণা কৰে। সেই অনুসৰি ২০২১ বৰ্ষৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট পৰীক্ষা ৩১ অক্টোবৰত অনুষ্ঠিত হ’ব। পূৰ্বে ২৪ অক্টোবৰত টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শিক্ষা বিভাগে এক ঘোষণাৰ জৰিয়তে পৰীক্ষা পিছুৱাই দিয়ে।