Home Main Stories অইলৰ তদানীন্তন CMD ৰঞ্জিত কুমাৰ দত্তৰ দেহাৱসান

অইলৰ তদানীন্তন CMD ৰঞ্জিত কুমাৰ দত্তৰ দেহাৱসান

46
0

গণ বাৰ্তা, ডুম ডুমা , ১৯ মে : অইলৰ তদানীন্তন CMD ৰঞ্জিত কুমাৰ দত্তৰ দেহাৱসান । কভি’ডত আক্ৰান্ত হৈ বিষয়াগৰাকীৰ মৃত্যু হয়। কলিকতাৰ এপল হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু । 2002ৰ পৰা 2006লৈ অইলৰ CMD ৰূপে কাৰ্যনিৰ্বাহক কৰিছিল ৰঞ্জিত কুমাৰ দত্তই । ইয়াৰ ওপৰিও বিষয়া গৰাকীয়ে NRLৰ প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক,IOC(AOD)ৰ কাৰ্যবাহী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহক কৰিছিল ৷ এইগৰাকী নমস্য বিষয়াই অসমৰ শক্তিখণ্ডলৈ অভূতপূৰ্ব অৰিহণা আগবঢ়াইছিল । ৰঞ্জিত কুমাৰ দত্তৰ পত্নী বিগত বছৰত স্বৰ্গগামী হয়। ৰঞ্জিত কুমাৰ দত্তৰ কোনো সন্তান নাছিল । দত্তৰ ঘৰ ডিব্ৰুগড়ত ।
বিষয়া গৰাকীৰ মৃত্যুত OIL,NRL আৰু IOC(AOD)ৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখযোগ্য যে, দত্তই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে পৰবৰ্তী সময়ত এম বি এ ডিগ্ৰী লৈ দেশৰ ৰাজহুৱা খণ্ডৰ তিনিটা লাভজনক তেল উদ্যোগ প্ৰতিষ্ঠানক নেতৃত্ব দিয়া সম্ভৱত তেওঁৱেই প্ৰথমজন শীৰ্ষ বিষয়া। ইপিনে ৰঞ্জিত কুমাৰ দত্তৰ বিয়োগত অসম গণ পৰিষদৰ চাবুৱা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুনিন দুৱৰাই গভীৰ শোক প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here