Home অসম যোগীঘোপা বন্দৰৰ ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ,মধ্যভোগীয়ে লাখ লাখ টকা...

যোগীঘোপা বন্দৰৰ ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ,মধ্যভোগীয়ে লাখ লাখ টকা লুটপাত কৰাৰ তথ্য ফাদিল

168
0


গণ বাৰ্তা, যোগীঘোপা, ১৭ অক্টোবৰ: বঙাইগাঁও জিলাৰ যোগীঘোপা বন্দৰৰ নামত অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ সংশ্লিষ্ট বিভাগটোৱে প্ৰদানৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ক্ষতিপূৰণ আদায়ৰ নামত একাংশ মধ্যভোগীয়ে বিভিন্ন কৌশলেৰে লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছে৷ প্ৰাপ্ত তথ্য মতে, যোগীঘোপাত বন্দৰ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ জলপথ পৰিবহণ বিভাগে ১৯৬৬ চনতেই অধিগ্ৰহণ কৰিছিল প্ৰায় চাৰিশ বিঘা ভূমি৷ বন্দৰ নিৰ্মাণৰ বাবে ব্ৰহ্মপুত্ৰৰ দাঁতিতে অৱস্থিত ৰজাদিনীয়া ঐতিহাসিক যোগীঘোপা গাঁৱত যুগ যুগ ধৰি বসবাস কৰি অহা বহু খিলঞ্জীয়া পৰিয়ালক সেই সময়ত উচ্ছেদ কৰা হৈছিল৷ ১৯৬৬ চনত অবিভক্ত গোৱালপাৰা জিলাৰ তদানীন্তন গোৱালপাৰা মহকুমাধিপতিয়ে বইটামাৰী ৰাজহ চক্ৰৰ অধীনস্ত উক্ত ভূমি বন্দৰৰ নামত অধিগ্ৰহণ কৰে ৷ কিন্তু এই বৃহৎ পৰিমানৰ ভূমি অধিগ্ৰহণ কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ জলপথ পৰিবহণ বিভাগে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়া নাছিল৷ ইপিনে, বন্দৰৰ নামত খিলঞ্জীয়া লোকক উচ্ছেদ কৰি ভূমি অধিগ্ৰহণ কৰাৰ পিছত বহু বছৰ ধৰি তাত বন্দৰৰ নিৰ্মাণৰ কাম হাতত নোলোৱাত পৰৱৰ্তী সময়ত পৰিত্যক্ত অৱস্থাত থকা ভূমি একাংশ লোকে বেদখল কৰি বসতি আৰম্ভ কৰে৷ আনহাতে, ঐতিহাসিক গাঁওখনৰ পট্টাভুক্ত ভূমিৰ পৰা উচ্ছেদ কৰা শতাধিক পৰিয়ালক তেতিয়াৰ মূল্য অনুসৰি ভেটি মাটিৰ বাবে বিঘাইপতি ৩,০০০ টকা আৰু কৃষিভূমিৰ বাবদ ২,৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় জলপথ পৰিবহণ বিভাগে৷ কিন্তু বহু বছৰ পাৰ হৈ যোৱাৰ পিছতো জলপথ পৰিবহণ বিভাগে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক কোনোধৰণৰ ক্ষতিপূৰণ আদায় নিদিয়াত ইয়াৰে মুঠ ৪৭টা পৰিয়ালে ১৯৮৭ চনৰ ১০ মাৰ্চত বিভাগটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হয়৷ তথ্য মতে, ৪৭টা পৰিয়ালে মুঠ ১৫৪ বিঘা পট্টাভুক্ত ভূমিৰ ক্ষতিপূৰণৰ বাবে ধুবুৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালত চাৰি নম্বৰত এটা গোচৰ ৰুজু কৰে৷ গোচৰটোৰ সন্দৰ্ভত ধুবুৰী আদালতে এই ভূমিৰ মূল্যৰ মুঠ জ্জ্ব,১২,৩৪২ টকা আৰু এই ধনৰ বছৰি ছয় শতাংশ সুতসহ পৰিয়ালসমূহক আদায় দিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে৷ কিন্তু ইয়াৰ পাছতো বিভাগীয় জলপথ পৰিবহণ বিভাগে দুৰ্ভগীয়া পৰিয়ালকেইটাক ভূমিৰ ক্ষতিপূৰণৰ টকা আদায় দিয়াৰ পৰা বিৰত থাকে৷ পিছলৈ বন্দৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতো পৰিয়ালসমূহ ক্ষতিপূৰণৰ ধনৰ পৰা বঞ্চিত হৈ থাকে৷ আনকি ক্ষতিগ্ৰস্ত লোকসকলে যোগীঘোপা আভ্যন্তৰীণ বন্দৰ ক্ষতিগ্ৰস্ত নাগৰিক অধিকাৰ সাব্যস্ত সমিতি গঠন কৰি ক্ষতিপূৰণ আদায়ৰ বাবে চৰকাৰৰ বিভাগীয় কতৃৰ্পক্ষৰ ওচৰত হেঁচা অব্যাহত ৰাখে৷ পিছত নাগৰিক অধিকাৰ সমিতিৰ তৎপৰতাত মুন দাস, পৱিত্ৰ কুমাৰ সিন্‌হা, নগেন চন্দ্ৰ ৰায়, মুক্তাৰ হুছেইন আদিকে ধৰি মুঠ ৪৬জন পট্টাভুক্ত লোকে এই সন্দৰ্ভত যোৱা ২০১৭ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ত ডব্লিউ [পি] চি ৬২৯৯-১৭ নম্বৰত এখন ৰীট আবেদন দাখিল কৰে৷ শেহতীয়াভাৱে যোগীঘোপাত ল’জিষ্টিক পাৰ্ক প্ৰকল্পৰ কাম আৰম্ভ হোৱাত আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক বিঘাইপতি ৯০ হাজাৰকৈ টকা আদায় দিয়ে৷ আনহাতে, বেদখল কৰি বসতি কৰি থকা লোকসকলক বাসগৃহসমূহ ভাঙি লৈ যোৱাৰ বাবদ প্ৰতিটো পৰিয়ালক ২৫ হাজাৰকৈ টকা আদায় দিয়ে৷ কিন্তু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক এই ধন মোকলাই দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে ক্ষতিগ্ৰস্ত নাগৰিক অধিকাৰ সমিতিখনে৷ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ ধন আদায় কৰি দিয়াৰ বাবে স্থানীয় আয়ুব আলী, আবুল কালাম আজাদ খানকে ধৰি সমিতিখনৰ আন কে’বাজনো বিষয়ববীয়াই দায়িত্ব গ্ৰহণ কৰি প্ৰতিটো পৰিয়ালকে ক্ষতিপূৰণৰ ধন আদায় দিয়ে৷ এইখিনিতে সকলো ঠিকে-ঠাকে আছিল যদিও বৰ্তমান কিছু কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে৷ ক্ষতিগ্ৰস্ত একাংশ লোকে অভিযোগ কৰা মতে, আবুল কালাম আজাদে আনকি নিজকে মৃত দেখুৱাই তেওঁৰ পুত্ৰ মেহবুব খানৰ নামত ৩ লাখ ৩৫ হাজাৰ টকা আদায় কৰে৷ আনহাতে, সমিতিৰ বিষয়ববীয়াকেইজনৰ সহযোগত অভয়াপুৰীৰ লালমাটিৰ বাসিন্দা নূৰ আফ্ৰজে বন্দৰত মাটি নথকা সত্ত্বেও মাটি থকা দেখুৱাই চ্ছ্ৰ লাখ ১৪ হাজাৰ টকা আদায় কৰে৷ ইপিনে, ৱহাব আহমেদ নামৰ এজন লোকৰ বন্দৰত মুঠ প্ৰায় ১৫ বিঘা পট্টাভুক্ত মাটি থকাৰ পিছতো তেওঁ ক্ষতিপূৰণৰ নামত এটকাও লাভ কৰা নাই৷ অভিযোগ মতে, উল্লিখিত লোককেইজনে ৱহাব আহমেদৰ ক্ষতিপূৰণৰ ধনখিনি আচমিৰা বেগম আৰু মুৰচিদা বেগমৰ নামত আদায় কৰে৷ তথ্য মতে আচমিৰা বেগমৰ নামত চ্ছ্ৰ লাখ ৪৩ হাজাৰ আৰু মুৰচিদাৰ নামত ৬ লাখ জ্জ হাজাৰ টকা কৌশলেৰে আদায় কৰে৷ অভিযোগ মতে, যোগীঘোপাত ভাৰাতীয়া হিচাপে থকা চাহেৰা বেওৱা নামৰ কোকৰাঝাৰৰ বাসিন্দা এগৰাকীৰ নামত মধ্যভোগীকেইজনে চ্ছ্ৰ লাখ ৩০ হাজাৰ টকা আদায় কৰি মহিলাগৰাকীক মাত্ৰ ২৫ হাজাৰ দিয়ে৷ সমগ্ৰ ঘটনাটো তথা ক্ষতিপূৰণ আদায় দিয়াৰ বিষয়টোত বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকী জ্ঞাত থকাৰ পিছতো সমিতিয়ে কেনেদৰে কেলেংকাৰী সংঘটিত কৰিবলৈ সাহস গোটাব পাৰিলে, সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে৷ সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত এক উচ্ছ পৰ্যায়ৰ তদন্তযোগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী পৰিয়ালসমূহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here