Home অসম বিধবস্ত বানত হাহাকাৰ জনতাৰ

বিধবস্ত বানত হাহাকাৰ জনতাৰ

64
0

ৰঙিয়া, ছিপাঝাৰৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, বানত ক্ষতিগ্ৰস্ত লোকৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ জুন ঃ ৰাজ্যৰ চৌদিশে এতিয়া কেৱল বানৰ তাণ্ডৱ। উজনিৰ পৰা নামনিলৈ বানৰ সংহাৰ। বন্যাক্ৰান্তৰ মাজত এতিয়া কেৱল হাহাকাৰ পৰিস্থিতি। ওখ স্থান বিচাৰি হাবাথুৰি খাইছে গঞা। ৰাজ্যখনত হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ইয়াৰ ফলত অধিকসংখ্যক নৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ফলত ৰাজ্যখনৰ ২৮খন জিলা বানৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ আৰু দৰং জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে কথা-বতৰা পতাৰ লগতে প্ৰশাসনক প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি ৰঙিয়া চহৰৰ বান পৰিস্থিতিৰ বুজ লয় আৰু ফাতেমা কনভেণ্ট স্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বান ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে কথা-বতৰাত মিলিত হয়। তেওঁ কিছু সময় এই বান সাহায্য শিবিৰত কটায় আৰু জিলা প্ৰশাসনৰ সহযোগত মহকুমা প্ৰশাসনে উদ্ধাৰ, সাহায্য আৰু সংস্থাপনৰ দিশত লোৱা ব্যৱস্থাৱলীৰো বুজ লয়। শিবিৰত থকা লোকসকলৰ সৈতে কথা-বতৰা পতাৰ পিছত মুখ্যমন্ত্ৰীয়ে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনক গুণগত মানসম্পন্ন খাদ্য-সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে যাতে ক্ষতিগ্ৰস্ত লোকসকলে প্ৰয়োজনীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে লাভ কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক বিশুদ্ধ খোৱাপানী, চিকিৎসাৰ সুবিধা প্ৰদানৰ লগতে¸ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবেও যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তগৰাকীক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰাৰ লগতে তেওঁলোকৰ বাবে সাহায্য শিবিৰ স্থাপন কৰিবলৈও উপায়ুক্ত আৰু মহকুমাধিপতিক নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কমলপুৰ ৰাজহ চক্ৰৰ অধীনৰ ক’লাজল এলেকাৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ বুজ লয়। ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লৈ থকা লোকসকলৰ বাবে সাহায্য শিবিৰ স্থাপন কৰি শিবিৰলৈ স্থানান্তৰিত কৰাৰ বাবেও প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা গৃহসমূহ মেৰামতি কৰাৰ লগতে সকলোধৰণৰ চৰকাৰী সাহায্য প্ৰদান কৰাৰো আশ্বাস দিয়ে।

আজিৰ এই পৰিদৰ্শনকালত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই মুখ্যমন্ত্ৰীৰ সৈতে বান পৰিস্থিতিৰ বুজ লয়। আনহাতে, মুখ্যমন্ত্ৰীয়ে কামৰূপ জিলাৰ শালমাৰা অঞ্চলো পৰিদৰ্শন কৰে। বানপানীয়ে ৫২নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিও মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰে। উত্তৰ অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা মুখ্যমন্ত্ৰীয়ে দৰং জিলাৰ বান ক্ষতিগ্ৰস্ত এলেকাও পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পথৰুঘাটত দিপীলাৰ সমীপত ননৈ আৰবি মথাউৰিৰ ভগা অংশ পৰিদৰ্শন কৰে। তেওঁ মথাউৰি ভঙাৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ মূল্যাংকন কৰাৰ লগতে জনসাধাৰণৰ দুৰ্যোগ লাঘৱ কৰাৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰো বুজ লয়। মুখ্যমন্ত্ৰীয়ে পানী কমি যোৱাৰ লগে লগে মথাউৰিৰ ভগা অংশ শীঘ্ৰে মেৰামতি কৰাৰ বাবেও জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে কথা-বতৰা পতাৰ লগতে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাক বান ক্ষতিগ্ৰস্ত লোকসকলক প্ৰয়োজনীয় সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক উদ্ধাৰ কৰি সাহায্য শিবিৰত ৰাখিবলৈও নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীৰ এই বান পৰিদৰ্শনৰ সময়ত বিধায়ক পৰমানন্দ ৰাজবংশীক বানপানীৰ ফলত যিসকল লোকৰ গৃহ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ নাম সন্নিবিষ্টকৰণেৰে এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে চৰকাৰে এই লোকসকলৰ গৃহ নিৰ্মাণৰ বাবে তৎকালীনভাৱে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে আজি বৰ আঠিয়াবাৰীৰ বান পৰিস্থিতিৰো বুজ লয়। তেওঁ শাকতোলা নৈৰ মথাউৰি ভগাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এলেকা পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে মথাউৰিৰ ভগা অংশ শীঘ্ৰে মেৰামতি কৰাৰ বাবে জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। বানপীড়িত লোকসকলক আশ্বাস প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বানপৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত আঠিয়াবাৰী অঞ্চলৰ জনসাধাৰণক বানপানীৰ পৰা সুৰক্ষা দিয়াৰ বাবে মথাউৰিটো নতুন এলাইনমেণ্টেৰে পুনৰ্নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে জলসম্পদ আৰু জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে মথাউৰিৰ ভগা অংশ পৰিদৰ্শন কৰিব আৰু ইয়াৰ পুনৰ্নিৰ্মাণ প্ৰক্ৰিয়াটোৰ তদাৰক কৰিব। মুখ্যমন্ত্ৰীৰ বান ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শনৰ সময়ত সাংসদ দিলীপ শইকীয়া, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস উপস্থিত থাকে।

কমলপুৰৰ বান ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ             

পংকজ নাথ, চাংসাৰি ঃ আজি পুৱাই ৰঙিয়াৰ বান পৰিস্থিতিৰ বুজ লৈ আহি কমলপুৰ সমষ্টিৰ ক’লাজলত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্যাৰ্তসকলৰ সৈতে মিলিত হোৱাৰ পিছত বান পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ভৱিষ্যতে ক’লাজল নদীৰ ওপৰত মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি বান পৰিস্থিতি পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন। উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰঙিয়া, কমলপুৰ সমষ্টিকে ধৰি জালুকবাৰী সমষ্টিৰ কিছু বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here