Home Main Stories জলসম্পদ বিভাগ উন্নত হবই লাগিব: ঠিকাদাৰ সকল বন্ধু নহয় শত্ৰুও নহয় :...

জলসম্পদ বিভাগ উন্নত হবই লাগিব: ঠিকাদাৰ সকল বন্ধু নহয় শত্ৰুও নহয় : পিযুষ হাজৰিকা

40
0

গণবাৰ্তা বিশেষ, যোৰহাট, ২৭ মে’ : অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই আজি যোৰহাটৰ আৱৰ্ত ভৱনত উপস্থিত হৈ জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে৷ সভাত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ মথাউৰি ,গড়া খহনীয়া আদিৰ বুজ লয় ৷ আগন্তক সাম্ভাব্য বানপানীয়ে যাতে জিলাখনত ক্ষতিগ্ৰস্হ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় বিষয়াসকলক তৎপৰতাৰে আৰু সুচাৰুৰূপে কাম কৰিবলৈ নিৰ্দেশ দিয়ে৷ নতুন মথাউৰি নিৰ্মাণ কৰাৰ সলনি পুৰণা মথাউৰিসমূহ অতি শীঘ্ৰে মেৰামতি কৰিবলৈও নিৰ্দেশ দিয়ে৷ সভাৰ পিছত অনুস্থিত সংবাদ মেলত নিমাতী খহনীয়া ৰোধৰ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জনে কয় যে নিমাতীৰ এটা পইন্টত কাম কৰিবৰ বাবে ৩ কোটি টকা আবন্টন কৰা হৈছে যদিও বৰ্তমান বাৰিষা আৰম্ভ হোৱা পানী স্তৰ হ্ৰাস পালে কাম কৰিব পৰা যাব| মন্ত্ৰী জনে লগতে কয় যে দেৰগাওঁৰ পৰা তেওঁ ব্যক্তিগত ভাৱে হোৱাটচএপ যোগে খহনীয়াৰ এখন ফটো পাইছিলে আৰু দেৰগাঁওতো ব্যৱস্থা গ্ৰহন কৰিব| আনহাতে খহনীয়া ৰোধৰ নামত বাৰিষা নদীত পাৰ্কুপাইন পেলোৱাৰ নামত বিগত দিনত যি অবাধ দুৰ্ণীতি সংঘটিত হৈছিল সেয়া অনাগত দিনত লুজ টেণ্ডাৰ বা চৰ্ট চাপ্লাই দেখুৱাই ঠিকাদাৰে দুৰ্নীতি কৰিব নোৱাৰিব বুলি কয়|মন্ত্ৰী জনে লগতে কয় যে বিভাগটো বিশেষকৈ গ্ৰামাঞ্চলৰ কৃষক নৈ পৰীয়া ৰাইজৰ লগত জড়িত কিয়নো চহৰাঞ্চলত বানপানী খহনীয়াৰ শংকা নাথাকে গতিকে ঠিকাদাৰক কোনো কাৰণতে দুৰ্নীতি কৰিবলৈ সুযোগ দিয়া নহ’ব| ঠিকাদাৰ সকল বিভাগটোৰ বন্ধু নহয় শত্ৰুও নহয় বুলি মন্তব্য কৰি মন্ত্ৰী জনে কয় যে তেওঁলোকক কাম কৰিবৰ বাবে চৰকাৰে পইচা দিয়ে গতিকে কাম কৰিবই লাগিব| বিভাগত কোনো ঠিকাদাৰক নিজৰ খেয়াল খুচি মতে কাম কৰাৰ সুযোগ দিয়া নহব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী জনে| আনহাতে আজি পুৱা জলসম্পদ মন্ত্রী পীযুষ হাজৰীকাই যোৰহাটৰ নিমাটিঘাট আৰু ইয়াৰ কাষৰীয়া স্থানৰ মথাউৰিৰ স্থিতি তথা ব্ৰহ্মপুত্ৰৰ পাৰ সমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী সকলক আগন্তুক বাৰিষাৰ বাবে সকলো প্ৰকাৰে সাজু হ’বলৈ নিৰ্দেশ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here