Home স্থানীয় সমগ্ৰ অসমৰ লগতে লামডিঙতো যোগ দিৱস পালন

সমগ্ৰ অসমৰ লগতে লামডিঙতো যোগ দিৱস পালন

64
0

গণ বাৰ্তা লামডিং২৪ জুন : হোজাই জিলাৰ বিভিন্ন অঞ্চলৰ লগতে লামডিঙ সেৱা ভাৰতী লামডিং প্ৰখণ্ডৰ উদ্যোগত লামডিঙ কালিবাড়ি মন্দিৰৰ প্ৰাংগনত আৰু পশ্চিম লামডিং গাওঁ পঞ্চায়ত আৰু ছহিদ মৈদানতো পালন কৰে এই যোগ দিৱস । এই যোগ দিৱসত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক শিবু মিশ্ৰৰ লগতে যোগ গুৰু সাগৰ আচাৰ্জী সহ ৰাষ্ট্ৰীয় সয়াং সেৱক সংঘৰ হোজাই জিলাৰ বৌদ্ধিক প্ৰমুখ প্ৰদীপ শিল আৰু বিজেপী কৰ্ম কৰ্তা সকলে ৷ কভিভ আতংকৰ মাজতে সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি যোগ দিৱসত অৰ্ধ শতাধিক লোকে অংশগ্ৰহণ কৰে । ভালদৰে জীয়াই থাকিবলৈ হলে যোগ কৰিবই লাগে বিশেষকৈ ক’ৰনা কালছোৱাত আমি ধ্যান অথবা যোগাসনৰ জড়িয়তে নিজকে সুস্থ কৰি ৰাখিব পাৰো বুলি মন্তব্য কৰে বিধায়ক শিবু মিশ্ৰই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here