Home Main Stories ৰাজ্যৰ বিভিন্ন বিভাগত ১০৭১৪৯ পদ খালী

ৰাজ্যৰ বিভিন্ন বিভাগত ১০৭১৪৯ পদ খালী

119
0

গুৱাহাটী, ১৩ জুলাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে এক লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিব বুলি ঘোষণা কৰিছে যদিও সেয়া কেতিয়া বাস্তৱত ৰূপায়িত হ’ব সেয়া লক্ষণীয় হ’ব। প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈ ৰ’ব নে নিবনুৱা যুৱক-যুৱতীসকলৰ মুখত হাঁহি বিৰিঙাব এইখন চৰকাৰে, সেয়া সময়ত স্পষ্ট হ’ব। এনে সময়তেই শেহতীয়াকৈ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। বছৰ বছৰ ধৰি ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ আছে লাখতকৈও অধিক পদ। ৰাজ্যৰ বিভিন্ন বিভাগ, বিশেষকৈ ৫০টা বিভাগত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ বৰ্গৰ শ্ৰেণীলৈকে সৰ্বমুঠ ১,০৭,১৪৯ পদ খালী হৈ আছে। ইয়াৰে শিক্ষা বিভাগত সৰ্বাধিক ৫০,৪৬৫ পদ খালী হৈ আছে। ২০১৬ চনৰ পৰাই ৰাজ্যৰ বিভাগসমূহত এক লাখ পদ খালী হৈ আছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত সদনত দিয়া উত্তৰ অনুসৰি শ্ৰম আৰু কল্যাণ বিভাগত ২০১৬ চনৰ পৰাই খালী হৈ আছে তৃতীয় বৰ্গৰ ৫৪ টা পদ। একেদৰে পশুপালন বিভাগত ২,১৫২ টা পদ, মীন বিভাগত ২৫৮ টা পদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২,১৩৭ টা পদ, সাধাৰণ প্ৰশাসনিক বিভাগত ৮৩০টা পদ, লোক নিৰ্মাণ বিভাগত ১,৩০৮ টা পদ, ভূমি সংৰক্ষণ বিভাত ৫২৬ টা পদ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত ৭১২ টা পদ, শিক্ষা বিভাগত ৫০,৪৬৫ টা পদ, চাহ জনজাতি কল্যাণ বিভাগত ৬ টা পদ, মুখ্যমন্ত্ৰীৰ সচিবালয়ত ২ টা পদ, সংখ্যালঘু কল্যাণ বিভাগত ২০টা পদ, চৰ উন্নয়ন বিভাগত ২০টা পদ, পাব্লিক এণ্টাৰপ্ৰাইজ বিভাগত ২টা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত ৬টা, তথ্য আৰু প্ৰযুক্তি বিভাগত ৯টা, সচিবালয়ৰ প্ৰশাসনিক বিভাগত ৭১৯টা, পাৰ্ছনেল বিভাগত ১৪৪টা, তথ্য আৰু জনসংযোগ বিভাগত ১০৭টা পদ, ভৈয়াম জনজাতি উন্নয়ন বিভাগত ৩৪৮টা পদ, পৰিবহণ বিভাগত ১,০০১টা পদ, পৰিৱেশ আৰু বন বিভাগত ২,৯১৮টা পদ, আবকাৰী বিভাগত ৪৫৯টা পদ, কৃষি বিভাগত ৯৬২টা, পৰ্যটন বিভাগত ১৪৪টা পদ, টি ডি বিভাগত ৫২২টা পদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৯,৩৫৩ টা পদ, পেঞ্চন বিভাগত দুটা, নগৰ উন্নয়ন বিভাগত ১৯১ টা পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগত ১,০০৫ টা, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত ১১টা, প্ৰিণ্টিং এণ্ড ষ্টেচনেৰী বিভাগত ৬৮ টা, সাংস্কৃতিক বিভাগত ৫৬১ টা, ন্যায়িক বিভাগত ৬৭৮ টা, বিত্ত বিভাগত ৯৫২ টা, সীমান্ত অঞ্চল উন্নয়ন বিভাগত ৯৮ টা, জলসিঞ্চন বিভাগত ২,২৫৩টা, বিধানসভাত ২৯টা পদ, গুৱাহাটী উন্নয়ন বিভাগত ১,০৯২ টা, উদ্যোগ আৰু বাণিজ্য বিভাগত ৫২৩ টা, সমাজ কল্যাণ বিভাগত ৬৬৬টা, সমবায় বিভাগত ৩৭১ টা, হস্ততাঁত আৰু বস্ত্ৰ নিগম বিভাগত ৯৮৮টা, শক্তি বিভাগত ৪৮টা, দক্ষতা বিকাশ আৰু কৌশল বিভাগত ৮৭৬ টা, খনি বিভাগত ২১টা, ৰাজহ বিভাগত ১,১৩৯টা আৰু গৃহ আৰু ৰাজনীতি বিভাগত দ্বিতীয় সৰ্বাধিক ২০,২৪৮ টা পদ খালী হৈ আছে। খালী হৈ থকা পদসমূহ প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ বৰ্গৰ শ্ৰেণীলৈ আছে। এক লাখতকৈ অধিক খালী হৈ থকা পদ পূৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here