Home Main Stories নিম্ন আদালতত নিষ্পত্তি নোহোৱাকৈ আছে ৪ কোটি গোচৰ

নিম্ন আদালতত নিষ্পত্তি নোহোৱাকৈ আছে ৪ কোটি গোচৰ

157
0

সুস্থ গণতন্ত্ৰৰ বাবে সুলক্ষণ নহয় চৰকাৰে বাৰাম্বাৰ আদালতৰ সিদ্ধান্তক উপেক্ষা কৰা ঃ এন ভি ৰমান্না

নতুন দিল্লী, ৩০ এপ্ৰিল ঃ চৰকাৰে আদালতৰ সিদ্ধান্তক উপেক্ষা কৰাটো সুস্থ গণতন্ত্ৰনৰ বাবে সুলক্ষণ নহয়। চৰকাৰে বহুবছৰ ধৰি আদালতৰ সিদ্ধান্তসমূহ কাৰ্যকৰী নকৰে। ইচ্ছাকৃতভাৱে আদালতৰ আদেশৰ ওপৰত কাম নকৰাটো দেশৰ বাবে উচিত নহয় বুলি আজি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমান্নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ৰাজ্যত আটাইকেইগৰাকী মুখ্যমন্ত্ৰী আৰু মুখ্য ন্যায়াধীশৰ এখন যুটীয়া সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়— বহু সময়ত আইন বিভাগৰ পৰামৰ্শ আৰু মতামত কাৰ্যবাহীৰ দ্বাৰা উপেক্ষা কৰা হয়। দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ১১তম মুখ্যমন্ত্ৰী আৰু মুখ্য ন্যায়াধীশৰ সন্মিলনত এন ভি ৰমান্নাই আৰু কয় সংবিধানত গণতন্ত্ৰতৰ তিনিটা অংগৰ মাজত ক্ষমতাত বিভাক্ত কৰা হৈছে। আমাৰ দায়িত্ব নিয়াৰীকৈ পালন কৰাৰ সময়ত লক্ষ্মণ ৰেখাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব লাগে। তেওঁ লগতে কয়— নিম্ন আদালতসমূহত ৪ কোটি গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। সেই বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে।

এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও উপস্থিত থাকে আইনমন্ত্ৰী কীৰেন ৰিজিজু, ৰাজ্যৰ মুখ্যমন্ত্ৰী, উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, ট্ৰিবিউনেলৰ প্ৰমুখ আৰু বহুকেইগৰাকী ন্যায়িক বিষয়া। এই সন্মিলনত প্ৰধানমন্ত্ৰীয়ে কয় যে আদালতত স্থানীয় ভাষাসমূহক উৎসাহিত কৰিব লাগিব। ই ন্যায় ব্যৱস্থাৰ ওপৰত দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত আস্থা বৃদ্ধি কৰিব, তেওঁলোকে ইয়াৰ সৈতে জড়িত থকাৰ অনুভৱ কৰিব। দেশত ৩.৫ লাখ কয়েদীৰ বিচাৰ চলি আছে আৰু বিচাৰৰ নিষ্পত্তিৰ ওপৰত গুৰুত্ব দিয়া উচিত। সকলো মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক ইয়াৰ প্ৰতি মনোযোগ দিবলৈ অনুৰোধ জনাইছে। তেওঁ লগতে কয় যে স্বাধীনতাৰ এই ৭৫ বছৰে ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ দুয়োৰে ভূমিকা আৰু প্ৰতিদান ধাৰাবাহিকভাৱে স্পষ্ট কৰি আহিছে। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই দেশক দিশ প্ৰদান কৰিবলৈ এই সম্পৰ্ক নিৰন্তৰভাৱে বিকশিত হৈছে। দেশৰ ন্যায়াধীশৰ সংখ্যা পূৰণৰ দিশত নিৰন্তৰভাৱে কাম কৰি আছোঁ বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে আমাৰ দেশত ন্যায়পালিকাৰ ভূমিকা সংবিধান ৰক্ষা কৰা আৰু নাগৰিকৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here