Home Main Stories মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

77
0

শীঘ্ৰে ১ লাখ নিৱনুৱাক নিযুক্তি, মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত কমিটী গঠন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ মে’ : ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক ভাল খবৰ। নিৰ্বাচনৰ সময়ত বিজেপি মিত্ৰজোঁটে ৰাজ্যবাসীক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ আজি প্ৰথমখন কেবিনেটতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰে অতিকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে নিৰ্বাচনৰ সময়ত দিয়া ১ লাখ নিবনুৱা যুৱক-যুৱতীক দিয়া নিযুক্তিৰ প্ৰতিশ্ৰুতি। আজি প্ৰথমখন কেবিনেটতেই এই বিষয়টোৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত প্ৰতিশ্ৰুতি অনুসৰি কিদৰে ১ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা যাব, সেই সন্দৰ্ভত বিস্ত´ত খচৰা প্ৰস্তুত কৰিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগক অধ্যক্ষ হিচাপে লৈ এখন কমিটী গঠন কৰি দিয়া হয়। উক্ত কমিটীখনে এমাহৰ ভিতৰত নিযুক্তি সম্পৰ্কীয় খচৰা দাখিল কৰিব লাগিব।
ইপিনে ৰাজ্যত শেহতীয়াকৈ ক’ভিড মহামাৰীয়ে যি জটিল ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কেবিনেটে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কোৰোনা মহামাৰীয়ে যাতে জটিল ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কেবিনেটে প্ৰতিগৰাকী মন্ত্ৰীক দুখন বা ততোধিক জিলাৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট জিলাখনৰ উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ সহযোগত পৰ্যালোচনা কৰি তিনিদিনৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। উক্ত প্ৰতিবেদন মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব লাগিব।
আনহাতে ১৫ দিনলৈকে যদি সংক্ৰমণ বৃদ্ধি পায়, তেন্তে আজিৰ কেবিনেটে আৰ্থিকভাৱে দুৰ্বলসকলক বিত্তীয় সাহায্য প্ৰদান কৰাৰ পোষকতা কৰে আজিৰ কেবিনেটে। কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দি কয় যে নিৰ্বাচনৰ সময়ত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ কথা কোৱা হৈছিল। কেনেদৰে ঋণ ৰেহাই দিব পৰা যাব আৰু কিমান মহিলাই এইক্ষেত্ৰত সকাহ লাভ কৰিব সেই সন্দৰ্ভত বিস্ত´ত খচৰা প্ৰস্তুত কৰিবলৈ মন্ত্ৰী অশোক সিংঘালক সভাপতি হিচাপে লৈ এখন কমিটী গঠন কৰি দিয়া হয়। উক্ত কমিটীখনে এমাহৰ ভিতৰত খচৰা দাখিল কৰিব লাগিব। ইপিনে অসম চৰকাৰৰ কেবিনেট বৈঠক প্ৰতি সপ্তাহতেই বুধবাৰে ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হ’ব। ক’ভিড সন্দৰ্ভত পূৰ্বতকৈ অধিক কঠোৰ হ’ব বুলি মন্ত্ৰী মহন্তই জানিবলৈ দি কয় যে কাইলৈ দিনৰ ১১ বজাত ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে নতুন নিৰ্দেশনা ঘোষণা কৰিব। ইয়াত লকডাউনৰ কোনো সম্ভাৱনা নাই। ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে পূৰ্বতকৈ কঠোৰ হ’ব চৰকাৰ। ইপিনে এনআৰএলৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা হ’ব বুলিও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here