Home স্থানীয় নামতি ৰজাবাৰীত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

নামতি ৰজাবাৰীত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

162
0

প্ৰতিবেদক, নাজিৰা, ১১ জুনঃ নাজিৰাৰ । নামতি ৰজাবাৰীত উদ্ধাৰ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ ৷ গেলেকী আঠখেল বন বিভাগে পিঞ্জৰাবদ্ধ কৰে বন ৰজাক ৷ ৰজাবাৰী অঞ্চলটোত দীৰ্ঘদিন ধৰি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে ৷ স্থানীয় ৰাইজৰ সহযোগত গেলেকী আঠখেল খণ্ড বন বিভাগে বন ৰজাক ধৰিবলৈ এখন চাহ বাগিচাত পিঞ্জৰাৰ ব্যৱস্থা কৰিছিল ৷ অৱশেষত বুধবাৰে নিশা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হ’ল ৷ ইফালে পুৱালৈ নাহৰফুটুকীটো চাবৰ কাৰণে সকলো আতংক পাহৰি বহু লোকৰ সমাগম হয় বাঘটোক আৱদ্ধ কৰি ৰখা স্থানত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here