Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় দেশৰ ৫,০০০ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰয়োজন ২২,০০০ চিকিৎসকৰ, পদ খালী ৯২৬৮ টা:...

দেশৰ ৫,০০০ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰয়োজন ২২,০০০ চিকিৎসকৰ, পদ খালী ৯২৬৮ টা: সমূহীয়া স্বাস্থ্য কেন্দ্ৰত নাই ৬৮ % চিকিৎসক

71
0


নতুন দিল্লী, ৮ মে’ ঃ গ্ৰামাঞ্চলত চিকিৎসকৰ অভাৱেৰে সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহ চলি আছে৷ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দেশৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহত বহু মাত্ৰাত ছাৰ্জন, শিশু চিকিৎসক, ধাই, মহিলা ৰোগ বিশেষজ্ঞ আৰু জেনেৰেল ফিজিচিয়ানৰ দৰে চিকিৎসকৰ অভাৱেৰে পৰিচালিত হৈ আছে৷ ২০২০ বৰ্ষত মুঠ মৃত্যু হোৱা লোকৰ ৪৫ শতাংশ চিকিৎসাৰ অভাৱতেই মৃত্যু ঘটিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন প্ৰকাশ কৰিছে৷ ২০২০ বৰ্ষত মুঠ ৮২ লাখ লোকৰ মৃত্যু ঘটিছিল৷ ইয়াৰ মাজতে কেন্দ্ৰই শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰিছে যে গ্ৰামাঞ্চলৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহত পৰ্যাপ্ত পৰিমাণৰ নাই চিকিৎসক৷ চিকিৎসকৰ অভাৱতেই সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহ চলি আছে৷ এই কেন্দ্ৰসমূহত ৬৮ শতাংশ ছাৰ্জন, শিশু চিকিৎসক, ধাই, মহিলা ৰোগ বিশেষজ্ঞ আৰু জেনেৰেল ফিজিচিয়ান আৱশ্যক৷ কিন্তু বৰ্তমান এইসমূহ কেন্দ্ৰত বিশেষজ্ঞ চিকিৎসক নথকাকৈয়ে চলি আছে৷ গ্ৰামাঞ্চলৰ প্ত,০০০ তকৈ অধিক সমূহীয়া স্বাস্থ্যকেন্দ্ৰত ২২,০০০ চিকিৎসকৰ প্ৰয়োজন৷ কিন্তু এনে আৱশ্যকতাৰ মাজতো এইসমূহ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ স্বীকৃত পদৰ সংখ্যা হৈছে ১৩,৬৩৭টা৷ তাৰ ভিতৰতো জ্ঝ,২৬৮টা পদ পূৰণ নোহোৱাকৈয়ে আছে৷ এনেদৰে এতিয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহ পৰিচালিত হ’বলৈ ধৰিছে ভাৰতত৷ ২০০৫ত সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহত চিকিৎসকৰ প্ৰয়োজন আছিল ৪৬ শতাংশ৷ কিন্তু এতিয়া ইয়াৰ সংখ্যা ৬৮ শতাংশলৈ বৃদ্ধি পাইছে৷ সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহত ছাৰ্জনৰ ৭২.৩ শতাংশ পদ খালী হৈ আছে৷ ঠিক একেদৰে প্ৰসূতি আৰু মহিলা ৰোগ বিশেষজ্ঞৰ ৬৪ শতাংশ পদ খালী হৈ থকাৰ বিপৰীতে জেনেৰেল ফিজিচিয়ানৰ ৬৯ শতাংশ আৰু শিশু ৰোগ বিশেষজ্ঞৰ ৬৭.ৰ শতাংশ পদ খালী হৈ আছে৷ মধ্য প্ৰদেশত স্বীকৃত পদৰ সংখ্যা হৈছে ৯৪৫টা৷ ইয়াৰে ৯০২টা পদেই খালী হৈ আছে৷ একেদৰে বিহাৰৰ স্বীকৃত পদৰ সংখ্যা হৈছে ৮৩৬টা৷ ইয়াৰে ৭৩০টা পদেই খালী হৈ আছে৷ একেদৰে ঝাৰখণ্ডৰ স্বীকৃত পদৰ সংখ্যা হৈছে ৬৮৪টা৷ ইয়াৰে ৪৯৮টা পদ পূৰণ নোহোৱাকৈয়ে আছে৷ ওড়িশাৰ ক্ষেত্ৰত স্বীকৃত পদৰ সংখ্যা হৈছে ৰ,৫১১ টা, ইয়াৰে ৰ,২০০ টাতকৈ অধিক পদ খালী হৈ আছে৷ কৰ্ণাটক আৰু তেলেংগানাৰ দৰে দক্ষিণ ৰাজ্যসমূহত স্বীকৃত পদৰ ৫০ শতাংশতকৈ অধিক পদ খালী হৈ আছে৷ অন্ধ্ৰপ্ৰদেশত ৩২ শতাংশ আৰু তামিলনাডুত ২৩ শতাংশ পদ খালী হৈ আছে৷ কেৰালাই একমাত্ৰ ৰাজ্য, য’ত স্বীকৃত পদসমূহ পূৰণ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here