Home Main Stories বৃদ্ধ পিতৃ-মাতৃক এৰি সংগঠনত যোগদান কৰাত আলফাই বাধা দিব লাগে : মুখ্যমন্ত্ৰী...

বৃদ্ধ পিতৃ-মাতৃক এৰি সংগঠনত যোগদান কৰাত আলফাই বাধা দিব লাগে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

292
0

গণ বাৰ্তা, চৰাইদেউ,১ মে’ ঃ নিজৰ পত্নী, সন্তান তথা বৃদ্ধ পিতৃ-মাতৃক ঘৰত এৰি থৈ আলফাত যোগদান কৰাত আলফা স্বাধীনে নিজে বাৰণ কৰিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ নিজৰ ভৱিষ্যতৰ লগতে ঘৰ-পৰিয়ালৰ সদস্যসকলক অন্ধকাৰত ৰাখি আলফা স্বাধীনত যোগদান কৰাতকৈ অসমতে থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাহে উচিত৷ সেয়েহে এই ব’হাগতে চৰকাৰৰ লগত আলোচনাত বহিবলৈ আলফা স্বাধীনৰ প্ৰতি আহ৩ান মুখ্যমন্ত্ৰীৰ৷ উজনি অসমৰ দুখন গুৰুত্বপূৰ্ণ জিলা শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ দুদিনীয়া কাৰ্যসূচীৰে অহা অহা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাৰিত উপস্থিত হৈ এই মন্তব্য কৰে৷ আনহাতে ক’ভিড সম্পৰ্কীয় কথা-বতৰাবোৰ এৰি চলিবলৈ সকলোকে আহ৩ান জনোৱা লগতে এতিয়া ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা দিয়াৰ প্ৰয়োজন নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ৷ ক’ভিডৰ বাবে যোৱা দুটা বছৰত ৰাজ্যৰ চৰকাৰ তথা সকলো শ্ৰেণীৰ লোকেই অধিক ক্ষতিগ্ৰস্ত হ’ল৷ এতিয়া ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাহে দৰকাৰ৷ গতিকে সকলোৱে অৰ্থনৈতিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দিব লাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ৷ উল্লেখ্য যে সোণাৰিৰ ৰজাপুখুৰীত নিৰ্মীয়মাণ চৰাইদেউ মেডিকেল কলেজৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত বুজ ল’বলৈ আজি আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ চৰাইদেউ মেডিকেল কলেজৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰাৰ লগতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি আগন্তুক ২০২৪ চনৰ শেষৰ ফালে চৰাইদেউ মেডিকেল কলেজ মুকলি কৰিব পৰা হ’ব বুলি মন্তব্য কৰে সাংবাদিকৰ আগত৷ দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণৰ বাবে অহা মুখ্যমন্ত্ৰীগৰাকীৰ লগত আজি ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহন, শক্তি মন্ত্ৰী বিমল বড়া, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ লগতে বহুকেইগৰাকী উচ্ছপদস্থ বিষয়া উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here