Home Main Stories ‘এই গণতন্ত্ৰ কাৰ বাবে?’ -প্ৰমোদ চেতিয়া

‘এই গণতন্ত্ৰ কাৰ বাবে?’ -প্ৰমোদ চেতিয়া

535
0

গণমত,প্ৰমোদ চেতিয়া : কোৱা হয় “গণতন্ত্ৰত ৰাইজে ৰজা”। ৰাইজৰ দ্বাৰা গঠিত চৰকাৰে ৰাইজক শাসন কৰে।অতি উত্তম প্ৰণালীৰ চৰকাৰ,আমাৰ দেশ ভাৰতবৰ্ষই বিশ্বৰ ভিতৰত এখন বিশাল গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাবে পৰিচিত।কিন্তু দিন কাল আজি বদলি হ’ল,কথাষাৰ আজিৰ তাৰিখত কিবা অাঁচহুৱা যেন লাগে।সময়ৰ পৰিবৰ্তনৰ লগে লগে কথাষাৰৰ তাৎপৰ্য যেন বিলুপ্তিৰ পথত।তাহানিৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ  সুত্ৰ অনুসৰি “Democracy is of the people, by the people, For the people ” গণতন্ত্ৰ”ৰ ওপৰত দাঙিধৰা সকলো বিলাক সুত্ৰৰ ভিতৰত  আটাইতকৈ গ্ৰহণ যোগ্য সুত্ৰ বুলি বিশ্বৰ ৰাজনীতি বিজ্ঞানী সকলে মানি লৈছে।পিছে আজিৰ তাৰিখত এই সুত্ৰৰ অৱসান ঘটিবলে গৈ আছে।গণতন্ত্ৰত আজি ৰাইজে,ৰাইজৰ বাবে শাসন কৰাৰ চৰকাৰৰ দিন উকলি যোৱাৰ সময় ।”গণতন্ত্ৰ”আজি ভূলুন্ঠিত হৈছে। ৰাইজৰ শাসনৰ দিনৰ বিলুপ্তিৰ পথত।এক কথাত কবলৈ গলে ,দেশত আজি স্বৈৰতন্ত্ৰ,ৰাজতন্ত্ৰৰ শাসন আৰম্ভ হৈছে বুলি কলে হয়তু ভুল কোৱা নহব।যোৱা কিছু দশকৰ পৰাই ভাৰতীয় “গণতন্ত্ৰ”লৈ ভাবুকি আহিছে।গণতন্ত্ৰ ওপৰত দাঙি ধৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সেই মহান সুত্ৰ আজি যেন ধোঁৱাচাঙত।তাহানিৰ গণতন্ত্ৰৰ প্ৰাসংগিকতা আজি আৰু অপ্ৰাসংগিক হৈ পৰিছে।আমাৰ দেশে এইবাৰ ৭৩ সংখ্যক “গণৰাজ্য” দিৱস পালন কৰিবলে গৈ আছে। দেশত ক’ৰোণাৰ সংকটৰ সময়ত প্ৰ’টকল মানি চলি অসমে ব্যাপক ভাবে গণৰাজ্য দিৱস উদযাপন কৰিবলে যো জা কৰিছে।কিন্তু কথা হ’ল এফালে চৰকাৰে ঘোষণা কৰা ক’ৰোণাৰ আতংক,দব্যৰ মুল্য বৃদ্ধি,ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰ্দোষীৰ ওপৰত গুলী চালনা, আন ফালে ৰাজ্যখনত ধাৰাবাহিক ভাৱে চলি থকা হাড় কপোৱা ঠাণ্ডাই সাধাৰণ মানুহৰ জীৱন জীৱিকা স্থবিৰ কৰি তুলিছে।এচ অ পি,ৰ আশিলা লৈ ক্ষমতাৰ ৰাগীত বলিয়ান একাংশ  চৰকাৰী বাহিনীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি সাধাৰণ জনতাৰ মাজত এক প্ৰকাৰ সন্ত্ৰাস চলাই ৰাজ্যখনৰ পৰিস্থিতি অশান্ত কৰি তুলিছে ।এনে পৰিস্থিতিত আজি ভাৰতৰ দৰে এখন স্বাধীন দেশৰ নাগৰিক হিচাবে সাধাৰণ প্ৰজাৰ জীৱন আৰু সম্পতিৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ উদ্ভৱ হৈছে।গণতান্ত্ৰিক দেশ এখনৰ সাধাৰণ নাগৰিকৰ বাবে গণতন্ত্ৰৰ নামত আজি নাটক চলিছে। সাধাৰণ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতা সকলৰ মুখত গণতন্ত্ৰৰ বক্তৃতাৰ ফুল জাৰিৰ মুল্যই বা কত ?দেশত আজি এইবোৰ কি ঘটিছে? সংবিধান প্ৰদত্ত গণতন্ত্ৰৰ খৰ্ব হৈছে কাৰ স্বাৰ্থত? সংবিধান কেৱল গণতন্ত্ৰৰ ৰক্ষা কৱচ হৈয়ে ৰব নেকি? গণতন্ত্ৰ আজি সকলোৰে বাবে নহয়,সাধাৰণ জনগণৰ ৰক্ষা কৱচ হৈ থকা নাই,গণতন্ত্ৰক আজি শাসক গোষ্ঠীটোৱে নিজৰ স্বাৰ্থ ৰক্ষাৰ কৱচ হিচাবে ব্যৱহাৰ কৰিছে। সংবিধানে প্ৰদান কৰা “গণতন্ত্ৰ”একাংশ পুজিপতি,ধনী শ্ৰেণীৰ লোকৰ খেলৰ পুতলাত পৰিণত হৈছে।এই শ্ৰেণীটোৱে আনৰ অধিকাৰ আজুঁৰি লৈছে যাতে যেতিয়াই য’ত মন যায় তেতিয়াই ব্যৱহাৰ কৰি উপভোগ কৰিব পাৰে।সাধাৰণ মানুহৰ কাৰণে আজিৰ গণতন্ত্ৰ মুল্যহীন। সংবিধানে দিয়া অধিকাৰ আজি গৰীৱ, শ্ৰমিক, কৃষক খাটিখোৱা শ্ৰেণীৰ লোকৰ বাবে নহয়। গণতন্ত্ৰক অপহৰণ কৰা হৈছে।সংবিধানে যোগ্যতা অনুসাৰে প্ৰত্যেক ভাৰতীয় নাগৰিকক চাকৰি কৰাৰ গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰিছে সঁচা কথা,সেই অনুসৰি মাহৰ মুৰত দৰমহা পোৱাটো কৰ্মচাৰী জনৰ প্ৰাপ্য অধিকাৰ।কিন্তু আজি চৰকাৰী বে চৰকাৰী কিছু কিছু বিভাগত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীয়ে,মাহৰ মুৰত প্ৰাপ্য দৰমহা কেইটাৰ কাৰণে আন্দোলন কৰিব লাগে,ধৰ্ণা দিব লাগে, ৰাজপথত প্ৰতিবাদ কৰিব লাগে। আৰু তেনে আন্দোলন প্ৰতিবাদক চৰকাৰী বাহিনীৰ হতুৱাই শাসক পক্ষই কঠোৰ ভাৱে দমন কৰা হৈছে। কাম কৰাৰ অধিকাৰ আপোনাৰ আছে,কিন্তু পাৰিশ্ৰমিক লোৱাৰ অধিকাৰ আজি কাঢ়ি নিয়া হৈছে। দেশৰ গণতন্ত্ৰই আজি এই পৰ্যায় পাইছে গৈ। তেনে হলে এই শ্ৰেণী  লোকৰ গণতান্ত্ৰিক অধিকাৰৰ কিবা মুল্য বাছি থাকিল ক’ত? ২৬ জানুৱাৰী  দিনতোও আজিৰ একাংশ লোকে এমুঠি খাদ্যৰ কাৰণে হাতত হাতুৰী বটালি,হাতিয়াৰ লৈ পুৱাতে দিন হাজিৰা বিচাৰি নগৰ চহৰৰ তিনি অালি চাৰি আলিত গৈ শ্ৰম বিক্ৰীৰ কৰিবলৈ জুম বান্ধি ঘণ্টাৰ পিছত ঘণ্টা থিয় দি ৰৈ থাকিব লাগে।যি কোনো এটা দিন হাজিৰা লাগে। নহলেও যে গধুলিৰ চৌকাত জুই নজ্বলে। ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশৰ প্ৰতিজন নাগৰিকৰ বাবে সংবিধান কিছুমান অধিকাৰ প্ৰদান কৰিছে সঁচা কথা,কিন্তু সেই অধিকাৰ আজি সাধাৰণ লোকৰ পৰা শাসক গোষ্টীয়ে বলপুৰ্বক হৰণ কৰিছে। গণতান্ত্ৰিক অধিকাৰ প্ৰতিজন ভাৰতীয়ৰ বাবে আজি সম্ভব হৈছে নে?আজিও দেশৰ জনসংখ্যাৰ এক বুজন সংখ্যক নাগৰিকে দুবেলা দুমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে।নিতৌ অনাসাৰে অনেক জনৰ মৃত্যুৰ খবৰ সাধাৰণ ঘটনাত পৰিণত হৈছে। কিছু সংখ্যকে বাসস্থানৰ অভাৱত নগৰ চহৰৰ গলি,মন্দিৰ,কবৰ স্থান,ফুট পাথ ,অভাৰ ব্ৰীজৰ তলত আশ্ৰয় লৈ দিন কটাব লগা হৈছে।দেশৰ গণতন্ত্ৰ এই সকলৰ বাবে তেনেই অবান্তৰ।সংবিধান প্ৰদত্ত এই গণতন্ত্ৰ তেন্তে কাৰ বাবে? এনে গণতন্ত্ৰ আমাৰ কাম্য আছিল নে?দেশ স্বাধীন হোৱা আজি ৭৫ বছৰৰ পিছতো সাধাৰণ জনতাৰ অন্ন,বস্ত,বাসস্থানৰ সমস্যাৰ ওৰ পৰা নাই।খাদ্য বিচাৰি মন্দিৰ,গীৰ্জা মছজিদৰ ডাষ্টবিনৰ ওচৰত ভিক্ষাৰীৰ লানি নিছিগা সোঁত। পেলনীয়া খাদ্যৰ বাবে হেতা ওপৰা। হোটেল,ৰেষ্টোৰা ৰাষ্টা ঘাত ফুট পাথ মন্দিৰ গীৰ্জাৰ সন্মুখত কোলাত কেচুৱা লৈ ভিক্ষা পাত্ৰ লৈ অগণন ভিক্ষাৰী,এমুঠি খাদ্যৰ বাবে হাহাকাৰ।এমুঠি পালেই দিনটো পাৰ কৰিব পাৰি কেচুৱাটোৰ মুখত কিবা এটা খোৱা বস্তু গুজি দিব  পাৰি। এইসকলৰ মানত গণতন্ত্ৰ,স্বাধীনতা অৰ্থহীন ।গণতন্ত্ৰ,স্বাধীনতাৰ অৰ্থ এওঁলোকে বুজি নেপায়। সংবিধানৰ প্ৰদত্ত গণতান্ত্ৰই এওঁ লোকক ঢুকি নেপায়।যি দেশত আজিও এমুঠি অন্নৰ কাৰণে হাহাকাৰ,জীৱনৰ মুল্য নাই ,নিৰাপত্তা নাই ,সেই দেশত গণতন্ত্ৰৰ কিবা মুল্য আছে নে ?এক শ্ৰেণী সুবিধা ভোগী ক্ষমতা লোভী ৰাজনীতিজ্ঞৰ হাতুৰাৰ গ্ৰাসত সাধাৰণ জনতাৰ গণতান্ত্ৰিত অধিকাৰ আজি খৰ্ব হৈছে।কোৱা হয় গণতন্ত্ৰ নাগৰিকৰ জন্মগত অধিকাৰ।এখন স্বাধীন দেশৰ নাগৰিকৰ সংবিধান প্ৰদত্ত অধিকাৰ।কিন্তু বাস্তৱ ক্ষেত্ৰত আমাৰ দেশত নাগৰিকে সেই অধিকাৰ উপভোগ কৰিবলে  পাইছে জানো?আজি সাধাৰণ শ্ৰেণীৰ জনগনে গণতান্ত্ৰিক অধিকাৰ বিলাক প্ৰাপ্য অনুসৰি উপভোগ কৰিবলে পাইছে জানো?সংবিধানৰ গণ্ডীৰ ভিতৰতে আৱদ্ধ আজি সাধাৰণ শ্ৰেণীৰ লোকৰ গণতান্ত্ৰিক অধিকাৰ।দেশৰ স্বাধীনতা আজি দেশৰ সেইসকল সুবিধা ভোগী শাসক গোষ্ঠী ৰাজনৈতিক  নেতা,আমোলা বিষয়াৰ, পুঁজিপতি, ব্যৱসায়ী ধনী শ্ৰেণীৰ কাৰণে।দেশৰ স্বাধীনতা সাধাৰণ খাটি খোৱা ,শ্ৰমিক কৃষক মেহনতী জনগনৰ কাৰণে নহয়।সুবিধা ভোগী গোষ্ঠীটোৱে সাধাৰণ জনগণৰ প্ৰাপ্য অধিকাৰ কাঢ়ি নিছে।অধিকাৰৰ দাবীত প্ৰতিবাদ কৰিবলে আজি বাক্ স্বাধীনতা কাঢ়ি নিয়া হৈছে। শান্তিপুৰ্ণ অহিংসা আন্দোলনক আজি কঠোৰ হাতেৰে দমন কৰা হৈছে।শিশু, মহিলা,ছাত্ৰ,শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰ অাজি খৰ্ব হৈছে।চৰকাৰী সাহায্যৰ হৰলুকী হৈছে ,হিতাধিকাৰীক বঞ্চিত কৰি সুবিধা ভোগীয়ে উপভোগ কৰিছে,সকলোতে ৰাজনীতি দুৰ্নীতি ভ্ৰষ্টাচাৰ,ইমানৰ পিছতো আমি কব লাগিব নেকি যে আমি স্বাধীন দেশৰ নাগৰিক।১৯৪৭ চনতে পোৱা স্বাধীনতা দেশৰ সকলো জনগনে উপভোগ কৰি আহিছে।তেন্তে হাজাৰ জন শ্বহীদৰ তেজৰ বিনিময়ত পোৱা এই স্বাধীনতা, এই গণতান্ত্ৰ কাৰ বাবে ? এনে স্বাধীনতা,এনে গণতন্ত্ৰ জানো আমাৰ কাম্য আছিল?

প্ৰমোদ চেতিয়া।
৮৬৩৮৭৮৫২৫৫,

LEAVE A REPLY

Please enter your comment!
Please enter your name here