Home অসম এয়া আমাৰেই পৰিয়ালৰ কাহিনী- ড॰ ৰীতা চৌধুৰী: গ্ৰন্থমেলাৰ বাকৰিত বিকাশ শৰ্মাৰ ‘‘ৰাজবাৰীৰ...

এয়া আমাৰেই পৰিয়ালৰ কাহিনী- ড॰ ৰীতা চৌধুৰী: গ্ৰন্থমেলাৰ বাকৰিত বিকাশ শৰ্মাৰ ‘‘ৰাজবাৰীৰ অন্তেষপুৰৰ অকথিত কাহিনী’’ উন্মোচন

364
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, প্ত জানুৱা: গৌৰীপুৰ ৰাজবাৰীৰ সৈতে মোৰ পাৰিবাৰিক সম্পৰ্ক আছে৷ সেয়েহে ইয়াৰ বিষয়ে ৰচিত গ্ৰন্থ এখন উন্মোচন কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ৷ আজি অসম গ্ৰন্থমেলাৰ বাকৰিত থকা তথ্য আৰু জনসংযোগ বিভাগৰ বিপণীত জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ ৰচিত ‘ৰাজবাৰীৰ অন্তেষপুৰৰ অকথিত কাহিনী’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি প্ৰসিদ্ধ সাহিত্যিক ড॰ ৰীতা চৌধুৰীয়ে এইদৰে কয়৷ গৌৰীপুৰৰ ৰাজবাৰীৰ মহান ঐতিহ্য সুঁৱৰি তেওঁ কয় যে এই ৰাজপৰিয়ালৰ তৃতীয়গৰাকী বধুৰাণী যশস্বী শিল্পী কিৰণবালা বৰুৱাই মোৰ মাৰ এটি মূৰ্তি বনাইছিল৷ প্ৰতিমা বৰুৱা পাণ্ডে, প্ৰমথেশ বৰুৱা, পাৰ্ৱতী বৰুৱা, প্ৰকৃতীশ বৰুৱা, নীহাৰবালা বৰুৱা, নীলিমা বৰুৱা আদি এই বহু বিশিষ্ট ব্যক্তিত্বৰ সমাহাৰ হোৱা বিশাল পৰিয়ালটোৰ বিষয়ে বহু জানিব লগীয়া কথা আছে বুলি মন্তব্য কৰি তেওঁ কয় যে বিকাশ শৰ্মাই অনুসন্ধিৎসু মনেৰে সেইবোৰ উদ্‌ঘাটন কৰি সকলোকে জানিবলৈ দিয়াটো অতি ভাল কথা হৈছে৷ ইয়াৰ আগতে গ্ৰন্থখনৰ এটি পৰিচয় দাঙি ধৰি লেখক বিকাশ শৰ্মাই কয় যে ধুবুৰী জিলাত জনসংযোগ বিষয়া হিচাপে কৰ্তব্যৰত হৈ থকা অৱস্থাতে গৌৰীপুৰ ৰাজবাৰীৰ নিকট সান্নিধ্যলৈ আহি বহু কথা জানিব পাৰিছিলোঁ৷ এই কাহিনীবোৰ বহুতৰে অজানা, উপন্যাসৰ দৰে মনোৰম অথচ সত্য৷ এই কাহিনীবোৰ দুখন বহুল প্ৰচলিত কাকতত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱাৰ পিছত পাঠকৰ বিপুল সমাদৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াক গ্ৰন্থ আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা হয়৷ প্ৰকাশক প্ৰজ্ঞা মেডিয়াহাইপৰ স্বত্বাধিকাৰ উজ্জ্বল বৰাই কয় যে এই গ্ৰন্থখন সম্পূৰ্ণ ভিন্ন স্বাদৰ ৰচনাৰীতিৰ সাহসী উপস্থাপনেৰে এখন অতি ৰসসমৃদ্ধ অনুপম গ্ৰন্থ৷ এনে এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ পাই তেওঁ অতি সুখী অনুভৱ কৰিছে বুলি উল্লেখ কৰে৷ অনুষ্ঠানত নৱ প্ৰজন্মৰ পৰিচিত লেখক ৰূপম দত্ত, উজ্জ্বল দিপ্লু গগৈ, পাপু লেফটিয়াছ আৰু ধ্ৰnৱজ্যোতি অজুৰ্না আদিও উপস্থিত থাকে৷ উল্লেখ্য যে ‘এজন হাজোতীৰ দিনলিপি’ৰে পৰিচিতি লাভ কৰা প্ৰাক্তন সাংবাদিক তথা কবি-গল্পকাৰ বিকাশ শৰ্মাৰ দ্বাৰা ৰচিত এইখন অষ্টমখন প্ৰকাশিত পুথি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here