গুৱাহাটী, ৫ ডিচেম্বৰ : গৌৰীপুৰ ৰাজবাৰীৰ সৈতে মোৰ পাৰিবাৰিক সম্পৰ্ক আছে। সেয়েহে ইয়াৰ বিষয়ে ৰচিত গ্ৰন্থ এখন উন্মোচন কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। আজি অসম গ্ৰন্থ মেলাৰ বাকৰিত থকা তথ্য আৰু জনসংযোগ বিভাগৰ বিপনীত জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ ৰচিত “ৰাজবাৰীৰ অন্তেষপুৰৰ অকথিত কাহিনী” শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি প্ৰসিদ্ধ সাহিত্যিক ড: ৰীতা চৌধুৰীয়ে এইদৰে কয়। গৌৰীপুৰৰ ৰাজবাৰীৰ মহান ঐতিহ্য সুঁৱৰি তেওঁ কয় যে এই ৰাজপৰিয়ালৰ তৃতীয় গৰাকী বধুৰাণী যশস্বী শিল্পী কিৰণবালা বৰুৱাই মোৰ মাৰ এটি মূৰ্তি বনাইছিল। প্ৰতিমা বৰুৱা পাণ্ডে, প্ৰমথেশ বৰুৱা, পাৰ্ৱতী বৰুৱা, প্ৰকৃতীশ বৰুৱা, নীহাৰবালা বৰুৱা, নিলীমা বৰুৱা আদি এই বহু বিশিষ্ট ব্যক্তিত্বৰ সমাহাৰ হোৱা বিশাল পৰিয়ালটোৰ বিষয়ে বহু জানিব লগীয়া কথা আছে বুলি মন্তব্য কৰি তেওঁ কয় যে, বিকাশ শৰ্মাই অনুসন্ধিৎসু মনেৰে সেইবোৰ উৎঘাটন কৰি সকলোকে জানিবলৈ দিয়াটো অতি ভাল কথা হৈছে। ইয়াৰ আগতে গ্ৰন্থখনৰ এটি পৰিচয় দাঙি ধৰি লিখক বিকাশ শৰ্মাই কয় যে, ধুবুৰী জিলাত জনসংযোগ বিষয়া হিচাপে কৰ্তব্যৰত হৈ থকা অৱস্থাতে গৌৰীপুৰ ৰাজবাৰীৰ নিকট সান্নিধ্যলৈ আহি বহু কথা জানিব পাৰিছিলো। এই কাহিনীবোৰ বহুতৰে অজানা, উপন্যাসৰ দৰে মনোৰম অথচ সত্য। এই কাহিনীবোৰ দুখন বহুল প্ৰচলিত কাকতত ধাৰাবাহিকভাবে প্ৰকাশ পোৱাৰ পিছত পাঠকৰ বিপুল সমাদৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াক গ্ৰন্থ আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা হয়। প্ৰকাশক প্ৰজ্ঞা মেডিয়াহাইপৰ স্বত্তাধিকাৰ উজ্বল বৰাই কয় যে, এই গ্ৰন্থখন সম্পূৰ্ণ ভিন্ন স্বাদৰ ৰচনাৰীতিৰ সাহসী উপস্থাপনেৰে এখন অতি ৰস সমৃদ্ধ অনুপম গ্ৰন্থ। এনে এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ পাই তেওঁ অতি সুখী অনুভৱ কৰিছে বুলি উল্লেখ কৰে। অনুষ্ঠানত নৱ প্ৰজন্মৰ পৰিচিত লেখক ৰূপম দত্ত, উজ্বল দিপ্লু গগৈ, পাপু লেফটিয়াছ আৰু ধ্ৰুৱজ্যোতি অজুৰ্না আদিও উপস্থিত থাকে। উল্লেখযোগ্য যে “এজন হাজোতীৰ দিনলিপি”ৰে পৰিচিতি লাভ কৰা প্ৰাক্তন সাংবাদিক তথা কবি-গল্পকাৰ বিকাশ শৰ্মাৰ দ্বাৰা ৰচিত এইখন অষ্টমখন প্ৰকাশিত পুথি।