Home Main Stories খাৰুপেটীয়াত পিকনিক খাবলৈ গৈ গাড়ীৰ পৰা পৰি অকালতে মৃত্যুক আঁকোৱালি ল’লে মইনুল...

খাৰুপেটীয়াত পিকনিক খাবলৈ গৈ গাড়ীৰ পৰা পৰি অকালতে মৃত্যুক আঁকোৱালি ল’লে মইনুল হকে

199
0

খাৰুপেটীয়া ৫ জানুৱাৰী : দৰঙৰ খাৰুপেটীয়াত অঘটন। পিকনিকেই কাল হল এজন যুৱকৰ। ভৈৰৱকুণ্ডত পিকনিক খাবলৈ গৈ গাড়ীৰ পৰা পৰি মৃত্যুক সাবটিলে খাৰুপেটীয়াৰ হস্পিতাল কলনীৰ বাসিন্দা প্ৰয়াত ৰজব আলীৰ ১৯ বছৰীয়া পুত্ৰ  মইনুল হকে ।পৰিয়ালৰ লোকে অভিযোগ কৰা মতে যুৱকজন কেইদিনমান পুৰ্বে কেৰালাৰ পৰা  ঘৰলৈ আহিছে। পিতৃহীনা  মইনুলৰ লগত প্ৰায় পঞ্চাশ হেজাৰ টকা আছিল। পৰিয়ালৰ  সন্দেহ হয়তো  লগৰীয়াই তেওঁৰ টকাৰ লোভত পৰিকল্পিতভাবে গাড়ীৰ পৰা পেলাই দি টকাখিনি আত্মসাত কৰাৰ বাবে এই শোকাবহ ঘটনা সংঘটিত কৰিছে। যুবকজনে  খাৰুপেটীয়া অঞ্চলৰ 20/25 জনীয়া সতীৰ্থ বন্ধুসকলৰ সৈতে পুৱাৰ ভাগত ভৈৰৱকুণ্ডলৈ পিকনিক খাবলৈ গৈছিল। যুবকজনৰ মৃত্যুৰ বাতৰিয়ে খাৰুপেটীয়া অঞ্চলত শোকৰ ছা পৰিছে। ইফালে যুৱকজনৰ মৃতদেহ নিজ বাসগৃহত আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। পিচত শোকাকুল পৰিস্থিতিৰ মাজতেই যুৱকজনৰ জানাজা সম্পন্ন কৰা হয় । আনহাতে যুৱকজনৰ মৃত্যুৰ ৰহস্য কি আৰক্ষীৰ তদন্তৰ পিচতেই ওলাই পৰিব  মৃত্যুৰ প্ৰকৃত ঘটনা। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here