Home প্ৰৱন্ধ বলোৰাম ফুকন পথৰ বদিউজ জামালৰ পৰিয়ালৰ কথা : বুৰঞ্জীয়ে গৰকা গুৱাহাটীৰ লুইতপাৰৰ...

বলোৰাম ফুকন পথৰ বদিউজ জামালৰ পৰিয়ালৰ কথা : বুৰঞ্জীয়ে গৰকা গুৱাহাটীৰ লুইতপাৰৰ গড়গঞা পট্টি আৰু মাছখোৱা

559
0

মছদ্দৰ হুছেইন,২ ফেব্ৰুৱাৰী: বলোৰাম ফুকন পথত কুৰি শতিকাৰ মাজভাগমানৰ পৰা শুৱালকুছি, পলাশবাৰীৰ পৰা কিছু পৰিয়াল আহি থাকিবলৈ লয়৷ এই বলোৰাম বৰুৱা পথৰ বদিউজ জামাল ব্ৰিটিছৰ ডাঙৰ ঠিকাদাৰ আছিল৷ বদিউজ জামালৰ দেউতাক আছিল শিৱসাগৰ চহৰৰ হবিবুৰ ৰহমান৷ ভাগ্যৰ সন্ধানত বদিউজ জামাল শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহি মাছখোৱাৰ বলোৰাম ফুকন পথত থাকিবলৈ লয়৷ বদিউজ জামাল বদৰ ঠিকাদাৰ নামেৰে গুৱাহাটীত অতি জনপ্ৰিয় আছিল আৰু তেখেতে সামাজিক কাম-কাজত মুক্তহস্তে দান কৰিছিল৷ পশ্চিম গুৱাহাটী বিহু সন্মিলনৰ প্ৰধান পৃষ্ঠপোষক আছিল তেখেত৷ বদিউজ জামালৰ কে’বাজনো পুত্ৰ গুৱাহাটীৰ নাটক আৰু সংগীতৰ জগতখনৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল৷ অভিনেতা দুলু জামাল তেখেতৰে পুত্ৰ আছিল৷ অধ্যাপক ভূপেন সিং বদিউজ জামালৰ বৰ পুত্ৰ তাহেৰ জামাল [ধন]ৰ বন্ধু আছিল৷ তাহেৰ জামালৰ উদাৰতা সম্পৰ্কে এবাৰ ভূপেন সিং ছাৰে এটা ঘটনা কৈছিল– ‘‘ঢোলৰ যাদুকৰ মঘাই ওজাক পশ্চিম গুৱাহাটী বিহু সন্মিলনত প্ৰায়বাৰেই নিমন্ত্ৰণ কৰাটো এক অলিখিত নিয়মত পৰিণত হৈছিল৷ এবাৰ বিহুৰ চান্দা যথেষ্ট কম সংগৃহীত হৈছিল৷ সেইবাৰ ডাঙৰ শিল্পীলৈ নিমন্ত্ৰণ বহু পৰিমাণে কৰ্তন কৰিব লগীয়া হ’ল৷ মঘাই ওজালৈকো নিমন্ত্ৰণ নপঠোৱাৰ সিদ্ধান্ত হ’ল৷ কিন্তু বিহুৰ দিনা পুৱাই মঘাই ওজা আহি ওলাল, ক’লে কিবা কাৰণত নিমন্ত্ৰণী-পত্ৰখন গৈ নাপালে, কিন্তু পশ্চিম গুৱাহাটী মোৰ আপোন বিহুতলী, সেয়ে নিমন্ত্ৰণী-পত্ৰলৈ বাট চাই নাথাকি গুচি আহিলোঁ৷’’ সকলোৱে মঘাই ওজাক পাই আনন্দ পালে, কাৰ্যসূচীতো যথাৰীতি অংশগ্ৰহণ কৰিলে৷ মঘাই ওজাৰ আৰ্থিক অৱস্থাৰ কথা কমিটীৰ সকলোৱে জানে৷ গতিকে আনক নহ’লেও মঘাই ওজাক কিবা এটা মাননি দিব লাগিব৷ ৰাতি এঘৰত মঘাই ওজাক ৰখাৰ ব্যৱস্থা কৰি ধন বিচৰাত লাগিল সকলোৱে৷ সকলোৰে হাত উদং৷ তাহেৰ জামালে এটা দামী হীৰাৰ আঙুঠি পিন্ধিছিল৷ ভূপেন সিং আৰু দুজনমানক লৈ তাহেৰ জামালে ৰাতিয়েই এজন সোণাৰিক জগাই আঙঠিটো বিক্ৰী কৰি ধন লৈ মঘাই ওজাক মাননি দিলে৷ লগৰ সকলোকে সকীয়নি দলে যাতে কোনেও কথাটো ঘৰত নকয়৷ পিছত দেউতাকে হাতৰ আঙুলিত আঙুঠি নেদেখি কি হ’ল বুলি সোধাত ক’ৰবাত পৰি হেৰাল বুলি উত্তৰ দিলে, দেউতাক বদিউজ জামালেও একো নক’লে৷ পশ্চিম গুৱাহাটীৰ বহু সাংস্কৃতিক কৰ্ম-কাণ্ড বডিউজ জামালৰ ঘৰৰ পৰাই আৰম্ভ হৈছিল তেখেতৰ পুত্ৰ কেইজনৰ উদ্যোগত৷ সংগীত পৰিচালক অনুপম চৌধুৰীয়ে এই ঘৰখনৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে৷ অনুপম চৌধুৰীৰ হাতত প্ৰথম একৰ্ডিয়ান তুলি দিয়া মানুহজন আছিল দুলু জামাল৷ বি আৰ ফুকন পথৰ মাছখোৱা দুৰ্গা পূজা কমিটীৰ অন্যতম কৰ্মকৰ্তা আছিল ফাৰুক জামাল, পূজাত এজন সাধাৰণ কৰ্মীৰ দৰে দায়িত্ব পালন কৰিছিল৷সোণাৰাম উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পৰমানন্দ মেধিৰ মূল পৰিয়াল শুৱালকুছিৰ আছিল৷ পৰমানন্দ মেধি পশ্চিম গুৱাহাটীৰ সকলো সাংস্কৃতিক আৰু সামাজিক কামত অগৰণুৱা আছিল৷ মাছখোৱা ঈদগাহত বহুদিনলৈকে চলা, সম্প্ৰতি বন্ধ হৈ পৰা ঈদ স্প’ৰ্টছৰ তেওঁ সভাপতিও আছিল৷ এ টি ৰোডৰ আন এটি পুৰণি পৰিয়াল বিজয় দাসৰ দেউতাক চেনা দাস এই অঞ্চলৰ পুৰণি বাসিন্দা৷ চেনা দাস আৰু ককায়েক বোকোৰা দাস সোণাৰি আছিল আৰু ঘৰতেই সোণৰ শাল আছিল৷ বিজয় দাসৰ দেউতাকৰ দুগৰাকী পেহীয়েক আছিল পটেশ্বৰী আৰু তপেশ্বৰী৷ মাছখোৱাৰ এ টি ৰোডত এসময়ত ঊষা চিলাই মেচিনৰ কোম্পানী অফিচ আছিল, সেই পুৰণি আৰ চি চি গৃহটো আজি প্ৰায় ৭০ বছৰে একেদৰে আছে আৰু এতিয়াও ইয়াক ঊষা বিল্ডিং বুলিয়েই কয়৷ পূৰ্বতে এই মাটিখিনি বিয়াজান এগৰাকী মুছলমান মহিলাৰ আছিল৷ মানুহগৰাকীৰ কেওকিছু নাছিল৷ ভৰত দাস হাকিমৰ ডাঙৰ জীয়ৰী লক্ষীপ্ৰিয়া দাসক বিষয়াজনে নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল আৰু মাটিখিনি লক্ষীপ্ৰিয়াৰ নামত দি গৈছিল৷ এ টি ৰোড আৰু বলোৰাম ফুকন পথৰ মাছখোৱাৰ ফালৰ কোণাৰ মাটিখিনি আছিল ৰাজেশ্বৰ হাজৰিকাৰ পৰিয়ালৰ কোনো এগৰাকী মহিলাৰ, পাছত মাটিখিনি কাষৰ চেনা দাস আৰু বদৰুজ জামালে কিনি লয়৷ পাণবজাৰৰ বৰ্তমানৰ এছ পি বঙলাটোৰ মাটিডোখৰ নুৰল হকৰ ককাকৰ আছিল, পিছত ব্ৰিটিছে অধিগ্ৰহণ কৰাত তেওঁলোক মাছখোৱাৰ এ টি ৰোডলৈ উঠি আহে৷ তেওঁলোকৰ এ টি ৰোডৰ ঘৰটো গুৱাহাটীৰ অন্যতম পুৰণি পকীঘৰ আছিল৷ কুৰি শতিকাৰ শেষৰ তিনিটা দশকত কেইটামান ৰাজস্থানী মূলৰ পৰিয়ালে হেম বৰুৱা পথ, এ টি ৰোড আৰু বলোৰাম বৰুৱা পথত মাটি কিনি এই অঞ্চলৰ নিগাজী বাসিন্দা হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here