Home Main Stories হোজাইত হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ কপিলী নদীত পৰা এটা হাতীক লৈ...

হোজাইত হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ কপিলী নদীত পৰা এটা হাতীক লৈ চাঞ্চল্য৷

31
0

হোজাই বন বিভাগৰ দায়িত্বহীনতাত ২৪ ঘন্টা কপিলীৰ বোকাত আৱদ্ধ হৈ ৰল হাতীটো৷ দেহত আঘাতৰ চিন৷

মাহমুদ আলী, নীলবাগান, ১৭ মে : হোজাইৰ হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ এটা হাতীয়ে পথ হেৰুৱাই পৰি যায় কপিলী নৈত৷ দেওবাৰৰ পৰা ২৪ ঘন্টা কপিলী নদীৰ বোকাত আৱদ্ধ হৈ ৰল হাতীটো৷ আজি নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত সোমবাৰে পুৱা হাতীটোৱে নিজে নিজে পাৰলৈ উঠিবলৈ সক্ষম হয়৷ এই হাতীটোৰ দেহত প্ৰচণ্ড আঘাত দেখিবলৈ পোৱা গৈছে৷ হাতীটোৰ আগভৰিত গুৰুতৰ জখমৰ বাবে খোজ কাঢ়িব নোৱাৰা হৈছে হাতীটোৱে৷ হাতীটোৰ ভৰিত গুলীৰ আঘাতৰ পুৰণি চিন থকা প্ৰত্যক্ষ কৰিছে ৰাইজে৷ উপযুক্ত চিকিৎসা নাপালে হাতীটোৱে মৃত্যুক আঁকোৱালি লোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷
জানিব পৰা মতে হোজাইৰ দিঘলীবাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা হাতীৰ জাকটোৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল হাতীটো৷ হাতীৰ জাকটোক বিচাৰি বিচাৰি অৱশেষত কপিলী নদীত পৰি যায় হাতীটো৷ বিগত ২৪ ঘন্টা কপিলী নদীৰ বোকাত আৱদ্ধ হৈ থাকি হাতীটোৱে সোমবাৰে পুৱা প্ৰাণপনে চেষ্টা কৰি নিজে নিজে অৱশেষত পাৰলৈ উঠিবলৈ সক্ষম হয়৷ হাতীটো পাৰত উঠাৰ পিছতহে আজি হোজাই বন বিভাগৰ লোক আহি উপস্থিত হয় ঘটনাস্থলীত৷ ইফালে হাতীটোৰ গাত বহু আঘাতৰ চিন প্ৰত্যক্ষ কৰিছে ৰাইজে৷ হাতীটোৰ এটা ভৰিত পুৰণি গুলী লগাৰ জখম দেখিবলৈ পোৱা গৈছে৷ গাৰ বিভিন্ন ঠাইত দেখা গৈছে আঘাতৰ চিন৷ এখন ভৰিত থকা আঘাতৰ বাবে হাতীটোৱে খোজ কাঢ়িব নোৱাৰা হৈছে৷ বহুদিন পূৰ্বে হাতীটোক কোনো চোৰাং চিকাৰীয়ে গুলীওৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ গুলীৰ আঘাতৰ চিনো হাতীৰ ভৰিত দেখা পোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে বন বিভাগৰ লোকেও৷
ঘটনাস্থলীলৈ ইতিমধ্যে হোজাই বন বিভাগৰ ৰেঞ্জাৰ, হোজাই বন বিষয়া ৰাওনা হৈছে৷ হাতীটোক যথাসময়ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে হাতীটো মৃত্যুমুখত পৰিব পাৰে বুলি স্থানীয় লোকে মন্তব্য কৰিছে৷ উল্লেখ্য যে প্ৰকাণ্ড হাতীটো কপিলী নৈত পৰি ২৪ ঘন্টা বোকাত আৱদ্ধ হৈ থকাৰ পিছতো কমিছনৰ লোভত কেৱল বালি, পাথৰ আৰু আগৰৰ গাড়ীৰ পিছে পিছে দৌৰি ফুৰা হোজাই বন বিভাগে কোনো খৱৰ নোপোৱা বিষয়টোৱে হোজাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here