Home নগাঁও বাংকাৰৰ ভিতৰত দুদিন নোখোৱাকৈ আছিল মামু:ইউক্ৰেইনৰ পৰা আহি নগাঁৱৰ নিজ বাসগৃহত উপস্থিত...

বাংকাৰৰ ভিতৰত দুদিন নোখোৱাকৈ আছিল মামু:ইউক্ৰেইনৰ পৰা আহি নগাঁৱৰ নিজ বাসগৃহত উপস্থিত মামু হাজৰিকা

370
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৬ মাৰ্চ: ইউক্ৰেইনত এতিয়াও আবদ্ধ হৈ আছে ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগতে অসমৰো বহুসংখ্যক শিক্ষাৰ্থী৷ ইয়াৰ মাজতে ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপত যুদ্ধ জৰ্জৰিত ইউক্ৰেইনৰ পৰা কালি অসমত উপস্থিত হয় ১২গৰাকী ছাত্ৰ-ছাত্ৰী৷ এই ১২গৰাকী ছাত্ৰ- ছাত্ৰীৰ ভিতৰত আছে নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াৰো এগৰাকী ছাত্ৰী৷ নাম মামু হাজৰিকা৷ ৰাইডঙীয়াস্থিত বাসগৃহত ছাত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতেই স্বস্তিৰ নিশ্বাস পেলায় ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালটোৱে৷ ইউক্ৰেইনৰ দ্বaporizyha state Medical Universityত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী মামু হাজৰিকাই ইউক্ৰেইনৰ ভয়াৱহ পৰিস্থিতিৰ মাজেৰে অসমলৈ যাত্ৰা কৰিবলগীয়া হৈছিল৷ কে’বাদিনো অনিদ্ৰা- অনাহাৰে পাৰ কৰি অৱশেষত কালি স্বগৃহত উপস্থিত হৈ যথেষ্ট পৰিমাণে আৱেগিক হৈ পৰে মামু হাজৰিকা৷ মামু হাজৰিকাই ইউক্ৰেইনৰ ভয়াৱহতাৰ কথা বৰ্ণনা কৰি কয়,‘তাত প্ৰতি পদে পদে মানুহক মৃত্যু ভয়ে খেদি ফুৰিছে৷ তাৰ পৰিস্থিতি খুবেই বেয়া৷ আমি দুদিন বাংকাৰৰ ভিতৰত সুমুৱাই আছিলোঁ৷ তাত খাদ্য, পানী একোৱেই নাছিল৷ প্ৰতি মুহূৰ্তত বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ ভয় আছিল৷’ তেওঁ আৰু কয়, যোৱা চ্ছ ফেব্ৰুৱাৰীত আমি দেশলৈ অহাৰ প্ৰস্তুতি আৰম্ভ কৰোঁ৷ ১০ ঘণ্টা ৰে’লেৰে আহি পুনৰ ১০ ঘণ্টা বাছেৰে ৰোমানিয়াৰ বৰ্ডাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ বাছখন বৰ্ডাৰৰ পৰা ১২ন কিলোমিটাৰ নিলগতে ৰখাই আমাক নমাই দিয়া হৈছিল৷ মাইনাছ ১২ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত আমি সেই বাৰ কিলোমিটাৰ পথ খোজকাঢ়ি বৰ্ডাৰলৈ গৈছিলোঁ৷ কিন্তু ৰোমানিয়াত প্ৰৱেশত বাধা দিছিল সেনাই৷ তাতো আমি তিনি দিন থাকিব লগীয়া হৈছিলোঁ৷ অৱশ্যে পাছত ফ্লাইটেৰে দিল্লীলৈ অহাৰ সুবিধা কৰি দিয়ে আমাৰ দেশৰ এম্বেছীয়ে৷ এতিয়া ঘৰত উপস্থিত হৈ স্বস্তিৰ নিশ্বাস এৰিছোঁ৷ কোনো মতে বাচিলোঁ আমি৷ ইউক্ৰেইনত আবদ্ধ হৈ থকা অসম তথা ভাৰতৰ আন ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰি আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ৩ান জনাই কয়, ‘ইউক্ৰেইনত এতিয়াও বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে৷ তেওঁলোকৰ অৱস্থা খুবেই বেয়া৷ চৰকাৰে যিমান পাৰি সোনকালে তেওঁলোকক উদ্ধাৰ কৰি দেশলৈ লৈ অহাৰ ব্যৱস্থা কৰিব লাগে৷ এয়া মোৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ৷’

LEAVE A REPLY

Please enter your comment!
Please enter your name here