Home Main Stories চিৰাঙৰ দেওশ্ৰীত বন্যহস্তীক হত্যা কৰি কাটি নিলে দাঁত – নেজ

চিৰাঙৰ দেওশ্ৰীত বন্যহস্তীক হত্যা কৰি কাটি নিলে দাঁত – নেজ

82
0


সঞ্জয় সৰকাৰ, কাজলগাঁও, ২০ ছেপ্টেম্বৰ ঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমন্তৰ ব্ৰহ্মপাৰাত এটি মৃত হাতী উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চিৰাং জিলাৰ ৰুণীখাতা থানা তথা দেওশ্ৰী ভিচিডিচিৰ অন্তৰ্গত ব্ৰহ্মপাৰাৰ বনাঞ্চলত আজি পুৱা স্থানীয় ৰাইজে এটি মৃত হাতী প্ৰত্যক্ষ কৰি বন আৰক্ষী আৰু বিভাগক খবৰ দিয়ে৷ উক্ত খবৰৰ ভিত্তিত জিলা বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীতো উদ্ধাৰ কৰে৷ এই সন্দৰ্ভত জিলা বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, যোৱা চ্ছ্ৰ-প্ত দিন মান পূৰ্বেই হত্যা কৰা হৈছে হাতীটো৷ হাতীটো হত্যা কৰি দুষ্কৃতিকাৰীয়ে মৃত হাতীটোৰ দাঁত আৰু নেজ কাটি নিয়ে৷ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত উক্ত বৃহৎ অঞ্চলটো এটা সময়ত অটব্য অৰণ্য আছিল৷ বৰ্তমান সময়ত ইয়াৰ আধা অংশত জনসাধাৰণে বসতি আৰম্ভ কৰিছে৷ ফলত অন্যান্য বন্যজন্তুৰ লগতে বন্যহস্তীসমূহ জনাঞ্চললৈ ওলাই আহি বাসগৃহৰ ক্ষয়-ক্ষতি কৰাৰ লগতে জন- জীৱনলৈও ভাবুকি কঢ়িয়াই আহিছে৷ চলিত বছৰটোত জিলাখনত বন্য হাতীৰ আক্ৰমণত তিনিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলিও বন বিষয়াগৰাকীয়ে লগতে কয়৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰেই দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হ’ব বুলিও জিলা বন বিষয়াগৰাকীয়ে লগতে সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here