Home Main Stories ‘পদ্মশ্ৰী’ বঁটা সন্মানেৰে উজলি উঠিল কাৰবি আংলঙৰ বিশিষ্ট কবি-সাহিত্যিক ধনেশ্বৰ ইংতি

‘পদ্মশ্ৰী’ বঁটা সন্মানেৰে উজলি উঠিল কাৰবি আংলঙৰ বিশিষ্ট কবি-সাহিত্যিক ধনেশ্বৰ ইংতি

230
0

গণবাৰ্তা বিশেষ,ডিফু,২৭ জানুৱাৰী : ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে অসমৰ দুগৰাকীকৈ ব্যক্তিক ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক ‘পদ্মশ্ৰী’ বঁটাৰে বিভূষিত কৰিলে ৷ দুগৰাকী ব্যক্তিৰ এগৰাকী পাহাৰীয়া জিলা কাৰবি আংলঙৰ বিশিষ্ট কবি, সাহিত্যক আৰু গীতিকাৰ ধনেশ্বৰ ইংতি ৷ ধনেশ্বৰ ইংতিলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা উক্ত বঁটাৰ বাবে জিলাখনৰ বিদ্ধেত আনন্দৰ জোঁৱাৰ বৈছে ৷  সাহিত্যিক গৰাকীৰ ডিফুস্থিত ইংলেঙছেৰপৰ বাসভৱনত সাহিত্যক গৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰত সাহিত্যিক ধনেশ্বৰ ইংতিয়ে ২০২২ ইংৰাজী বৰ্ষৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ আগবঢ়োৱা ‘পদ্মশ্ৰী বঁটা’ৰ বাবে তেওঁ ভাৰত চৰকাৰ ওচৰত কৃতজ্ঞ ৷ এই বিৰল সন্মানৰ বাবে তেওঁ চৰকাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰে ৷ পিছপৰা পাহাৰীয়া জিলা কাৰবি আংলং আৰু অসমৰ বাবে এক গৌৰৱৰ বিষয় ৷ তেওঁৰ  প্ৰয়াত পিতৃ -মাতৃ ক্ৰমে, মহৰি ইংতি আৰু বাছাপী ক্ৰৰ শিক্ষাগত অৰ্হতা নথকাৰ পিছতো তেওঁক পানজুৰি পলাম ইংতি গাঁৱত প্ৰাইমেৰী স্কুলত নাম ভৰ্তি কৰি দিয়া, প্ৰাইমেৰী স্কুলৰ শিক্ষা সাং কৰি ডেনগাঁও চৰকাৰী হাইস্কুলৰ অসমীয়া মাধ্যমত অধ্যয়ন কৰি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয় ৷ তেতিয়াৰ পৰাই তেওঁ কাৰবি, অসমীয়া আৰু ইংৰাজী তিনিটা ভাষাত কবিতা, প্ৰৱন্ধ, চুটি গল্প,  গল্প আৰু কাৰবি গীত ৰচনা কৰিব আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে ৷ তেওঁ অসমীয়া মাধ্যমত পঢ়িয়েই এচিএছ পাছ কৰে যদিও তেওঁ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ যুটীয়া সচিবৰ কামতহে যোগদান কৰে ৷ ২০১৭ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি বিষিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিয়ে সাহিত্যৰ ক্ষেত্ৰখনত নিজকে অধিক আত্মনিয়োগ কৰে বুলি জানিব দিয়ে ৷ অৱশেষত তেওঁ কেতিয়াও নভৱা সপোন বাস্তৱত পৰিণত হ’ল ৷ সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ালে সৰ্বোচ্চ অসামৰিক সন্মান “পদ্মশ্ৰী” ৷ উল্লেখযোগ্যযে “পদ্মশ্ৰী’ সন্মান প্ৰাপক বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিয়ে ইতিমধ্যে ২০১৭ চনত কলকাতাৰ সুৰনন্দন ভাৰতীৰ পৰা ‘কৃষ্টি নন্দন বঁটা, ২০১৮ চনত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ছেমছনছিং ইংতি বঁটা, অসম চৰকাৰৰ পৰা ‘সাহিত্যিক পেঞ্চন’ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ সাহিত্যিক ধনেশ্বৰ ইংতি “বালিমাহী” কবি ৰূপেও খ্যাত ৷ তেওঁ ইংৰাজী, অসমীয়া আৰু কাৰবি ভাষাত প্ৰায় কুৰিটা চুটি গল্প, কবিতা, প্ৰৱন্ধ আৰু বহুতো গীত ৰচনা কৰিছে ৷ ইয়াৰ ভিতৰত ‘ CANDLE OF NIGHT, THE CAROL TREE,  MYTH BEHIND THE NAME OF KAZIRANGA, কাৰবি ভাষাত NELUNJIR,  SIPENG, অসমীয়াত বালিমাহী, শিলভেটাৰ সিপীৰে কাঁচী জোনৰ বৰষুণ, জুনেলি, ইসিৰ কণা’ আদিয়েই প্ৰধান ৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here