Home স্থানীয় হাঁহচৰাৰ এজন ছাত্ৰই তেজ পাতত ভাগৱত-গীতাৰ শ্লোক লিখি ইণ্ডিয়ান বুক অ’ফ ৰেকৰ্ডছত...

হাঁহচৰাৰ এজন ছাত্ৰই তেজ পাতত ভাগৱত-গীতাৰ শ্লোক লিখি ইণ্ডিয়ান বুক অ’ফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তি

131
0

প্ৰতিবেদক, নাজিৰা, ২৩মে’ঃ চেষ্টাৰ অসাধ্য যেন একোৱেই নাই, তাকেই পুনৰ এবাৰ প্ৰমাণ কৰিছে শিৱসাগৰ জিলা হাঁহচৰা লাটুম গাঁৱৰ এজন ছাত্ৰই । নাজিৰাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ চতুৰ্থ ষাণ্মষিকৰ ছাত্ৰ বিতুপন দত্তই ৩০ খিলাকৈ তেজ পাতত হিন্দী ভাষাত ভাগৱত, গীতাৰ শ্লোক লিখি ইণ্ডিয়ান বুক অ’ফ ৰেকৰ্ডছ ২০২১ত নিজৰ নাম অন্তভুক্ত কৰিবলৈ সক্ষম হয় । ষোল্ল মিনিটত ৩০ খিলা তেজ পাতত হিন্দী ভাষাত ভাগৱত, গীতাৰ শ্লোক লিখি ইণ্ডিয়ান বুক অ’ফ ৰেকৰ্ডছত নাম অন্তভুক্ত কৰে বিতুপন দত্তই । হাঁহচৰা লাটুম গাঁৱৰ পিতৃ গজেন দত্ত আৰু মাতৃ ৰূপালী দত্তৰ সন্তান বিতুপন দত্তই ইণ্ডিয়ান বুক অ’ফ ৰেকৰ্ডছত নিজৰ নাম অন্তভুক্ত কৰাক লৈ গৌৰাম্বিত হাঁহচৰা লাটুম গাওঁবাসীৰ লগতে ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ । ইণ্ডিয়ান বুক অ’ফ ৰেকৰ্ডছত নাম অন্তভুক্ত কৰা বিতুপন দত্তই বিগত ৬এপ্ৰিল তাৰিখ ২০২১ বৰ্ষত তেজ পাতত এইদৰে হিন্দী ভাষাত ভাগৱত, গীতাৰ শ্লোক লিখিছিল । চিত্ৰ অংকন আৰু মাটিৰে মূৰ্তি নিৰ্মাণৰ প্ৰশিক্ষণো গ্ৰহণ কৰি আছে বিতুপন দত্তই । আনহাতে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়াৰ হোৱাৰ মন পুহি ৰাখিছে ছাত্ৰজনে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here