Home Main Stories কৰ’নাই প্ৰাণ কাঢ়িলে সাহিত্য সংগঠক, কাব্যপ্ৰৱৰ কৰুণাকান্ত বৰ্মনৰ

কৰ’নাই প্ৰাণ কাঢ়িলে সাহিত্য সংগঠক, কাব্যপ্ৰৱৰ কৰুণাকান্ত বৰ্মনৰ

25
0

ৰাজ্যৰ কাব্য-সাহিত্য ক্ষেত্ৰত শোক 

গণবাৰ্তা বিশেষ, বেলশৰ, ২২ মে’ :  অসম কবি সন্মিলনৰ কৰ্মৰত কাৰ্যকৰী সভাপতি, অসম সাহিত্য সভাৰ কামৰূপ মহানগৰ সমিতিৰ প্ৰাক্তন সম্পাদক, কাব্যপ্ৰৱৰ কৰুণা কান্ত বৰ্মন (৬৪)ৰ আজি দিনৰ প্ৰায় ১০-৪৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কোভিড হস্পিতালত চিকিৎসাধীন অৱস্থাতে অকাল বিয়োগ ঘটাত কবিগৰাকীৰ জন্মগাঁও চামতা কুলবিলৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে গুৱাহাটীৰ ভেটাপাৰা নিবাসী, জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা, প্ৰবীণ কবি বৰ্মন অসম সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য তথা আজীৱন সভ্য আছিল । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত ভুগি থকা বৰ্মন কিছুদিন পূৰ্বে কোভিড -১৯ ত আক্ৰান্ত হোৱাত তেওঁক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্ত্তি কৰি চিকিৎসা প্ৰদান কৰা হয় । ইয়াৰ কেইদিনমান পিছতে, উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন কৰা হয় ।অৱশেষত জিএমচিএইচত চিকিৎসাধীন অৱস্থাতে আজি দিনৰ প্ৰায় ১০-৪৫ বজাত সুদক্ষ সাহিত্য সংগঠক বৰ্মনৰ অকাল বিয়োগ ঘটে । নতুন প্ৰজন্মৰ বহু কাব্যচৰ্চাকাৰীক কবি বৰ্মনে বাট দেখুৱাই কবিতাৰ পথাৰলৈ উলিয়াই অনাৰ লগতে তেওঁ নিজে প্ৰায় শতাধিক কবিতা ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে । পিতাইৰ কামিহাড়”ৰ কবি হিচাপে সুপৰিচিত অগ্ৰণী কবি, সাহিত্য সংগঠক কৰুণা কান্ত বৰ্মনৰ অকাল বিয়োগত ৰাজ্যৰ কাব্য-সাহিত্য জগতত গভীৰ শোক বিয়পি পৰে । অসম কবি সন্মিলনৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক তথা কৰ্মৰত কাৰ্যকৰী সভাপতি, সৰবৰহী বৰ্মনে প্ৰায়ে ৰাজ্যৰ বিভিন্ন জিলা, মহকুমালৈ গৈ তৎপৰতাৰে  কবি সন্মিলনৰ সাগঠনিক ভেটি অধিক সক্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছিল । আজি বিয়লিৰ ভাগত গুৱাহাটী বিৰুবাৰী অঞ্চলৰ কোভিড শ্মশানত একমাত্ৰ পুত্ৰৰ উপস্থিতিত প্ৰশাসনে কোভিড প্ৰট’কল অনুযায়ী তেওঁৰ অন্তেষ্টিক্ৰীয়া সম্পন্ন কৰে । প্ৰবীণ কবিগৰাকীৰ মৃত্যুত আজিৰে পৰা তিনিদিন ধৰি অসম কবি সন্মিলনৰ পতাকা অৰ্ধনমিত কৰি শোক পালন কৰা হ’ব বুলি অসম কবি সন্মিলনৰ সভাপতি, সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু প্ৰধান সম্পাদক নীলকমল বৰাই জনাইছে । কাব্যপ্ৰৱৰ বৰ্মনৰ মৃত্যুত নলবাৰী জিলা কবি সন্মিলন, নলবাৰী জিলা সাহিত্য সভা, কামৰূপ মহানগৰ সাহিত্য সভা, অসম কাব্য কানন, সদৌ অসম কবি সন্মিলন, গুৱাহাটীৰ সূৰুযমুখী কবি চক্ৰ, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ, গুৱাহাটী মহানগৰ কবি কানন, কামৰূপ মহানগৰ জিলা কবি সন্মিলন, ডিব্ৰুগড় জিলা কবি সন্মিলন, নলবাৰী সদৰ কবি সন্মিলন, টিহু চহৰ কবি সন্মিলন, চামতা আঞ্চলিক সাহিত্য সভা আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে ।সুদক্ষ কাব্য সংগঠক, জনপ্ৰিয় কবি বৰ্মনৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই ব্যথিত হৈ এটি শোকবাৰ্তাৰে গভীৰ শোক প্ৰকাশ কৰি অসমে এগৰাকী অক্লান্ত সাহিত্য সাধক আৰু সংগঠকক হেৰুৱালে বুলি দোহাৰিছে । আনহাতে, নলবাৰী জিলা কবি সন্মিলনৰ সভাপতি ভুৱনেশ্বৰ ডেকা আৰু সম্পাদক দ্বীপেন মেনাই অসমীয়া কাব্যক্ষেত্ৰৰ এগৰাকী একনিষ্ঠ সংগঠক, সাধকক হেৰুওৱা বুলি উল্লেখ কৰি গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই জী-জোৱাই, এক পুত্ৰ, দুই ভ্ৰাতৃ, নাতি-নাতিনী সহ বহু আত্মীয় গুণমুগ্ধক এৰি থৈ যায় । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here