Home ক্ৰীড়া ৱেষ্ট ইণ্ডিজৰ ভ্ৰমণত প্ৰথমখন এদিনীয়াত জয় বাংলাদেশৰ

ৱেষ্ট ইণ্ডিজৰ ভ্ৰমণত প্ৰথমখন এদিনীয়াত জয় বাংলাদেশৰ

222
0

জৰ্জটাউন (গায়ানা), ১১ জুলাই: বাংলাদেশে ভাৰতীয় সময় অনুসৰি  দেওবাৰে নিশা ৱেষ্ট ইণ্ডিজৰ চলিত ভ্ৰমণত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত ছয় উইকেটৰ বিজয়েৰে প্ৰথমটো জয় ৰেকৰ্ড কৰে। প্ৰতিকূল বতৰৰবাবে খেলখন ৪১ অভাৰলৈ হ্ৰাস কৰা হৈছিল। উল্লেখ্য যে বাংলাদেশে টছত জয়ী হৈ ৱেষ্ট ইণ্ডিজক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় আৰু নিৰ্ধাৰিত অভাৰত ৯ উইকেটত ১৪৯ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ শ্বামৰা ব্ৰুকছে সৰ্বাধিক ৬৬ টা বলত ৩৩ ৰান সংগ্ৰহ কৰে। এণ্ডাৰছন ফিলিপ (২১ নট আউট) আৰু জেডেন চিলেছে (১৬ নট আউট) অন্তিম উইকেটৰ বাবে ৩৯ ৰানৰ অবিভক্ত অংশীদাৰী ত্বৰান্বিত কৰি দলটোৰ স্ক’ৰ ১৫০ ৰানৰ ওচৰলৈ লৈ যায়। ফিলিপে ৱেষ্ট ইণ্ডিজৰ ইনিংছৰ একমাত্ৰ ছয়টো মাৰে। বাংলাদেশৰ হৈ শ্বৰিফুল ইছলামে ৩৪ ৰানত চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে মেহেদী হাছান মিৰাজে ৩৬ ৰানত তিনিটা উইকেট দখল কৰে। বাংলাদেশে ৩১.৫ অভাৰত চাৰিটা উইকেট হেৰুৱাই ৫৫ টা বল বাকী থকা অৱস্থাত ১৫১ ৰান সংগ্ৰহ কৰে। মাহমুদুল্লাই ৬৯ টা বলত অপৰাজিত ৪১ ৰান কৰাৰ সময়ত নাজমুল হোছেইনে ৪৬ টা বলত ৩৭ ৰান সংগ্ৰহ কৰিছিল। স্পিনাৰ গুডাকেশ মতিয়ে ন অভাৰত ১৮ ৰানত এটা উইকেট লৈছিল। ৱেষ্ট ইণ্ডিজে টেষ্ট আৰু টি-২০ দুয়োটা শৃংখলা ২-০ত জিকিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here