পৰাণজ্যোতি বৰা, মাজুলী, ১২ মে’ ঃ ঐতিহাসিক মাজুলীৰ গড়মূৰ সত্ৰ আৰ্থিক সংকটত ভুগিছে, যাৰবাবে সত্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হৈছে৷ এই কথা আজি সংবাদমেলৰ যোগেদি প্ৰকাশ কৰিছে গড়মূৰ সত্ৰৰ পৰিচালনা সমিতিয়ে৷ আজি ১২.৩০ বজাত গড়মূৰ সত্ৰৰ অতিথিগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি সত্ৰখনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰবীন শৰ্মা, সম্পাদক ৰবীন মুদৈ, গড়মূৰ পীতাম্বৰ দেৱ যুৱ কল্যাণ সংঘৰ সভাপতি দিনমনি দত্তই আৰ্থিক অসুবিধাৰ বাবে সত্ৰখন পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱাৰ কথা প্ৰকাশ কৰে৷ সংবাদমেলত গড়মূৰ সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা দ্বাদশগৰাকী সত্ৰাধিকাৰ শ্ৰীশ্ৰী কৃষ্ণচন্দ্ৰ দেৱগোস্বামীদেৱৰ দিনলৈ সত্ৰাধিকাৰসকলে উদাসীন প্ৰথাৰে সত্ৰ পৰিচালনা কৰি আহিছিল বুলি উল্লেখ কৰি ত্ৰয়োদশগৰাকী সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে তেখেতৰ মধ্য বয়সত উদাসীন প্ৰথা ত্যাগ কৰি তেওঁ গৃহস্থী ধৰ্ম পালন কৰিবলৈ আগ্ৰহী হয়৷ এইক্ষেত্ৰত তেখেতে দৃঢ় স্থিতি গ্ৰহণ কৰি সত্ৰৰ বৈষ্ণৱ তথা শিষ্যসকলৰ আহ৩ানকো উপেক্ষা কৰাৰ প্ৰয়াস কৰাত ২০১৫ চনত সদৌ অসম শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ শিষ্যসকলৰ সন্মিলিত সভাই হৰিদেৱ গোস্বামীৰ সিদ্ধান্তক সন্মতি জনাই ৰাজসত্ৰৰ নিয়ম অনুসৰি সত্ৰাধিকাৰসকল উদাসীন হোৱাৰ লগতে স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি সত্ৰৰ বিগ্ৰহৰ নামত থাকে, সেইবাবেই তেখেতে ইচ্ছাকৃতভাৱে শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পদ ত্যাগ কৰাৰ লগতে সত্ৰও ত্যাগ কৰে৷ পূৰ্বৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰ ত্যাগ কৰাৰ পাছতেই পূৰ্বৰ সত্ৰাধিকাৰগৰাকীয়ে সত্ৰখনৰ পুঁজিৰ সময়মতে খতিয়ান নিদিয়াৰ বাবেই সত্ৰৰ ফাণ্ড চৰকাৰে বন্ধ ৰখাৰো অভিযোগ তুলিছে সংবাদমেলত৷ সংবাদমেলত সত্ৰাধিকাৰগৰাকীৰ বাধাৰ বাবেই ২০১৪-১৫ চনৰ পৰা বৰ্তমানলৈকে সত্ৰৰ বিভিন্ন ঠাইত থকা সত্ৰৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰাৰ বাবদ পাব লগা ক্ষতিপূৰণ লাভ কৰা নাই বুলি পূৰ্বৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ২০১৪ চনৰ পূৰ্বে হৰিদেৱ গোস্বামী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হৈ থকাৰ সময়ত সত্ৰৰ পুঁজিৰ খৰচ সময়মতে নিদিয়াৰ বাবেই সত্ৰৰ ফাণ্ড বন্ধ আছিল আৰু সত্ৰ ত্যাগ কৰাৰ দুটা বছৰৰ পাছত হিচাপ দিয়াত ক্ষতিপূৰণৰ টকা মুকলি হোৱাৰ প্ৰচেষ্টা চলি থাকোঁতেই পূৰ্বৰ সত্ৰাধিকাৰগৰাকীয়ে এখন আবেদনৰ জৰিয়তে সত্ৰখনে পাবলগা ফাণ্ড বন্ধ কৰি ৰাখিছে বুলি সংবাদমেলত সদৰী কৰে৷ গড়মূৰ সত্ৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰাৰ পাছত চাৰিবাৰকৈ মাজুলীৰ উপায়ুক্তকো লগ কৰাৰ পাছতো আজিও উক্ত ধন সত্ৰখনলৈ এৰি দিয়া নাই বুলি সংবাদমেলত সদৰী কৰে৷ ১৯৬৯-৭০ চনত চৰকাৰে সত্ৰখনৰ বহু বিঘা মাটি অধিগ্ৰহণ কৰিছিল আৰু তাৰ বিনিময়ত ক্ষতিপূৰণ হিচাপে এটি পুঁজি সত্ৰখনলৈ দিয়ে৷ পূৰ্বৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে এই পুঁজি ব্যৱহাৰ কৰিছিল৷ কিন্তু মাজুলী, নগাঁও, গোলাঘাটকে আদি কৰি বিভিন্ন ঠাইত থকা সত্ৰৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰাৰ পাছত সত্ৰখনে বৰ্তমান পাব লগা পুঁজিত বিভিন্নধৰণেৰে বাধা প্ৰদান কৰিছে৷ এইক্ষেত্ৰত পূৰ্বৰ সত্ৰাধিকাৰগৰাকীয়েই হওক বা অন্য তৃতীয় পক্ষৰ ব্যক্তি, প্ৰশাসনৰ লোকেই হওক যদি সত্ৰ পৰিচালনাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে গোপাল মহাপ্ৰভুৱে বিচাৰ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ লগতে উপায়ুক্তক আজি এই সংবাদমেলৰ জৰিয়তে সত্ৰৰ ফাণ্ড এৰি দিবলৈ আহ৩ান জনায় অন্যথা বৰ্তমান গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীসহিতে সকলো সত্ৰৰ বৈষ্ণৱে আন্দোলনত বহিব বুলি উল্লেখ কৰে৷ গড়মূৰ সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে গড়মূৰ সত্ৰ আৰু সত্ৰাধিকাৰ পদ ত্যাগ কৰাৰ পাছত বিভিন্ন সভা-সমিতি আৰু অনুষ্ঠানত নিজকে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে পৰিচয় দি অহাত সংবাদমেলৰ যোগেদি হৰিদেৱ গোস্বামীক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে পৰিচয় নিদিবলৈ সকীয়াই দিছে৷ সংবাদমেলত অদ্যপৰিমিত হৰিদেৱ গোস্বামীয়ে নিজকে শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ অধিকাৰ হিচাপে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে বুুলি উল্লেখ কৰি গুৱাহাটীত ৰাষ্ট্ৰপতি নিচান কাৰ্যসূচীত হৰিদেৱ গোস্বামীক শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে পৰিচয় কৰাই দিয়া হৈছে৷ এনে কাৰ্য নীতিবিৰুদ্ধ৷ যিহেতু ২০১৫ চনতেই শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে শ্ৰীশ্ৰী পৰমানন্দ দেৱগোস্বামীক সত্ৰাধিকাৰৰ আসনত অধিষ্ঠিত কৰা হয়৷ সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা হৰিদেৱ গোস্বামীক শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰৰ আসনখনক কোনো ক্ষেত্ৰতে ভৱিষ্যতে ব্যৱহাৰ নকৰিবলৈ আহ৩ান জনোৱাৰ লগতে ভৱিষ্যত দিনত হৰিদেৱ গোস্বামীয়ে নিজকে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে পৰিচয় দিলে তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ বাধ্য হ’ব বুলি সংবাদ মেলত উল্লেখ কৰে৷ সংবাদ মেলত গড়মূৰ সত্ৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, গড়মূৰ পীতাম্বৰ দেৱ যুৱ কল্যাণ সংঘৰ বিষয়ববীয়াসকল উপস্থিত আছিল৷