গণ বাৰ্তা, হাজো, ৩ মে’ ঃ কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শিলগুৰী হাতীমূৰা পাহাৰত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী ধাৰেশ্বৰ দেৱালয়ত নিশা চোৰে তাণ্ডৱ চলাই সোণ ৰূপৰ আ অলংকাৰ লুটি লৈ যায়৷ কিছুদিন পূৰ্বে হাজোৰ পতনিৰ হনুমান মন্দিৰত কোনো দুষ্কৃতিকাৰীয়ে লুট পাত কৰা কাৰ্যৰ উত্তেজনা মাৰ নৌযাওঁতেই যোৱা নিশা ধাৰেশ্বৰ দেৱালয়ত সংঘটিত অনুৰূপ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হাজো অঞ্চলত৷জানিব পৰা মতে, আজি পুৱা মন্দিৰৰ আঠপৰীয়াই মন্দিৰ চাফ-চিকুন কৰিবলৈ আহি দেৱালয়ৰ মুখ্য দ্বাৰ খোলা অৱস্থাত প্ৰত্যক্ষ কৰে৷লগে লগে তেও ওচৰ চুবুৰীয়াক অৱগত কৰাত দেৱালয়ত বহু লোকৰ সমাগম হয়৷পাছত ৰাইজৰ উপস্থিতিত দেৱালয়ৰ আঠপৰীয়া দুগৰাকীয়ে দেৱালয়ৰ গহ৩১ত প্ৰৱেশ কৰি শিৱৰ মূল বিগ্ৰহ লণ্ড-ভণ্ড কৰা প্ৰত্যক্ষ কৰাৰ লগতে আসনৰ ভিতৰত থকা সোণ ৰূপৰ আ অলংকাৰ লুট কৰি লৈ যায় বুলি জানিব পাৰে৷অৱশ্যে দেৱালয়ৰ প্ৰণামী বাকচৰ তলা অক্ষত অৱস্থাত থকা বুলি দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক সঞ্জীৱ কলিতাই জানিবলৈ দিয়ে৷ইফালে ঘটনাৰ খৱৰ পোৱা মাত্ৰকে শুৱালকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দেৱালয় পৰিদৰ্শন কৰাৰ লগতে তদন্ত আৰম্ভ কৰে৷ আজি দুপৰীয়া দেৱালয় পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত শুৱালকুছি থানাত এজাহাৰ দাখিল কৰিছে৷ আনফালে এই ঘটনাৰ খবৰ পাই ঘটনা স্হলীত উপস্হিত হৈ বিজেপিৰ মেডিকেল চেলৰ সহ: আহ৩ায়ক তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট চিকিৎসক ড॰ বেদব্ৰত পাঠকে ঘটনাৰ বুজ লৈ ৷ ধাৰেশ্বৰ মন্দিৰত সংঘটিত চুৰি কাৰ্য অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ এই ঘটনাৰ লগত জৰিত লোকক অতি শীঘ্ৰেই চোৰক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী তোলে প্ৰশাসনৰ ওচৰত৷ লগতে ধাৰেশ্বৰ মন্দিৰৰ অভাব- অভিযোগবোৰ চৰকাৰৰ ওচৰত উত্থাপন কৰি সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে বিশিষ্ট চিকিৎসক গৰাকীয়ে৷ ঘটনা স্হলীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধৰণ সম্পাদক পংকজ কলিতা ৰ লগতে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল উপস্থিত হৈ ঘটনাৰ বুজ লৈ এই ঘটনা অঞ্চলটোৰ কাৰণে অশনি সংকেত বুলি মন্তব্য প্ৰকাশ কৰি অতি শীঘ্ৰেই চৰকাৰক হাজোৰ ঐতিহ্যমণ্ডিত ধাৰেশ্বৰ দেবালয়ৰ চাৰিসীমা সুৰক্ষিত কৰি মন্দিৰ খনৰ অভাব অভিযোগবোৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰি সমাধান কৰিবলৈ দাবী উত্থাপন কৰে৷
Home Uncategorized হাজোৰ ঐতিহাসিক শ্ৰীশ্ৰী ধাৰেশ্বৰ দেৱালয়ত চোৰৰ তাণ্ডৱ: লুটি নিলে সোণ-ৰূপসহ আ-অলংকাৰ