Home স্থানীয় ধেমাজিৰ শ্ৰম বিভাগৰ কাৰ্যালয়ত দালালৰাজ : শ্ৰম বিষয়াৰ বিৰুদ্ধে সহস্ৰাধিক শ্ৰমিকৰ উত্তাল...

ধেমাজিৰ শ্ৰম বিভাগৰ কাৰ্যালয়ত দালালৰাজ : শ্ৰম বিষয়াৰ বিৰুদ্ধে সহস্ৰাধিক শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

131
0


গণ বাৰ্তা, ধেমাজি, ২৫ নৱেম্বৰ
:ধেমাজি জিলা শ্ৰম বিষয়াৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে আজি শ্ৰমিক সংগঠনসমূহে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শ্ৰম বিষয়াগৰাকীৰ দালালৰ জৰিয়তে পঞ্জীয়নৰ নামত শ্ৰমিকৰ পৰা ৫০০-১৫০০ টকা পৰ্যন্ত সংগ্ৰহকে ধৰি একাধিক অভিযোগ তুলি সহস্ৰাধিক প্ৰতিবাদী শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিষয়াজনৰ এনে কিছুমান অনিয়মৰ বিৰুদ্ধে কে’বাটাও শ্ৰমিক ইউনিয়ন একত্ৰিত হৈ ‘সদৌ ধেমাজি জিলা নিৰ্মাণ শ্ৰমিক সমন্বয় সমিতি’ৰ নেতৃত্বত সহস্ৰাধিক শ্ৰমিকে শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ পৰা সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়৷ শ্ৰমিক ৰাইজে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ শ্ৰম বিষয়া ভৱজিৎ দলে হায় হায়, শ্ৰম বিষয়া ভৱজিৎ দলেৰ দুৰ্নীতি-অনিয়ম বন্ধ কৰক, শ্ৰম বিষয়াই নিজে সৃষ্টি কৰা দালালক গ্ৰেপ্তাৰ কৰক, শ্ৰমিকক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিব, শ্ৰমিকক শোষণ কৰা কাৰ্য বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্য়ালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আধা ঘণ্টাৰো অধিক সময় প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত জিলা উপায়ুক্তৰ হৈ এগৰাকী সহকাৰী আয়ুক্তই প্ৰতিবাদী শ্ৰমিকসকলৰ পৰা এখন স্মাৰক-পত্ৰ গ্ৰহণ কৰে৷ স্মাৰক-পত্ৰত উল্লেখ কৰা অনুসৰি ধেমাজি জিলা শ্ৰম বিষয়া ড॰ ভৱজিৎ দলেয়ে নিজকে দোষমুক্ত কৰাৰ স্বাৰ্থত শ্ৰমিক নেতাৰ ওপৰত ভিত্তিহীন গোচৰ জাপি দি বাতৰি কাকতৰ জৰিয়তে দালাল বুলি অভিহিত কৰা কাৰ্যক ধিক্কাৰ দিয়ে৷ আচলতে বিষয়াজনৰ দুৰ্নীতি ইউনিয়নসমূহে উদঙাই দিয়াৰ ভয়তহে তেওঁলোকৰ ওপৰত ভুৱা গোচৰ তৰি জনমানসত হেয় কৰাৰ লগতে মানসিকভাৱে দুৰ্বল কৰাৰ চেষ্টা কৰিছে৷ ইফালে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন আঁচনিৰ বাবে ইউনিয়নসমূহে খৰচ কৰা ধন আজি পৰ্যন্ত আদায় দিয়া নাই ৷ বিগত ২০ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত শ্ৰমিক মেলাৰ যাতায়াত আৰু খোৱা-বোৱাৰ খৰচ চৰকাৰে দিয়াৰ পাছতো শ্ৰম বিষয়াজনে মইমতালিৰে শ্ৰমিক সংগঠনসমূহক আদায় দিয়া নাই৷ ধেমাজি জিলা শ্ৰম বিষয়া কাৰ্যালয় স্থানান্তৰকৰণত হোৱা খা-খৰচ আদায় নিদিয়া, শ্ৰমিকৰ অনলাইন কৰা কাৰ্ডসমূহ দিয়াৰ ব্যৱস্থা নকৰা আৰু অনলাইনৰ বাবদ পঞ্জীয়ন মাচুল ২৫ টকাৰ উপৰি অতিৰিক্তভাৱে ৬০ টকাকৈ সংগ্ৰহ কৰা আদি বিভিন্ন অভিযোগ উত্থাপন কৰি সংগঠনটোৰ সভাপতি কৰেন বসুমতাৰী আৰু সম্পাদক বিপ্লৱ বৰুৱাৰ স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here