Home Uncategorized তিনিদিনলৈ ৰাজ্যজুৰি প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ ৰেড এলাৰ্ট

তিনিদিনলৈ ৰাজ্যজুৰি প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ ৰেড এলাৰ্ট

263
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ জুন ঃ
শেষ ব’হাগত প্ৰথমটো বানে ৰাজ্যৰ মধ্য অসম আৰু পাহাৰীয়া জিলাত ব্যাপক ধ্বংসলীলা চলোৱাৰ পিছত পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ আহিছিল৷ কিন্তু মৌচুমী বায়ু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰীভূত হোৱাৰ পিছত পুনৰ ৰাজ্যবাসীলৈ অশনি সংকেত নামি আহিছে৷ ইতিমধ্যে বিগত তিনিটা দিন ধৰি ৰাজ্যত মুষলধাৰ বৰষুণ অব্যাহত আছে৷ কিন্তু বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা অনুসৰি আগন্তুক তিনিটা দিন ধৰি ইয়াতকৈয়ো দুগুণ পৰিমাণে বৰষুণ হ’ব সমগ্ৰ ৰাজ্যজুৰি৷ ইতিমধ্যে কে’বাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান প্ৰতিষ্ঠানে৷ অসমৰ উপৰি চুবুৰীয়া মেঘালয়ত অসমৰ সমানে বৰষুণে প্ৰভাৱ বিস্তাৰ কৰিব৷ বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা অনুসৰি বাক্সা, নলবাৰী, কামৰূপ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং জিলাত প্ৰবলতকৈও প্ৰবল হাৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ বিপৰীতে কাছাৰ, ডিমা হাছাও, ওদালগুৰি, গুৱাহাটী, কোকৰাঝাৰ, ধুবুৰীত মুষলধাৰ বৰষুণ হ’ব৷ আনহাতে, ১৫ জুনত বৰপেটা, চিৰাং, নলবাৰী, বাক্সা, বঙাইগাঁৱত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে শোণিতপুৰ, বিশ্বনাথ, ডিমা হাছাও, কাৰ্বি আংলং, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ’ত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ইপিনে ১৬ মে’ত দুখনকৈ পাহাৰীয়া জিলা আৰু কাছাৰৰ লগতে বৰপেটা, নলবাৰী, গোৱালপাৰাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা৷ তেনে অৱস্থাত আগন্তুক তিনি-চাৰিটা দিন ধৰি ৰাজ্যত ব্যাপক হাৰত বিজুলী-গাজনিৰে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ইপিনে, বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ আগজাননীৰ পিছতে ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ বিশেষকৈ পাহাৰীয়া জিলাকেইখন আৰু মেঘালয়ত প্ৰবল হাৰত বৰষুণ হোৱাৰ সম্ভাৱনাই নামনি আৰু মধ্য অসমত বানৰ সম্ভাৱনা বৃদ্ধি কৰিছে৷ বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক সঞ্জয় অ’নেইল শ্বৱে জনোৱা অনুসৰি ৰাজ্যত বৃষ্টিপাতৰ প্ৰবল সম্ভাৱনা সন্দৰ্ভত ৰাজ্য চৰকাৰক অৱগত কৰা হৈছে৷ লক্ষণীয় যে বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা লাভ কৰা তথ্যৰ পিছতে গুৱাহাটী মহানগৰীৰ উপায়ুক্ত পল্লৱ ঝাই সকলো বিদ্যালয়, মহাবিদ্যালয় তথা চৰকাৰী শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছে৷ ইপিনে, কৃত্ৰিম বানৰ বাবে মহানগৰীত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ১০৭৭য৯৩৬৫৪-২৯৩১৪ টল ফ্ৰী নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ আনহাতে কামৰূপ জিলা প্ৰশাসনে অপ্ৰয়োজনত ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনোৱাৰ লগতে ভূমি¦খলনপ্ৰৱণযজলমগ্ন স্থানৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবলৈ আহ্বান জনাইছে৷ ইপিনে, বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা সতৰ্কবাণী লাভ কৰাৰ পিছতেই আগন্তুক ২৪ ঘণ্টালৈ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অপ্ৰয়োজনত বাহিৰলৈ ওলাই নাহিবলৈ নাগৰিকসকলক আহ্বান জনাইছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here