Home যোৰহাট বন বিভাগৰ ধাৰাবাহিক অভিযান : তিনি অবৈধ কাঠ ফলা মিল উচ্ছেদ-জব্দ

বন বিভাগৰ ধাৰাবাহিক অভিযান : তিনি অবৈধ কাঠ ফলা মিল উচ্ছেদ-জব্দ

69
0


ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট, ২৫ অক্টোবৰ : যোৰহাট জিলা বন বিভাগে যোৱা দুদিনত চলোৱা ধাৰাবাহিক অভিযান কালত তিনিটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ উপৰি মিলৰ লগতে অন্যান্য সামগ্ৰী জব্দ কৰে। যোৰহাট জিলাৰ সহকাৰী বন সংৰক্ষক  বি বি সিনহাৰ নেতৃত্বত যোৱা যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়, সদৰ বনাঞ্চলিক কাৰ্য্যালয় আৰু বন সুৰক্ষা বাহিনীৰ এটা বৃহৎ দলে আজি পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত মালৌপথাৰ ৰজাখাতৰ পৰা দুটা অবৈধ কাঠ ফলা মিল জব্দ কৰে। অঞ্চলটোৰ নিবাসী নিপেন বৰা আৰু ভাস্কৰ গোহাঁই নামৰ দুজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি অবৈধভাৱে মিল দুটা চলাই থকাৰ খবৰ গোপন সূত্ৰে লাভ কৰাৰ পাছতে এই অভিযান চলোৱা হয়। ইপিনে, কালি সন্ধিয়া নগৰৰ উপকণ্ঠ কাছগড়ালৰ নবীন কেউটৰ ঘৰৰ পৰাও আন এটা অবৈধ কাঠ ফলা জব্দ কৰা হয়। উল্লেখযোগ্য যে বন কৰ্মীৰ দলটোৱে উচ্ছেদ কৰা মিলসমূহ জব্দ কৰি উঠাই লৈ অনা হয় যদিও অবৈধ মিলকেইটাৰ লগত জড়িত ব্যক্তিসকল পলায়ন কৰে। বন বিভাগৰ এক সূত্ৰই এই কথা জনাই কয় যে দীৰ্ঘদিন ধৰি এই মিলবোৰত গোপনে কাঠ ফালি কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছিল। প্ৰাপ্ত অভিযোগ অনুসৰি, এই মিলসমূহলৈ নিশা নিশা চোৰাং কাঠৰ কুণ্ডা অনা হয় আৰু নিশাই কাঠবোৰ ফালি বিভিন্ন স্থানলৈ গোপনে সৰবৰাহ কৰা হয়। এই কামৰ লগত জড়িত এটা চক্ৰ জিলাখনৰ বিভিন্ন স্থানত সক্ৰিয় হৈ থকাৰ খবৰ পোহৰলৈ আহিছে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here