Home অসম যুৱতীসহ একেটা পৰিয়ালৰ তিনিজনক ঘপিয়াই হত্যা

যুৱতীসহ একেটা পৰিয়ালৰ তিনিজনক ঘপিয়াই হত্যা

98
0

বৰ্বৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গ’ল মৰিয়নীৰ খাটিসোণা

গণ বাৰ্তা, মৰিয়নী /গণ বাৰ্তা, নকচাৰী, ২৫ জুন ঃ একেটা পৰিয়ালৰ তিনিজনলৈ লোকক ঘপিয়াই হত্যা কৰাৰ এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে মৰিয়নীৰ সমীপৰ নকছাৰীৰ খটিসোনা নামৰ ঠাইত। মৰিয়নীৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত খাটিসোণা অঞ্চলৰ এটা ইটাভাতাৰ শ্ৰমিকৰ আৱাসত থকা তিনিজনীয়া এটা পৰিয়ালক দাৰে ঘপিয়াই হত্যা কৰে। হত্যাৰ বলি হোৱা পৰিয়ালটো সোণটি বৰা (৫০), তেওঁৰ পত্নী তুলু বৰা (৪৫) আৰু জীয়ৰী মনালিছা বৰা (২৩) বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। ঘটনাটো যোৱানিশা সংঘটিত হোৱা বুলিও আৰক্ষী নিশ্চিত হৈছে। অৱশ্যে যোৱানিশা কেতিয়া এই ঘটনা সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই। কিন্তু যোৱাৰাতি হোৱা প্ৰবল বৰষুণৰ আগত নাইবা বৰষুণৰ সময়তে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। আজি পুৱা স্থানীয় কিশোৰে মাছ ধৰিবলৈ আহিহে মৃতদেহকেইটা প্ৰত্যক্ষ কৰে আৰু তাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে।  মৃতদেহকেইটা ঘৰটোৰ ভিতৰত পৰি আছিল। মহিলা আৰু যুৱতীগৰাকী অৰ্ধ উলংগ অৱস্থাত আছিল। তললৈ মূৰ কৰি পৰি থকা যুৱতীগৰাকীৰ শৰীৰৰ ঊধৰ্বাংশ অনাবৃত হৈ থকাৰ বিপৰীতে নিম্নাংশতেহ কাপোৰ আছিল।

আনহাতে, মহিলাগৰাকীও অধৰ্ব উলংগ অৱস্থাত আছিল। মহিলাগৰাকী ওপৰলৈ মূৰ কৰি পৰি আছিল। ইয়াৰ বিপৰীতে পুৰুষজন তললৈ মূৰ কৰি আছিল।  মৃতদেহকেইটাৰ শৰীৰৰ কে’বাঠাইটো দাৰে ঘপিওৱাৰ  সুস্পষ্ট দাগ আছে। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে সকলো পোহৰলৈ আহিব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। পিছত তিতাবৰৰ দণ্ডাধীশ ডাঃ বিশ্বজিৎ বৰাৰ উপস্থিতিত মৃতদেহকেইটা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুখনকৈ চোকা দা, এটা ট’ৰ্চলাইট, এটা বেগ, এটা চোলাকে ধৰি কে’বাটাও সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে এখন দা হত্যাকাৰীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আনখন দা হত্যাকাণ্ডৰ বলি হোৱা পৰিয়ালটোৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। আনহাতে, মহিলাগৰাকীক ঘৰৰ বাহিৰত হত্যা কৰা বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে। ঘৰটোৰ চোতালত মহিলাৰ দীঘল চুলি, চুলিত ব্যৱহাৰ কৰা ‘ক্লিপ’ আদিৰ লগতে তেজ আদি পৰি থকালৈ চাই হত্যাকাৰীয়ে মহিলাগৰাকীক ঘৰৰ চোতালত হত্যা কৰি পিছত ঘৰৰ ভিতৰত মৃতদেহ সুমুৱাই থয়। জানিব পৰা মতে, এই খাটিসোণা অঞ্চলৰ জেবিএফ নামৰ ইটাভাটাটোৰ শ্ৰমিকৰ অস্থায়ী ঘৰত সোণটি বৰাৰ তিনিজনীয়া পৰিয়ালটোৱে বাস কৰিছিল। পূৰ্বতে ঘটনাস্থলীৰ পৰা কেইকিলোমিটাৰ মান আঁতৰৰ আন এডোখৰ ঠাইত থকা পৰিয়ালটোৱে প্ৰায় এমাহমানৰ পূৰ্বেহে এই ঠাইত আহি থাকিবলৈ লৈছিল।

সম্প্ৰতি বিশ্বজিৎ ফুকন নামৰ এজন লোকৰ তত্ত্বাৱধনাত উক্ত ইটাভাতাটো আছে যদিও স্থানীয় দুজনমান যুৱকেহে ইটাভাতাটো চোৱাচিতা কৰে বুলি স্থানীয় লোকে জানিবলৈ দিছে। ইটা ভাতাতেই শ্ৰমিক হিচাপে কাম কৰা সোণটি বৰাৰ ঘৰ লখিমপুৰত। বৰ্তমান ইটা ভাতাসমূহ বন্ধ হৈ থকাৰ বাবে ভগা-ছিগা লোহা আদি কিনা-বেচা কাম কৰিছিল সোণটি বৰাই। আজি ঘটনাস্থলীত যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া গায়ত্ৰী ডেকা, মৰিয়নী আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক দণ্ডীৰাম বৰা, মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, দেবেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰবিন্দ ঘোষ আদি আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে অনুসন্ধান আৰম্ভ কৰে।  আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ অন্তত হত্যাকাৰীৰ ‘ক্লু’ পোৱা বুলি জানিবলৈ দিছে। আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, ভেলেউগুৰি অঞ্চলৰ এজন ব্যক্তি এই হত্যাকাণ্ডত জড়িত আছে। ব্যক্তিজন মৎস্য ব্যৱসায়ৰ সৈতেও জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে। অৱশ্যে ঘটনাৰ তদন্তৰ খাতিৰত আৰক্ষীয়ে অধিক তথ্য দিবলৈ অস্বীকাৰ কৰে। তদুপৰি আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত হত্যাকাৰীৰ অনুসন্ধান আৰম্ভ কৰে। দুপৰীয়া স্নিফাৰ ডগ লৈ আৰক্ষীৰ দল নামি পৰে। আৰক্ষীৰ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰটোৱে ঘটনাস্থলীৰ পৰা কেইকিলোমিটাৰ মান আঁতৰত থকা ভেলেউগুৰি অঞ্চললৈ যায় যদিও নিমাতীচাৰি নামৰ ঠাইডোখৰৰ পৰা আগবাঢ়ি যোৱা পৰিলক্ষিত নহ’ল। কিন্তু কি পৰিস্থিতিত এইদৰে এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও আৰক্ষীৰ অনুসন্ধানত হত্যাকাৰী কৰায়ত্ত হ’লেই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।    

LEAVE A REPLY

Please enter your comment!
Please enter your name here