গুৱাহাটী, ৩ জানুৱাৰী ঃ বাণিজ্যিক শিক্ষাৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূবৰ যুৱ প্রজন্মক আগুৱাই নিয়াৰ বাবে প্ৰয়াস অক্ষুন্ন ৰাখিছে ৰাজ্যৰ অন্যতম ‘কেৰিয়াৰ কাউন্সিলিং গােষ্ঠী প্রিমিয়াৰ ইডুই’। বিগত বর্ষবােৰৰ দৰে এইবেলিও বাণিজ্যিক শিক্ষাৰে জীৱন গঢ়িব খােজা শিক্ষার্থীক এখন মঞ্চ দিবলৈ সাজু হৈছে প্ৰিমিয়াৰ ইডুই। অহা ৬ জানুৱাৰীত হােটেল লিলিত অনুষ্ঠিত হ’ব দেশ-বিদেশৰ ২১ শিক্ষানুষ্ঠানৰ মহামেলা- টিকট টু এমবিএ। বাণিজ্যিক শিক্ষাত অসম তথা উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীক উপযুক্ত পৰামর্শ প্রদান কৰাৰ বাবে এইমহামেলাত অনুষ্ঠিত হ’ব এখনি কনক্লেভ। উক্ত কনক্লেভত এমবিএ তথা বাণিজ্য শিক্ষাক জীৱনৰ কেৰিয়াৰ হিচাপে ল’ব খােজা যুৱ প্রজন্মই দেশৰ আগশাৰীৰ কেৰিয়াৰ বিশেষজ্ঞৰ পৰা উপযুক্ত দিহা-পৰামৰ্শ লাভ কৰিব পাৰিব। উল্লেখ্য যে এই কনক্লেভত য়াংপ’ৰ এক্সকিউটিভ ইডুকেছনৰ চিইঅ’ ড° সমীৰ কাৰখানিছ, আই আই এম কলিকতাৰ অন্যতম প্রতিষ্ঠাপক ড° জয়ৰাজ নায়াৰ, য়াংপ’ এক্সকিউটিভ ইডুকেছনৰ চিইঅ’শংকৰ মুৰলীধৰণ আৰু লণ্ডনৰ ব্ৰেণ্ড বিশ্ববিদ্যালয়ৰ লয়া আগ্রৱালাই বাণিজ্য শিক্ষা আৰু কেৰিয়াৰ সন্দৰ্ভত শিক্ষার্থীৰ সৈতে মত বিনিময় কৰিব আৰু উপযুক্ত দিহা-পৰামৰ্শ আগবঢ়াব। উল্লেখ্য যে উক্ত কেৰিয়াৰ মেলাত গ্র’বছন, ইআইআই এল এম, পাৰুল বিশ্ববিদ্যালয়, আই এছ এম এচ, ইনডাছ বিজনেছ স্কুল (আই আই ই, চি এম) ইউ পি ই এছ, ৱেলিংকাৰ, ইনষ্টিটিউট অৱ মেনেজমেন্ট, এটলাছ স্কিলাটক বিশ্ববিদ্যালয়, এছিয়ান বিজনেছ স্কুল, এ বি বি এছ, লেক্সিকন মাইল, আচাৰ্য ইনষ্টিটিউট, এছ আৰ এম, য়াংপ’ এক্সকিউটিভ ইডুকেছন, বি আই বি এছ, আই টি এম বিশ্ববিদ্যালয়, আই টি এম ইনষ্টিটিউট, সাৰদা বিশ্ববিদ্যালয়, ছইল, এম আই টি ডব্লিউ পি ইউ, ৰিছিউড বিশ্ববিদ্যালয় আৰু দেশ-বিদেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানে এই মহামেলাত ভাগ ল’ব । উক্ত মেলাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ গঢ়াৰ নতুন বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে প্ৰিমিয়াৰ ইডুৰ সঞ্চালক ছাহিল জামানে।
