
?️ কুলদ্বীপ কাশ্যপ
স্বনামধন্য নাট্যকাৰ,পৰিচালক, শিক্ষক তিলক বৈশ্য দেৱৰ কাহিনী,চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনাৰে, বিশিষ্ট চিকিৎসক ডা° খয়বাৰ উল্লাহৰ প্ৰযোজনাৰে উল্লাহ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা সাপ্তাহিক ধাৰাবাহিক “জীৱনৰ ৰং” ৰ কাম সম্পূৰ্ণ হৈ উঠিছে । ধাৰাবাহিক খন PAID নিউজ চেনেলটোৰ যোগেদি কেইবাটাও খণ্ডত প্ৰত্যেক ৰবিবাৰে দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয় বুলি পৰিচালক বৈশ্য ই জানিবলৈ দিয়ে। ধাৰাবাহিকখনক লৈ যথেষ্ট আশাবাদী প্ৰযোজক ডা° খয়বাৰ উল্লাহ আৰু পৰিচালক তিলক বৈশ্য ৷ এটা অগতানুগতিক কাহিনীৰে নিৰ্মাণ কৰা ধাৰাবাহিকখনত দৰ্শকে প্ৰধানকৈ হাস্য আৰু কৰুণ ৰসৰ সোৱাদ লাভ কৰাৰ উপৰিও ভিতৰুৱা গ্ৰাম্যাঞ্চলত চলি থকা কিছুমান অন্ধবিশ্বাসে মানুহক কেনেদৰে গ্ৰাস কৰিছে তাৰ বিৰুদ্ধে মানুহক সজাগ কৰিবলৈ প্ৰয়াস কৰিছে লগতে এটা চৰকাৰী চাকৰি থকাৰ পিছতো পাৰ্ট টাইম হিচাপে বেজালিটো বৃত্তি হিচাপে বাচি লৈছে আৰু সেই চিকিৎসাৰ নাম লৈ কিদৰে মানুহৰ পৰা এচামে ধন ঘটি আছে।লগতে আমাৰ সমাজত থকা এচাম নিকৃষ্ট মানসিকতাৰ মানুহৰ ,আনৰ কটু সমালোচনাত যে ব্যস্ত হৈ থাকে,অপযশ দিয়া , এনেকুৱা বিভিন্ন ৰূপী মানুহৰ জীৱনৰ বিভিন্ন দিশ সামৰি ধাৰাবাহিক খনৰ কাহিনীভাগ আগবাঢ়িছে।কাহিনীটোৱে সমাজলৈ এক আশাৰ বাৰ্তা প্ৰেৰণ কৰিব বুলি পৰিচালক তিলক বৈশ্যই জানিবলৈ দিয়ে। ধাৰাবাহিক খনত ডা° খয়বাৰ উল্লাহ, গিৰীন বৈশ্য, অশোক বৈশ্য, পংকজ ভাগৱতী, চন্দন বাল্মীকি, পংকজ কলিতা, দীপক বৈশ্য, হিমানী বৈশ্য, নিকি (শৰিষ্ঠা) বৈশ্য, মেঘনা ভূঞা, অনামিকা বৈশ্য, আজিজুৰ ৰহমান, মৃদুল বৈশ্য, ৰাজীৱ সাউদ, কৌশিক বৈশ্য আদি, অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ৷ থলুৱা নলবৰীয়া ভাষাত নিৰ্মাণ কৰা ধাৰাবাহিকখনৰ নলবাৰীৰ মৰোৱাকে ধৰি বিভিন্ন অঞ্চলত দৃশ্যগ্ৰহণৰ কাম সমাপন কৰিছে৷ কেমেৰা, সম্পাদনা আৰু সংগীত ব্ৰজেন বৈশ্য । ইতিমধ্যেই ধাৰাবাহিক খনৰ প্ৰথম আৰু দ্বিতীয় খণ্ড দুটা PAID NEWS ৰ যোগেদি ছ’চিয়েল মিডিয়াত সম্প্ৰচাৰ কৰাৰ দিনাৰে পৰাই দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ৷
ম’বাইল : ৯০৮৫৭২০৫৩৯