মাইনু মৰাণ: গণ বাৰ্তা: ডুমডুমা: ‘দৈনিক গণ অধিকাৰ’ কাকতৰ সঞ্চালক, বিশিষ্ট সাংবাদিক, লেখক, সমাজসেৱক ছাহজাহান তালুকদাৰক তিনিচুকীয়াত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ তিনিচুকীয়া জিলা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ ৰাজ্যিক সমিতিৰ উপ- সভাপতি ৰূপম কাকতি, দৈনিক গণ অধিকাৰৰ সাংবাদিক তথা জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সীমান্ত চেতিয়া, সাধাৰণ সম্পাদক মনোৰঞ্জন মৰাণে এখন সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে এটি চাহ পাতৰ টোপোলা আৰু দৈনিক গণ অধিকাৰৰ ডুমডুমাৰ সাংবাদিক মাইনু মৰাণৰ সম্পাদনাত প্ৰকাশিত জানেলিষ্ট ইউনিয়নৰ তিনিচুকীয়া জিলাৰ মুখপত্ৰ ‘স্তম্ভ’ প্ৰদান কৰা হয়৷ জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে উল্লেখ কৰে যে, ” সেৱাৰ মনোভাৱেৰে কাংক্ষিত কৰ্মৰ পথত ছাহজাহান তালুকদাৰে ভিন্ন ৰুচি আদৰ্শৰ কৰ্মত প্ৰবৃত্ত হৈ গণহিতাকাঙ্খি স্বৰূপ প্ৰতিভাত কৰাইছে। সংবাদসেৱাৰ ক্ষেত্ৰত এগৰাকী আগৰণুৱা হিচাপে ব্ৰতী হৈ সংবাদ ক্ষেত্ৰত সোনসেৰীয়া ফচল সিঁচিছে। আনকি এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক হিচাপেও শিক্ষা ক্ষেত্ৰত আৰু সাহিত্য ক্ষেত্ৰত আগৰনুৱা হৈছে। মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সংবাদ ক্ষেত্ৰত কৰ্ম আদৰ্শ হৈ ৰৈছে। সমাজসেৱাৰে জগত সুন্দৰ কৰাত ব্ৰতী হৈছে। তেখেতে বোলা বাটেৰে অজস্ৰজনে বাট বুলিছে।” ইফালে, তালুকদাৰ সৈতে হোৱা সৌহাদ্যপূৰ্ণ আলোচনাত “দৈনিক গন অধিকাৰ” কাকতখনৰ উত্তৰণ সম্পৰ্কীয় বিভিন্ন আলোচনা কৰা হয়৷ অন্যহাতে, ‘দৈনিক গণ অধিকাৰ’ৰ সঞ্চালকক ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত বিশেষ ভাৱে আদৰণি ও মৰম যচা হয়। মটক যুৱ ছাত্ৰ পৰিষদৰ লগতে আমছু বিষয়ব্বীয়া সকল উপস্থিত থাকি তেখেতৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে, দৈনিক গণ অধিকাৰ কাকতৰ প্ৰচলন আৰু প্ৰসাৰতা সন্দৰ্ভত অধিক আলোচনা কৰা হয়। তেখেতে উজনি অসম ভ্ৰমণ সামৰি কালি গুৱাহাটীলৈ ৰাওনা হয়।
Home অসম তিনিচুকীয়া-ডিব্ৰুগড়ত ‘দৈনিক গণ অধিকাৰ’ কাকতৰ সঞ্চালক, বিশিষ্ট সাংবাদিক-লেখক, সমাজসেৱক ছাহজাহান তালুকদাৰক জাৰ্নেলিষ্ট...