ৰাহুল গান্ধীৰ নেতৃত্বত ৯০ শতাংশ নিৰ্বাচনত পৰাস্ত কংগ্ৰেছ

নতুন দিল্লী, ১১ ডিচেম্বৰ ঃ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হ’লে কংগ্ৰেছৰ ভিতৰচ’ৰাত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব। যিহেতু কংগ্ৰেছে বিগত দহ বছৰত ৯০ শতাংশ নিৰ্বাচনত পৰাস্ত হৈছে, এনেক্ষেত্ৰত যাৰ নেতৃত্বত কংগ্ৰেছৰ এনে দুৰ্দশা হৈছে, ইয়াৰ দায়িত্ব স্বীকাৰ কৰি এনে নেতৃত্বক দলৰ দায়িত্বৰ পৰা আঁতৰাব লাগে। —এই বুলি মন্তব্য কৰিছে নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতকাৰক প্ৰশান্ত কিশোৰে। তেওঁ কয় বিৰোধীৰ অৰ্থ কেৱল কংগ্ৰেছ নহয়, আন দলসমূহো ইয়াত অন্তৰ্ভূক্ত হৈ পৰে। সেই বাবে সকলো একত্ৰিত হৈ কোনে নেতৃত্ব ল’ব তাৰ বিবেচনা কৰিব লাগে। যিহেতু বিজেপি এটা বৃহৎ ৰাজনৈতিক দল আৰু এই দলটোৰ প্ৰতি জনতাৰ আস্থা বৃদ্ধি পাইছে। এনেক্ষেত্ৰত বিৰোধী একত্ৰিত হৈ নেতৃত্বৰ বিবেচনা কৰিব লাগে। ইণ্ডিয়া টুডেত দিয়া এক আছুতীয়া সাক্ষাৎকাৰত প্ৰশান্ত কিশোৰে আৰু কয় যে বিজেপিক পৰাভূত কৰিবলৈ কেৱল সকলো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হ’লেই নহ’ব, পৰিকল্পনা অনুসৰি আগবাঢ়িব লাগিব। অসমত ইয়াৰ প্ৰতিফলন দেখা পোৱা গৈছে। অসমত মহাজোঁট গঠন হোৱাৰ পিছতো বিজেপিৰ হাতত পৰাস্ত হৈছে। ২০১৭ৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টী একত্ৰিত হোৱাৰ পিছতো নিৰ্বাচনত পৰাস্ত হৈছিল। অতীতৰ  ফলাফলৰ ওপৰত ধ্যান দিব লাগিব আৰু তাৰ পৰা শিক্ষা ল’ব লাগিব।  সকলো বিৰোধী একত্ৰিত হ’লেই বিজেপিক পৰাস্ত কৰিব পৰা নাযায়। অতীতৰ পৰা এই কথা প্ৰতিপন্ন হৈছে।

বিজেপিক পৰাভূত কৰিবলৈ হ’লে বিৰোধীৰ এজন  নেতৃত্ব দিব পৰা ব্যক্তি হ’ব লাগিব আৰু একেই বিচাৰ ধাৰা হ’ব লাগিব। তেওঁ কয় যেতিয়ালৈ বিজেপিৰ স্থান বিৰোধীয়ে দখল কৰিব নোৱাৰে তেতিয়ালৈ এই বৃহৎ ৰাজনৈতিক দলটোক পৰাস্ত কৰিব পৰা নাযায়। বৰ্তমান কংগ্ৰেছৰ স্থান বিজেপিয়ে দখল কৰি লৈছে। ইয়াৰ উপৰি তেওঁ কয় যে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ হ’লে বিশেষ ইছ্যু থাকিবলৈ¸ লাগিব। যিসমূহ ইছ্যু বৰ্তমান চৰ্চাত আছে সেইসমূহ জনতাৰ মাজত তুলি ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ এতিয়াও হাতত দুবছৰৰ সময় আছে। দুবছৰ সময় বহু কম নহয়। ৭ৰ পৰা ১০ বছৰলৈ পৰিকল্পনা থাকিব লাগে। বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব আৰু সেই অনুসৰি কাম কৰিব লাগিব। তেওঁ কয় বৰ্তমানৰ কংগ্ৰেছৰ নেতৃত্বই বিশেষ ফলাফল দেখুৱাব পৰা নাই।  বিৰোধী নেতা কোন হয় এতিয়াও চৰ্চাৰ বিষয় হৈ আছে যদিও কংগ্ৰেছেই কেৱল সকলো দলৰ বিৰোধী নহয়। এতিয়া সকলো বিৰোধী দলে একত্ৰিতভাৱে এইটো সিদ্ধান্তত উপনীত হ’ব লাগে যে কাৰ নেতৃত্বত আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। 

কংগ্ৰেছৰ দৰে এটা বৃহৎ ৰাজনৈতিক দলত যোৱা তিনি বছৰ ধৰি অন্তৱৰ্তীকালীন অধ্যক্ষৰে চলি আছে। এইটো কি দলটোৰ উচিত পদক্ষেপ নেকি বুলিও প্ৰশ্ন কৰে প্ৰশান্ত কিশোৰে। তেওঁ কয় ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা ১০ বছৰ কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে। এই সময়ছোৱাত ৯০ শতাংশ নিৰ্বাচনী যুঁজত পৰাভূত হৈছে। ১৯৮৪ চনৰ পিছত এখনো নিৰ্বাচনত এই দলটোৱে অকলে জয়ী হ’ব পৰা নাই। নেতৃত্বৰ উপৰিও দলটোত সিদ্ধান্ত লোৱা বিষয়টো খৰতকীয়া হ’ব লাগে। সিদ্ধান্ত লোৱাৰ ক্ষমতা কেৱল দিল্লীত বহি থকা লোকৰ হাততেই সীমিত হ’ব নালাগে। পূৰ্বতে এই দলটো বহু ক্ষমতাশালী আছিল। কিয়নো তেওঁলোকৰ হাতত ক্ষেত্ৰীয় নেতা আছিল। ইয়াৰ উপৰিও তেওঁ কয় যে  বিজেপিক হঠাতে দেশৰ ৰাজনৈতিক পথাৰৰ পৰা নাইকিয়া কৰিব পৰা নাযায়। এই দলটোৱে কেনেদৰে এই স্থানত উপনীত হ’ল তাৰ বিশ্লেষণ কৰিব লাগে। এই দলটোৰ সংগঠনে যোৱা ৫০/৬০ বছৰ ধৰি  কাম কৰিছে। ৫০/৬০ বছৰ ধৰি কাম কৰাৰ পিছত ৩০/৩৫ শতাংশ ভোটেৰে কেন্দ্ৰত শাসন প্ৰতিষ্ঠা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here