Home অসম আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা : অফিচ-কাছাৰী-কল-কাৰাখানাত উখল-মাখল পৰিৱেশ

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা : অফিচ-কাছাৰী-কল-কাৰাখানাত উখল-মাখল পৰিৱেশ

231
0


ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ছেপ্তেম্বৰ : কোৰোনা মহামাৰীৰ প্ৰট’কল পালন কৰি কাইলৈ ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদ্‌যাপন কৰিবলৈ ওলাইছে বিশ্ব খনিকৰ বিশ্বাকৰ্মা পূজা। বিশ্বকৰ্মা পূজাক লৈ ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ। অফিচ-কাছাৰী, কল-কাৰখানাসমূহত উলহ-মালহেৰে বিশ্বকৰ্মা পূজা উদ্‌যাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। সংবাদ প্ৰতিষ্ঠানসমূহতো বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আয়োজন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে। কাইলৈ পুৱা শংখ-ঘণ্টা, বৈদ্বিক মন্ত্ৰৰে ৰজনজনাব সমগ্ৰ ৰাজ্য। বিশ্বকৰ্মা পূজাৰ আগমুহূৰ্তত ৰাজ্যৰ বজাৰসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বজাৰসমূহত আজিৰ দিনটোত ৰাজ্যবাসীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে ক’ভিডৰ বাবে বিশ্বকৰ্মা পূজা উদ্‌যাপনত কিছু বাধা আহি পৰিছে যদিও ইয়াৰ মাজতো ৰাজ্যবাসীয়ে ক’ভিড প্ৰট’কল মানি পূজাভাগ পালন কৰিবলৈ ওলাইছে। এফালে ৰাজ্যৰ বজাৰত জুই-ছাই দাম, আনফালে পূজাৰ বতৰ। ইয়াৰ মাজতো ৰাজ্যবাসীয়ে ধাৰ্মিক নীতি-নিয়মেৰে অনুষ্টুপীয়াকৈ হ’লেও বিশ্বকৰ্মা পূজাভাগ আয়োজন কৰিবলৈ ওলাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here