Home উত্তৰ পূৰ্বাঞ্চল এদিনত ৯ লাখতকৈ অধিক গোচৰ নিষ্পত্তি দেশজুৰি লোক আদালতৰ অভিলেখ

এদিনত ৯ লাখতকৈ অধিক গোচৰ নিষ্পত্তি দেশজুৰি লোক আদালতৰ অভিলেখ

126
0


নতুন দিল্লী, ১২ ছেপ্তেম্বৰ : দেশৰ ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক লৈ অনুষ্ঠিত হোৱা লোক আদালতত ৩৩ লাখতকৈ অধিক গোচৰৰ শুনানি সম্পন্ন হয়। যাৰ ভিতৰত ৯ লাখতকৈ অধিক গোচৰ নিষ্পত্তি কৰা হয়। ৰাষ্টীয় আইনি সেৱা প্ৰাধীকৰণৰ সদস্য সচিব অশোক জৈনৰ মতে কতৃপক্ষৰ কাৰ্যবাহী অধ্যক্ষ তথা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত লোক আদালতে উচ্চতম ন্যায়ালয়ৰ পৰা জিলা আৰু সত্ৰ আদালতত লোক আদালত অনুষ্ঠিত হয়। প্ৰাক-মোকৰ্দমা পৰ্যায়ৰ পৰা ১৮ লাখ ৫০ হাজাৰতকৈ অধিক গোচৰৰ শুনানি হয়। ইয়াৰ ভিতৰত ৯ লাখ ৪১ হাজাৰৰ গোচৰৰ নিষ্পত্তি কৰা হয়। বছৰজুৰি শুনানি নোহোৱাকৈ পৰি ৰোৱা ১৪,৬২,৩২২টা গোচৰৰ শুনানি হয়। যাৰ ভিতৰত ৫,৯২,২৬১টা গোচৰ নিষ্পত্তি কৰা হয়। শুনানি হোৱা অধিকসংখ্যক গোচৰৰ ভিতৰত আছিল পাৰিবাৰিক সংঘাত, কোম্পানী আইন, চেক বাউন্স, শ্ৰমিক গোচৰ, ৰাজস্ব সংঘাত, সামান্য অপৰাধ আদি। আদিবাসী আৰু মাওবাদীক প্ৰভাৱিত অঞ্চলসমূহতো লোক আদালত অনুষ্ঠিত হয়। ২০২১ৰ এইটো তৃতীয় লোক আদালত আছিল। ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক আৰু ওড়িশাত ছেপ্টেম্বৰতে চতুৰ্থ লোক আদালত অনুষ্ঠিত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here