Home অসম আজি মহাষ্টমী, দেৱী বন্দনাত মুখৰিত ৰাজ্য, সপ্তমীত দেৱী আৰাধনাৰ বাবে ওলাই আহিল...

আজি মহাষ্টমী, দেৱী বন্দনাত মুখৰিত ৰাজ্য, সপ্তমীত দেৱী আৰাধনাৰ বাবে ওলাই আহিল জনতা

94
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : শৰতৰ আগমনে আমাক আপ্লুত কৰি তোলে। গ্ৰীষ্মৰ দেহ পুৰি নিয়া গৰমৰ অন্তত এজাক মলয়াই শৰীৰ স্পৰ্শ কৰে। তপত হৈ পৰা দেহত শীতলতা বিয়পাই দিয়ে। সেয়ে শৰতক কোৱা হয় ঋতুৰ ৰাণী বুলি। শৰৎ আহিলেই মনবোৰ হৈ পৰে উৎফুল্ল। নিয়ৰসনা দূবৰিত সৰি পৰা শেৱালিৰ মাধুৰ্য অনন্য। প্ৰতিটো পুৱাতেই তেনেই এখন ছবি দেখিবলৈ পোৱা যায় নঙলামুখত। এক প্ৰশান্তিৰ ছবি। নৈৰ পাৰৰ আন এক দৃশ্য। শুভ্ৰ বগা হৈ ৰয় প্ৰতিখন নৈৰ বক্ষ। নীলাভ হৈ পৰে বোৱঁতী পানীৰ ৰং। আকাশৰ প্ৰতিবিম্ব ভাহি উঠে নৈৰ বুকুত। কলিয়া ডাৱৰ আৰু নাই। কমুৱা তুলাৰ দৰে শুভ্ৰ মেঘে দেও দি থাকে আকাশ। ফেঁহুজালিত ঈষৎ বেঙুনীয়া হৈ পৰে নৈৰ বক্ষ। কঁহুৱাৰ মাজেৰে সূৰ্যৰ হেঙুলীয়া কিৰণে সিঁচি দিয়ে এই ৰং। কেনে এক মনোমোহা আৰু প্ৰশান্তিৰে ভৰা। নৈৰ পানীত মাছৰ জাকে আপ্লুত হৈ নাচে আৰু মাছুৱৈসকল ব্যস্ত হৈ পৰে মাছৰ সৈতে লুকাভাকু খেলাত। এয়াই শৰতৰ আন এটা ৰূপ। গ্ৰীষ্ম আৰু বৰ্ষাত বোকাময় পথাৰত শস্যৰ গান জুৰি ভাগৰুৱা হৈ পৰে প্ৰতিজন কৃষক। সূৰ্যৰ প্ৰখৰ ৰ’দত কপালৰ ঘাম মাটিত পেলাই উৰ্বৰ কৰি তোলাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখে কৃষকে। কৃষকৰ এই হাড়ভগা পৰিশ্ৰমৰ বুনিয়াদতে আমি দুবেলা দুমুঠি খাবলৈ পাওঁ। তিনিমাহজোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত ভাগৰুৱা হৈ পৰে কৃষক আৰু সেই সময়তে আহে শৰতৰ শীতলতা। কৃষিকাৰ্য সমাপণ কৰি ভাগৰুৱা দেহক অলপ বিশ্ৰাম দিয়াটো প্ৰয়োজনীয়। সেয়ে চাগে প্ৰকৃতিয়ে সৃষ্টি কৰিছে শৰতৰ। কাৰণ, হেমন্ত আহিলেই শস্য চপোৱাত পুনৰ পৰিশ্ৰম কৰিব লাগিব কৃষকে। একেই পৰিশ্ৰম, যি শস্য সিঁচাৰ সময়ত হৈছিল একেই পৰিশ্ৰম শস্য চপোৱাৰ সময়তো। মাথোঁ ব্যতিক্ৰম সোণোৱালী ৰহণ ধৰা পথাৰখন চাই কৃষকৰ দুচকুত ফুটি উঠা প্ৰশান্তি আৰু ওঁঠৰ মধুৰ হাঁহি। এয়েই শৰৎ। যিয়ে সকলোকে সামৰি লয়। শৰৎ মানেই আহৰিৰ কিছু সময় আৰু এই আহৰিতেই দেৱ-দেৱীক আৰাধনাৰ বাবে সকলোৱে ব্ৰতী হয়। সমস্ত কাৰ্য সমাপণৰ অন্তত এতিয়া সময় ইস্ত দেৱ-দেৱীক আৰাধনা কৰা, যাতে বছৰটো সুকলমে পাৰ হয়। বিশেষকৈ শৰৎ মানেই মা দুৰ্গাৰ বিশাল আৰাধনা। শৰৎ মানেই দুৰ্গা পূজা। হিন্দু শাস্ত্ৰ অনুসৰি, মা দুৰ্গাই বিভিন্ন সময়ত অসুৰক দমনৰ বাবে বিভিন্নজন দেৱতাৰ পৰা লাভ কৰা অস্ত্ৰ-শস্ত্ৰৰে নিজৰ আঠখন হাত সজ্জিত কৰি ৰাখে। যাতে সেই অস্ত্ৰ-শস্ত্ৰৰে দানৱক নিধন কৰি দুৰ্গতক ৰক্ষা কৰিব পাৰে। হিন্দু শাস্ত্ৰৰ আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী মা দুৰ্গাই সকলো দিশৰ পৰা ভক্তক ৰক্ষা কৰে বুলি এক প্ৰবাদ আছে। মা দুৰ্গা দহখন হাতৰ অধিকাৰিণী। এই দহখন হাতেৰে মা দুৰ্গাই ভক্তক আঠটা দিশৰ লগতে আকাশ আৰু পৃথিৱীৰ পৰা সুৰক্ষা প্ৰদান কৰে। দহখন হাতৰ লগতে মা দুৰ্গা ত্ৰি-চক্ষুৰ অধিকাৰণী। সেই ত্ৰি-চক্ষুৱে সূৰ্য, চন্দ্ৰ আৰু অগ্নিক সূচায়। সোঁ চকুৰে কৰ্ম (সূৰ্য), বাঁও চকুৱে বাঞ্ছিত ফল (চন্দ্ৰ) আৰু কপালৰ সোঁমাজত থকা চকুৱে জ্ঞান (অগ্নি)ক প্ৰতিনিধিত্ব কৰে। হিন্দু শাস্ত্ৰৰ স্ত্ৰী দেৱীসমূহৰ ভিতৰৰ আটাইতকৈ শক্তিশালী দেৱী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। মা দুৰ্গা হৈছে শক্তিৰ অন্য এক ৰূপ। শক্তিৰূপা হিচাপে পৰিচিত দেৱী দুৰ্গা। যুগে যুগে অসুৰৰ পৰা ভক্তক ৰক্ষা কৰাৰ উদ্দেশ্যে দহা হস্তধাৰিণী মা দুৰ্গাৰ প্ৰতিখন হাততে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ থাকে বুলি প্ৰবাদ আছে আৰু সেই প্ৰতিখন হাতত থকা অস্ত্ৰ-শস্ত্ৰ আৰু মুদ্ৰাৰো তাত্ত্বিক অৰ্থ আছে আৰু সেই তাত্ত্বিক অৰ্থসমূহ হ’ল— মা দুৰ্গাৰ প্ৰথম ওপৰৰ ফালৰ সোঁহাতত আছে চক্ৰ। যিয়ে ধৰ্ম (কৰ্তব্য আৰু সাধুতা)ক প্ৰতিনিধিত্ব কৰে। আমি আমাৰ জীৱনৰ কৰ্তব্য, দায়িত্ব নিশ্চয় পালন কৰিব লাগে। মা দুৰ্গাৰ প্ৰথম ওপৰৰ ফালৰ বাঁও হাতত আছে শংখ। যিয়ে সুখ (সৌভাগ্য)ক প্ৰতিনিধিত্ব কৰে। ইয়াৰ দ্বাৰা ইয়াকে সূচায় যে আমি আমাৰ জীৱনৰ দায়িত্ব, কৰ্তব্য সূচায় যে আমি আমাৰ জীৱনৰ দায়িত্ব, কৰ্তব্য আনন্দৰে সম্পাদন কৰিব লাগে। মা দুৰ্গাই দ্বিতীয় সোঁহাতত ধাৰণ কৰি আছে তৰোৱাল। যিয়ে পাপ বিনাশক প্ৰতিনিধিত্ব কৰে। মা দুৰ্গাই দ্বিতীয় বাঁওহাতত ধাৰণ কৰে ধনুকাঁড়। যিয়ে প্ৰতিনিধিত্ব কৰে চৰিত্ৰক। ভগৱান ৰামচন্দ্ৰৰ দৰে আমি জীৱনত যিমানেই ডাঙৰ বিপদৰ সন্মুখীন নহওঁ কিয়, কেতিয়াও নিজৰ চৰিত্ৰ হেৰুৱাব নালাগে। মা দুৰ্গাই তৃতীয় বাঁও হাতত ধাৰণ কৰি আছে এটা অৰ্ধ প্ৰস্ফূটিত পদুম। যিয়ে বিচ্ছিন্ন হোৱাক প্ৰতিনিধিত্ব কৰে। এই ধৰাত প্ৰত্যেকেই নিজস্ব। কোনো কাৰোৰে লগত সংপৃক্ত হৈ জন্ম লোৱা নাই। পদুম যেনেকৈ বোকাত জন্ম হৈয়ো যদি বোকাৰ পৰা বিচ্ছিন্ন হৈ থাকি নিজৰ সৌন্দৰ্য বিলায়, ঠিক তেনেদৰে মানুহেও নিজৰ কৰ্মত কাৰোৰে সংপৃক্ত হৈ থাকিব নালাগে। মা দুৰ্গাই তৃতীয় সোঁহাতত ধাৰণ কৰি আছে গদা। যি প্ৰভুভক্ত, বলৱন্ত হনুমানে ধাৰণ কৰে। গদাই ধৰ্ম আৰু ৰাজভক্তিক প্ৰতিনিধিত্ব কৰে। মা দুৰ্গাই চুতৰ্থ বাঁও হাতত ধাৰণ কৰি আছে ত্ৰিশূল। ত্ৰিশূলে সাহসিকতাক প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক জীৱই সাহসী হ’ব লাগে। মা দুৰ্গাই চতুৰ্থ সোঁহাতৰ ভংগিমাই আশীৰ্বাদক প্ৰতিনিধিত্ব কৰে। যিয়ে আমাক শিকাই যে আমি প্ৰত্যেকেই প্ৰত্যেকৰ কাৰণে দয়াশীল আৰু ক্ষমাশীল হ’ব লাগে। মা দুৰ্গাৰ বাহন হ’ল সিংহ। সিংহ হ’ল অপৰিসীম শক্তিৰ প্ৰতীক। মা দুৰ্গাই সিংহত উঠি যাত্ৰা কৰাই ইয়াক প্ৰতিপন্ন কৰে যে মা দুৰ্গাই সেই শক্তি আহৰণ কৰে, যাৰ দ্বাৰা তেওঁ ভক্তক সুৰক্ষা প্ৰদান কৰে আৰু দৈত্যক দমন কৰে। এই কাৰণেই মা দুৰ্গাক আৰাধনা কৰি মৰতৰ সকলো দুৰ্গতি নাশ কৰাৰ বাবে সন্তানসকলে আৰাধনা কৰে। আজি মহা সপ্তমী, ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছত আজি ভক্তসকলে ডবা, কাঁহ, উৰুলি, ঢাক-ঢোল আৰু শংখধবনিৰে আৰাধনা আৰম্ভণি কৰে। গণেশ-কাৰ্তিক, লক্ষ্মীক আৰু সৰস্বতীক লগত মৰতত দেউতাকৰ ঘৰলৈ অহা দেৱীৰ বন্দনাৰ বাবে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাৰ মণ্ডপসমূহত ভিৰ কৰেহি ভক্তসকলে। ক’ভিড প্ৰট’কলৰ মাজেৰে শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছে যদিও ভক্তসকলৰ সমাগম লেখত ল’বলগীয়া আছিল। সকলো ক’ভিড বিধি মানি মা-দুৰ্গাৰ আৰতি কৰে ভক্তসকলে। কাইলৈ মহাষ্টমী। মহাষ্টমীৰ দিনা মা-দুৰ্গাৰ আৰাধনাৰ মূল পৰ্ব আৰম্ভ হয়। তদুপৰি দেৱীক আৰাধনা কৰি সন্তুষ্ট কৰাৰ বাবে বলি-বিধানৰো পৰাম্পৰা আছে। মহাষ্টমীৰ পৰা এই বলি-বিধান আৰম্ভ হয়। কাইলৈ মহাষ্টমীৰ দিনা মা দুৰ্গাৰ আৰাধনা কৰিব ৰাজ্যবাসীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here