Home অসম আইপিএল জুৱাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সৰ অভিযান : ফাঁচী বজাৰত জব্দ ২৬.৪ লাখ...

আইপিএল জুৱাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সৰ অভিযান : ফাঁচী বজাৰত জব্দ ২৬.৪ লাখ টকা, শীৰ্ষ জুৱাৰী অশোক-মনোজ জৈনৰ বহিঃৰাজ্যলৈ পলায়ন

263
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ অক্টোবৰ :
শনিবাৰে নিশা আইপিএল জুৱাৰ বিৰুদ্ধে মহানগৰীত অপৰাধ অনুসন্ধান শাখাই অভিযান চলোৱাৰ পিছত আজি পুনৰ ফাঁচীবজাৰ আৰু আঠগাঁৱত অভিযান চলায় অপৰাধ অনুসন্ধান শাখাই৷ আইপিএলৰ সময়ত ৰাজ্যত বৃহৎ জুৱাৰ বজাৰ গঢ়ি তোলা জুৱাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলায়৷ কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাকেশ জৈন আৰু দীপেশ বাজৰীয়াক লগত লৈ অপৰাধ অনুসন্ধান শাখাই দুপৰীয়া ফাঁচীবজাৰ আৰু আঠগাঁৱত অভিযান চলায়৷ ফাঁচীবজাৰৰ জোগাৰ্ছ বিপণী আৰু আঠগাঁৱৰ চি আৰ কুঞ্জ এপাৰ্টমেণ্টত অভিযান চলায়৷ উল্লেখ্য যে অপৰাধ অনুসন্ধান শাখাই আইপিএল জুৱাৰ সৈতে অশোক কুমাৰ জৈন আৰু মনোজ কুমাৰ জৈন, মিশূল জৈন জড়িত থকাৰ তথ্য লাভ কৰাৰ পিছতে অভিযান চলাইছিল৷ ইয়াৰে চি আৰ¸ কুঞ্জ এপাৰ্টমেণ্টত অশোক জৈন আৰু তেওঁৰ ভাতৃ মনোজ জৈন বসবাস কৰে৷ অভিযানকালত আৰক্ষীয়ে ২৬.৪ লাখ নগদ ধন জব্দ কৰাৰ লগতে কে’বাটাও ম’বাইল আৰু আপত্তিজনক নথি জব্দ কৰে৷ ইপিনে জানিব পৰা অনুসৰি, আইপিএল জুৱাৰ দুই মুখ্য অভিযুক্ত অশোক জৈন আৰু মনোজ জৈনে ইতিমধ্যে বহিঃৰাজ্যলৈ পলায়ন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here