Home সম্পাদকীয় যোগ আৰু আয়ুৰ্বেদৰ দৰে পৰম্পৰা ভাৰতৰ গৌৰৱ

যোগ আৰু আয়ুৰ্বেদৰ দৰে পৰম্পৰা ভাৰতৰ গৌৰৱ

127
0

সৰ্বানন্দ সোনোৱাল, কেন্দ্ৰীয় আয়ুষমন্ত্রী , ৬ অক্টোবৰ : পৰম্পৰাগত চিকিৎসা পদ্ধতি সহস্ৰাব্দ পুৰণি, আৰু ই সৰ্বাংগীণ কল্যাণ সাধনকাৰীও৷ স্বাস্থ্য সুৰক্ষা সন্দৰ্ভত সলনি হোৱা দৃষ্টিভংগীয়ে আক্ষৰিক অৰ্থতে ‘আয়ুষ’ [যথাঃ আয়ুৰ্বেদ, যোগ, নেশ্যাৰোথেৰাপী, ইউনানী, সিদ্ধ, ছোৱা-ৰিগ্‌পা আৰু হোমিঅ’পেথী]পদ্ধতিৰ চিকিৎসা ব্যৱস্থাৰ প্ৰতি যুগ যুগ ধৰি অব্যাহত থকা আগ্ৰহক পুনৰুজ্জীৱিত কৰি তুলিছে৷ স্বাস্থ্য সুৰক্ষাৰ প্ৰসংগত বহুলবাদী দৃষ্টিভংগী গ্ৰহণৰ ক্ষেত্ৰত ৰাষ্ট্ৰই পোষণ কৰা সক্ৰিয় পৃষ্ঠপোষকতা আৰু উৎসাহে আয়ুষৰ প্ৰগতিক সকলোৰে বাবে উন্নত মানৰ স্বাস্থ্যসেৱা আগবঢ়াব পৰাকৈ ত্বৰান্বিত কৰিছে৷ ‘আয়ুষ’-এ মূলৰ শক্তিক অক্ষুণ্ণ ৰাখি ৰোগ মুক্তিৰ ক্ষেত্ৰত শতিকাজুৰি স্বীকৃত নিদানমূলক তথ্যাৱলীৰ উত্তম সাক্ষ্যসমূহক এটা অনুশাসনমূলক চিকিৎসা পদ্ধতিৰ পৰা আন এটা পদ্ধতিলৈ অনুবাদ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে৷ ২০১৪ চনত স্থাপিত ‘আয়ুষ মন্ত্ৰালয়ে’ মাননীয় প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা ‘নতুন ভাৰত’ৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত ‘আয়ুষ’ৰ ভূমিকাক সম্প্ৰসাৰিত কৰিছে৷ আয়ুষ স্বাস্থ্য পদ্ধতিক ফলপ্ৰসূ ৰূপত বিকশিত কৰি তুলিব পৰাকৈ ইয়াৰ শিক্ষা, গৱেষণা আৰু জনপ্ৰিয়কৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে মন্ত্ৰালয়টোৱে৷ঔষধ-সংস্কাৰ গ্ৰন্থ প্ৰস্তুতৰ দৰে অতিকে গুৰুত্বপূৰ্ণ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সন্মানীয় প্ৰতিষ্ঠানৰ উৎসাহী সহযোগিতাই ভাৰতীয় পৰম্পৰাগত স্বাস্থ্যসেৱা পদ্ধতিৰ প্ৰতি বাঢ়ি অহা বিপুল আগ্ৰহক প্ৰতিবিম্বিত কৰাৰ লগতে আয়ুষ খণ্ডক একাধিক ক্ষেত্ৰত প্ৰভাৱিত কৰাৰ নিশ্চিতি প্ৰদান কৰিছে৷ শেহতীয়া ভাবে ‘আমেৰিকান হাৰ্বেল ফাৰ্মাকোপীয়া’ [এএইছপি] আৰু ‘পিচিআইএমএইচ’ৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনে এই কথা প্ৰতীয়মান কৰাৰ লগতে অদূৰ ভৱিষ্যতে আমেৰিকাত আয়ুৰ্বেদিক ঔষধৰ চাহিদাকো বাৰুকৈয়ে প্ৰভাৱিত কৰাৰ ইংগিত বহণ কৰিছে৷ প্ৰসংগতে উল্লেখ্য যে অতি সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰত আয়ুৰ্বেদিক সা-সামগ্ৰীক ঔষধ বুলি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে পৰিপুষ্টিসাধক খাদ্য সামগ্ৰীৰ ৰূপতহে আদৰি লোৱাটো পৰিলক্ষিত হৈছে৷ক’ভিড-১৯বিৰোধী যুঁজত ‘আয়ুষ’-এ গ্ৰহণ কৰা ভূমিকাও এইসমূহ গুৰুত্বপূৰ্ণ প্ৰয়াসৰ মাজত অন্তৰ্ভুক্ত হৈ আছে৷ আয়ুষ মন্ত্ৰালয়ে গৱেষণা আৰু বিকাশমূলক [আৰএণ্ডডি] বহুবোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে মহামাৰীৰ প্ৰভাৱ প্ৰশমিত কৰিব পৰাকৈ আয়ুষ পদ্ধতিৰ সম্ভাৱনীয়তাসমূহক প্ৰতিপালন কৰাৰ বাবে ৰাজহুৱা স্বাস্থ্যসেৱা সম্পৰ্কীয় পদক্ষেপ গ্ৰহণত গুৰুত্ব প্ৰদান কৰিছে৷ চৰকাৰে ৰোগ-প্ৰতিৰোধী শক্তিৰ উত্তৰণ তথা সৰ্বসাধাৰণ ৰাইজৰ সহজলভ্য আৰু সৰল ঘৰুৱা নিদানমূলক ব্যৱস্থাৱলী সন্দৰ্ভত ব্যাপক জন সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰোগ-প্ৰতিৰোধৰ বাবে ‘আয়ুষ’ৰ দৰে বিভিন্ন বিধি-নিৰ্দেশনা তথা পৰামৰ্শাৱলী জাৰি কৰিছে৷ ইফালে নতুন দিল্লীস্থিত ‘অখিল ভাৰত আয়ুৰ্বেদ প্ৰতিষ্ঠান’[এআইআইএ]ৰ দৰে আয়ুষ-সংস্থাই আয়ুষ বিধি-নিৰ্দেশনাৰ আধাৰত ক’ভিড-১৯ সংক্ৰমণত সাধাৰণৰ পৰা মজলীয়া ভাবে অসুস্থ ৰোগীৰ চিকিৎসা প্ৰবন্ধন সম্ভৱ কৰিব পৰাকৈ ডৎসৰ্গিত ক’ভিড স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিছে৷ মন্ত্ৰালয়টোৱে আয়ুষ চিকিৎসা পদ্ধতিক উৎসাহিত কৰা, উত্তৰণৰ পথ প্ৰশস্থ কৰাৰ বাবে তথ্য-সমৃদ্ধ গৱেষণাৰ ক্ষেত্ৰত বহুবোৰ সংস্থাৰ সৈতে জোঁট-বন্ধনৰ ব্যৱস্থা কৰিছে৷ মন্ত্ৰালয়টোৱে ‘আইচিএমআৰ’, ‘ডিবিটি’, ‘চিএছআইআৰ’, ‘এআই আইএমএছ’ৰ দৰে দেশৰ অগ্ৰণী সংস্থাসমূহৰ বিজ্ঞানী, হাওঁফাও-ৰোগ বিশেষজ্ঞ, মহামাৰীবিশেষজ্ঞ, ঔষধ-বিজ্ঞানী আদিক লৈ ইতিমধ্যে এক ‘আন্তঃঅনুশাসনমূলক আয়ুষ গৱেষণা আৰু বিকাশ সম্পৰ্কীয় কৰ্ম বাহিনী’ গঠন কৰিছে আৰু ক’ভিড-১৯ প্ৰবন্ধনৰ বাবে আয়ুৰ্বেদ আৰু যোগ-ভিত্তিক ‘নেশ্যনেল ক্লিনিকেল মেনেজমেণ্ট প্ৰট’কল’ৰ প্ৰণয়ন আৰু প্ৰকাশৰ ব্যৱস্থা কৰিছে৷দেশৰ বিভিন্ন প্ৰান্তত থকা ১৫২টা কেন্দ্ৰত ক’ভিড-১৯ সন্দৰ্ভত ১২৭টা গৱেষণামূলক অধ্যায়ণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে৷ ইয়াৰে ৯০টাৰ অধ্যয়ণ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ উপৰি ১৫খন পাণ্ডুলিপি প্ৰকাশ কৰা হৈছে৷ ইফালে, ২০খনৰ প্ৰস্তুতি প্ৰকাশনীৰ ব্যৱস্থাও সম্পূৰ্ণ হৈছে৷ এইবোৰ অধ্যয়ণে আয়ুষ ৰোগ-নিৰোধক ব্যৱহাৰকাৰীসকলৰ মাজত ক’ভিডৰ সংক্ৰমণ হ্ৰাসৰ ক্ষেত্ৰত আশাপ্ৰদ ফলাফলৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে৷ আয়ুষ চিকিৎসাবিধিৰ প্ৰয়োগ সন্দৰ্ভত যুগুতোৱা ‘আয়ুষ ৬৪’ৰ দৰে উত্তম-আৰ্হিৰ ‘ক্লিনিকেল অধ্যয়নে’ নিজকে সাব্যস্ত কৰা অথবা মানকৰ ক্ষেত্ৰত সহায়ক হিচাপে লক্ষণবিহীন আৰু সাধাৰণৰ পৰা মজলীয়া ধৰণে অসুস্থ ক’ভিড-১৯ ৰোগীৰ আশু আৰোগ্য, আৰটি পিচিআৰ-ৰ ফলাফলৰ ক্ষেত্ৰত আগতীয়াকৈ নেতিবাচক ফল প্ৰদৰ্শন কৰা, হাস্পটালত কটোৱাৰ সময়কাল হ্ৰাস কৰা, ৰোগীৰ অৱস্থা তীব্ৰতৰ পৰ্যায়লৈ যোৱাত আৰু জটিলতাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ লগতে জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ইতিবাচকতাৰ নিদৰ্শন দাঙি ধৰিছে৷ হাস্পটালৰ বাহিৰত থকা বিশাল সংখ্যক ক’ভিড ৰোগীক উপকৃত কৰিব পৰাকৈ মন্ত্ৰালয়টোৱে প্ৰমাণিত বনৌষধিৰে প্ৰস্তুত কৰা ‘আয়ুষছচ্ছ্ৰ’ আৰু ‘কবাছুৰা কুড়িনী’ৰ বিতৰণৰ এক ৰাষ্ট্ৰজোৰা অভিযান আৰম্ভ কৰা হৈছে৷ সেইদৰে, ক’ভিড-১৯১ বিৰুদ্ধে কৰ্মৰত দিল্লী আৰক্ষীৰ ৮০,০০০ আগশাৰীৰ সেৱা কৰ্মীৰ দেহত ৰোগ প্ৰতিৰোধী সামৰ্থ্য বঢ়োৱাৰ লগতে জীৱনৰ মান উন্নত কৰাৰ বাবে ‘আয়ুৰক্ষা কিট’ প্ৰদানৰো ব্যৱস্থা কৰে মন্ত্ৰালয়টোৱে৷ এই ‘কিট’ত থকা ‘কাঢ়া’[বনৌষধিযুক্ত চাহ], ‘সাঁশমানি বড়ি’[গিলৈৰে প্ৰস্তুত কৰা] আৰু নাকত দিয়াৰ বাবে প্ৰস্তুত কৰা ‘অনুতৈল’ ব্যৱহাৰ কৰাৰ ফলত সংক্ৰমণৰ প্ৰচণ্ড আশংকা থকাৰ পিচতো এইসকল জোৱানৰ মাত্ৰ ৪৮ণহে আক্ৰান্ত হোৱাতো প্ৰসংগতে প্ৰণিধান যোগ্য৷আয়ুষ খণ্ডৰ উত্তৰণ সম্ভৱ কৰি ইয়াক বহণক্ষম প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ বাবে গ্ৰহণ কৰিব পৰা অসংখ্য দিহা-পৰামৰ্শ, কাৰ্যক্ৰম বাস্তৱায়িত কৰিব পৰাকৈ ২০২১-২২বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ‘আয়ুষ’ৰ বাবে পুঁজিৰ পৰিমাণ ২১২২.০৮ কোটিৰ পৰা ২,৯৭০.৩০ কোটি টকা[পূৰ্বৱৰ্তি পুঁজিৰ তুলনাত ৪০ণ বৃদ্ধি]লৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে৷বিগত দুটা বছৰৰো ওপৰ কালত ক’ভিড প্ৰশমণৰ লক্ষ্যৰে আয়ুষ মন্ত্ৰালয়ে গ্ৰহণ কৰা বিস্তৃত পৰিসৰৰ বিজাণুমুক্তকৰণ অভিযান আৰু অন্যান্য পদক্ষেপ গ্ৰহণৰ সুবাদত আয়ুষ-খণ্ডই লাভ কৰা ৪৪ণৰ বিকাশে আয়ুষ-উদ্যোগৰ প্ৰাসংগিকতাকো বৃ্‌দ্ধি কৰি তুলিছে৷ বিশাল সংখ্যক জনতাৰ শাৰীৰিক সুস্থতা অক্ষুন্ন ৰখাৰ প্ৰয়াস হিচাপে আয়ুষ মন্ত্ৰালয়ে থাউকতে ব্যৱহাৰ কৰিব পৰাকৈ ‘আয়ুষ-কৱাথ’য’আয়ুষ-কুড়িনীৰ’য ‘আয়ুষজোসান্দা’ৰ দৰে পথ্যসামগ্ৰীৰ ‘ৰেডী-মে’ড পেকেট’ও প্ৰস্তুত কৰি উলিয়াইছে৷তদুপৰি এইছোৱা সময়ত বনৌষধি উৎপাদনৰে জড়িত কৃষকসকলৰ আয়ো বৃদ্ধি পোৱাৰ তথ্য প্ৰতীয়মান কৰিছে ভাৰত চৰকাৰৰ ‘ৰাষ্ট্ৰীয় বনৌষধি ব’ৰ্ড’ [এনএমপিবি]ৰ বিপণন প্ৰতিবেদনে৷ প্ৰতিবেদনখনত জ্জ্বটা মাহৰ এছোৱা চমু সময়কালত বনৌষধিৰ কেঁচাসামগ্ৰীৰ দাম ৩গুণে বৃদ্ধি পোৱাৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰ মাজতে ‘বিশ্ব স্বাস্থ্য সংস্থা’ই স্থাপন কৰিব খোজা ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ স্থান হিচাপে ভাৰতক নিৰ্বাচিত কৰা কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰি তুলিছে৷ ২০২০চনৰ ১৩ নৱেম্বৰত উদযাপন কৰা ‘পঞ্চম আয়ুৰ্বেদ দিৱস’ উপলক্ষে ‘বিশ্ব স্বাস্থ্য সংস্থা’[ডব্লিউএইচঅ]ৰ সঞ্চালক প্ৰধান ড॰ টেড্ৰছ এধানম ঘ্ৰেব্ৰেছুছে এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ জৰিয়তে সাৰ্বজনীন অন্তৰ্ভুক্তি আৰু স্বাস্থ্য সম্পৰ্কীয় উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত পৰম্পৰাগত চিকিৎসাশৈলীৰ তথ্য-ভিত্তিক উত্তৰণ সাধনৰ বাবে প্ৰধানমন্ত্ৰীয়ে পোষণ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লৈছিল৷
শেহতীয়া বছৰসমূহত আমাৰ প্ৰাচীন যোগশৈলীৰ অনুশীলনে গোলকীয় পৰিমণ্ডলত জীৱনশৈলী আৰু কল্যাণসাধন পদ্ধতি হিচাপে দমনীয় প্ৰতিষ্ঠা লাভ কৰা কথাই ইয়াক এক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে ‘নেশ্যনেল যোগা স্প’ৰ্টছ ফাউণ্ডেশ্যন’ [এনওৱাইএছএফ]ৰ অধীনত ২৭নৱেম্বৰ ২০২০১ দিনা এক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে স্বীকৃতি প্ৰদান কৰাত সহায় কৰিছে ৷ডিজিটেল মাধ্যমেৰে যোগৰ অনুশীলনৰ প্ৰচাৰ-প্ৰসাৰৰ ব্যৱস্থা কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ে ‘নমস্তে যোগা এপ’ মুকলি কৰে৷
তদুপৰি, শেহতীয়া ভাবে ‘যোগা ব্ৰে’ক এপ্‌’[‘যোগাচাৰ’ত মানসিক চাপ আঁতৰোৱা, উদ্যম ঘূৰাই পোৱা আৰু কামত মনোনিৱেশ কৰাৰ অৱকাশ লাভ কৰাৰ বাবে অতিকে উপযোগী যোগৰ অনুশীলন সন্নৱিষ্ট কৰা হৈছে] শীৰ্ষক এটা ব্যৱস্থাও মুকলি কৰা হৈছে৷মাননীয় প্ৰধানমন্ত্ৰীয়ে ‘আয়ুষ’ৰ প্ৰতি প্ৰদৰ্শন কৰা আস্থাক পুনৰ সাৰোগত কৰি কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে অলপতে ‘ৰাষ্ট্ৰীয় আয়ুষ মিছন’ক কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাৰে পৰিচালিত আঁচনিৰ ৰূপত আৰু পাঁচোটা বছৰৰ বাবে, অৰ্থাত্‌ ২০২৬চন পৰ্যন্ত অব্যাহত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে চ্ছ্ৰ,৬০৭.৩০ কোটি টকাৰ বিত্তীয় পুঁজিৰো অনুমোদন প্ৰদান কৰিছে৷ এই অভিযানৰ জৰিয়তে দেশৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত আয়ুষ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নত কৰি সকলোৰে বাবে সুস্বাস্থ্য আৰু কল্যাণৰ ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here