Home অসম অৰুণোদয় আঁচনিৰ জৰীপ কাৰ্যৰ প্ৰশিক্ষণত মন্ত্ৰী অজন্তা নেওঁগ

অৰুণোদয় আঁচনিৰ জৰীপ কাৰ্যৰ প্ৰশিক্ষণত মন্ত্ৰী অজন্তা নেওঁগ

71
0


পংকজ নাথ, চাংসাৰি, ২ আগষ্ট ঃ আগন্তুক ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ হ’বলগীয়া ‘অৰুণোদয় মাহ’ৰ কামৰূপ জিলাৰ জৰীপকাৰী গোটৰ সদস্য আৰু ছুপাৰভাইজাৰসকলৰ বাবে অনুষ্ঠিত প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে৷ এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতায়ো অংশগ্ৰহণ কৰে৷ এই উপলক্ষে সংহত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত বিত্তমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ জৰীপ কাৰ্য চলোৱাৰ বাবে প্ৰশিক্ষণত ভাগ লোৱা জিলাখনৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উপৰি তেওঁলোক এইক্ষেত্ৰত সৌভাগ্যৱান বুলি উল্লেখ কৰে৷ এই প্ৰসংগত তেওঁ কয় যে দেশৰ ভিতৰতে আটাইতকৈ বহৎ হিতাধিকাৰীলৈ প্ৰত্যক্ষ ধনৰাশি হস্তান্তৰ আঁচনি [ড্ড.B.থ্ব.]ৰ জৰীপ কাৰ্য চলোৱাৰ বাবে সুবিধা পাইছে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈ থাকোঁতে ২০২০ চনত এই আঁচনিখন আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি এই জৰীপ কাৰ্য চলোৱা প্ৰশিক্ষাৰ্থীসকলে এক মহান কাম কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি কৈ ইয়াৰ বাবে তেওঁ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ লগতে ৰাজ্যখনৰ প্ৰায় ২০ লাখ হিতাধিকাৰীক সামৰি লোৱা এই আঁচনিখনৰ তথ্য ডিজিটাইজ কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবে জিলা উপায়ুক্তসকলক ধন্যবাদ জনায়৷ মন্ত্ৰীগৰাকীয়ে জৰীপ কাৰ্য চলোৱাৰ সময়ত জৰীপকাৰীসকলে মানি চলিবলগীয়া কৰ্তব্যৰ ওপৰত আলোকপাত কৰাৰ উপৰি এই তথ্য পূৰণ কৰাৰ সময়ত যথেষ্ট সচেতন হোৱাৰ আহ৩ান জনায়৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই কয় যে ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ এক নিৰপেক্ষ জৰীপ কাৰ্য চলোৱাৰ বাবে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়োজিত কৰিছে৷ মুখ্যমন্ত্ৰীৰ এনেধৰণৰ ইতিবাচক পদক্ষেপক আদৰণি জনাই আগন্তুক দিনত ৰাজ্য চৰকাৰে এই আঁচনিখনৰ অধীনত নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰিব বুলি তেওঁ দোহাৰে৷ তেখেতে প্ৰশিক্ষাৰ্থী সকলক অতি দায়বদ্ধতাৰে এই জৰীপৰ কাম সমধা কৰাৰ বাবে আহ৩ান জনায়৷ জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা এক প্ৰেজেণ্টেশ্বনো প্ৰদান কৰা হয়৷ প্ৰেজেণ্টেশ্বনত জৰীপ কাৰ্য চলোৱাৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া এপ্লিকেশ্বন এপ্‌ তথা মানি চলিবলগীয়া নিয়মাৱলী সম্বন্ধে আলোকপাত কৰা হয়৷ উল্লেখ্য যে কামৰূপ জিলাত ৰ লাখ ৮৪৭গৰাকী আৰুণোদয়ৰ হিতাধিকাৰী আছে৷ জৰীপকাৰী গোটসমূহে অহা ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ ইয়াৰ জৰীপ কাৰ্য চলাব৷ ইয়াৰ বাবে ৮০৪গৰাকী জৰীপকাৰী আৰু ২০৬গৰাকী ছুপাৰভাইজাৰৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰু কাইলৈ অনুষ্ঠিত হৈছে৷ আজিৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত উপায়ুক্তসকল, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি, চক্ৰ বিষয়াসকলৰ লগতে প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ আহ৩ানৰ প্ৰতি সঁহাৰি জনাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা স্ব-ইচ্ছাই নাম কৰ্তন কৰা কুসুম দেৱী আৰু নিৰুজা বিবিক প্ৰশংসাসূচক মানপত্ৰ প্ৰদান কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here