Home স্থানীয় তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত অসম জনসেৱা অধিকাৰ আইন সন্দৰ্ভত প্ৰশিক্ষণ

তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত অসম জনসেৱা অধিকাৰ আইন সন্দৰ্ভত প্ৰশিক্ষণ

22
0

তিনিচুকীয়া, ২৫ নৱেম্বৰ: প্ৰশাসনিক সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্বাৰ্থ জড়িত বিভাগসমূহক অধিক কাৰ্য্যক্ষম আৰু দায়বদ্ধ কৰি তুলিবলৈ ২০২১ চনৰ ২৬ জানুৱাৰীত প্ৰনীত আৰু ২০১৩ চনৰ ১৯ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱা অসম জনসেৱা অধিকাৰ আইন আৰু এই আইনৰ নিয়মাৱলী সন্দৰ্ভত জিলা পৰ্য্যায়ৰ প্ৰশিক্ষণ কাৰ্য্যসূচী আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দিনযোৰা কাৰ্য্যসূচীৰে তিনিটা সত্ৰত অনুষ্ঠিত হয়। আজিৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত তিনিচুকীয়া, শদিয়া, ডুমডুমা তথা মাৰ্ঘেৰিটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকল, গুইজান,হাপজান,ইটাখুলি, কাকপথাৰ, শদিয়া, মাৰ্ঘেৰিটা আৰু চৈখোৱা উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল, স্বাস্থ্য বিভাগ, কৃষি বিভাগ, পশু পালন ও চিকিৎসা বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, শ্ৰম বিভাগ, বন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, শিক্ষা বিভাগ, নগৰ পৰিকল্পনা বিভাগ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ বিষয়া-কৰ্মচাৰীকে আদি কৰি   তিনিচুকীয়া উপায়ুক্তৰ কাৰ্য্যালয়, শদিয়া আৰু মাৰ্ঘেৰিটাৰ  মহকুমাধিপতি কাৰ্য্যালয় তথা তিনিচুকীয়া আৰু মাকুম পৌৰসভাৰ কৰ্মচাৰীসকল  উপস্থিত থাকে।আজিৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত সমল ব্যক্তিৰূপে উপস্থিত থাকে জেষ্ঠ কৃষি উন্নয়ন বিষয়া শ্ৰী ৰজিত দত্ত,  তিনিচুকীয়া বানিজ্য মহাবিদ্যালয়ৰ  সহকাৰী অধ্যাপক ৰিতু সিং আৰু প্ৰবক্তা ত’মজিত ধ’ৰ।উল্লখযোগ্য যে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত ইতিমধ্যেই বিগত ১৫, ১৬ আৰু ২০ নৱেম্বৰ তাৰিখে ৰাজহুৱা স্বাৰ্থ জড়িত বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বাবে অসম জনসেৱা অধিকাৰ আইন সন্দৰ্ভত  এলানি প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হৈছে আৰু পৰৱৰ্তি পৰ্য্যায়ত প্ৰয়োজন সাপেক্ষে এই আইনৰ সম্বন্ধত আৰু অধিক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা লোৱা হব। Attachments area

LEAVE A REPLY

Please enter your comment!
Please enter your name here